October 3, 2026 12:50 PM

views 23

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ফাষ্টট্ৰেক আদালতত প্রবাসী অসমীয়াৰ সাক্ষ্য প্রদান অব্যাহত

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত প্রবাসী অসমীয়াৰ সাক্ষ্য প্রদান অব্যাহত আছে। আজি প্রবাসী অসমীয়া ৰূপকমল কলিতাই ফাষ্টট্ৰেক আদালতত উপস্থিত হৈ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত সাক্ষ্য প্ৰদান কৰি আছে। উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত মুঠ ১১ গৰাকী প্ৰবাসী অসমীয়াৰ নাম সাক্ষীৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল। আজি অষ্টমগৰাকী প্রবাসী অসমীয়া ৰূপকমল কলিতাই ফাষ্টট্ৰেক আদালতত উপস্থিত হৈছে। বিয়লি পর্যন্ত তেওঁৰ সাক্ষ্য প্ৰদান আৰু অভি...

August 12, 2026 6:44 PM

views 16

জুবিন গাৰ্গৰ মৃত্যৰ গোচৰ সংক্ৰান্তত ১১ গৰাকী প্ৰৱাসী অসমীয়াৰ সাক্ষ্য গ্ৰহণ কৰা হব

শিল্পী জুবিন গাৰ্গৰ মৃত্যৰ গোচৰ সংক্ৰান্তত আদালতে ১১ গৰাকী প্ৰৱাসী অসমীয়াৰ সাক্ষ্য গ্ৰহণ কৰিব। এই সন্দৰ্ভত বিশেষ লোক অধিবক্তা জিয়াউল কামাৰে আজি সংবাদ মাধ্যমক এইকথা জনাই কয়, যে এই গোচৰ সন্দৰ্ভত আজিলৈকে ৮৯ জনৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে। তেওঁ লগতে পৰৱৰ্তী পৰ্যায়ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত চাক্ষুস সাক্ষী হিচাপে প্ৰৱাসী অসমীয়াসকলক মতা হ'ব বুলিও জানিবলৈ দিয়ে। ইফালে, আদালতৰ নিৰ্দেশ অমান্য কৰি মহাবীৰ একুৱা খোলা সন্দৰ্ভত দাখিল কৰা আবেদনখন সন্দৰ্ভত অহা ১৮ চেপ্তেম্বৰত ৰায় প্ৰদানৰ বাবে ন্যায়াধীশ শর্মি...

December 16, 2025 6:43 PM

views 59

অহা ২২ ডিচেম্বৰত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ পৰৱৰ্তী শুনানি

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযোগনামা দাখিলৰ পাছত কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত আজি গোচৰটোৰ প্ৰথমটো শুনানি গ্রহণ কৰা হয়। শুনানিৰ সময়ত গোচৰটোৰ ৭ জন অভিযুক্তক কাৰাগাৰৰ পৰা ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়। অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধার্থ শর্মা, সন্দীপন গার্গ, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক বাক্সাৰ নিকাচি কাৰাগাৰৰ পৰা আৰু অমৃতপ্রভা মহন্ত, শেখবজ্যোতি গোস্বামীক হাফলং উপ কাৰাগাৰৰ পৰা শুনানিৰ সময়ত আদালতৰ সৈতে সংযুক্ত কৰা হয়। গোচৰটোৰ শুনানি গ...