October 3, 2026 12:50 PM | Jubin garg justice

printer

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ফাষ্টট্ৰেক আদালতত প্রবাসী অসমীয়াৰ সাক্ষ্য প্রদান অব্যাহত

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত প্রবাসী অসমীয়াৰ সাক্ষ্য প্রদান অব্যাহত আছে। আজি প্রবাসী অসমীয়া ৰূপকমল কলিতাই ফাষ্টট্ৰেক আদালতত উপস্থিত হৈ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত সাক্ষ্য প্ৰদান কৰি আছে। উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত মুঠ ১১ গৰাকী প্ৰবাসী অসমীয়াৰ নাম সাক্ষীৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল। আজি অষ্টমগৰাকী প্রবাসী অসমীয়া ৰূপকমল কলিতাই ফাষ্টট্ৰেক আদালতত উপস্থিত হৈছে। বিয়লি পর্যন্ত তেওঁৰ সাক্ষ্য প্ৰদান আৰু অভিযুক্ত পক্ষৰ অধিবক্তাৰ দ্বাৰা জেৰাৰ সম্ভাৱনা আছে।