শিল্পী জুবিন গাৰ্গৰ মৃত্যৰ গোচৰ সংক্ৰান্তত আদালতে ১১ গৰাকী প্ৰৱাসী অসমীয়াৰ সাক্ষ্য গ্ৰহণ কৰিব। এই সন্দৰ্ভত বিশেষ লোক অধিবক্তা জিয়াউল কামাৰে আজি সংবাদ মাধ্যমক এইকথা জনাই কয়, যে এই গোচৰ সন্দৰ্ভত আজিলৈকে ৮৯ জনৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে। তেওঁ লগতে পৰৱৰ্তী পৰ্যায়ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত চাক্ষুস সাক্ষী হিচাপে প্ৰৱাসী অসমীয়াসকলক মতা হ’ব বুলিও জানিবলৈ দিয়ে। ইফালে, আদালতৰ নিৰ্দেশ অমান্য কৰি মহাবীৰ একুৱা খোলা সন্দৰ্ভত দাখিল কৰা আবেদনখন সন্দৰ্ভত অহা ১৮ চেপ্তেম্বৰত ৰায় প্ৰদানৰ বাবে ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে দিন ধাৰ্য কৰিছে। উল্লেখযোগ্য যে শিল্পী জুবিন গাৰ্গৰ মৃত্যু গোচৰত অভিযুক্ত সিদ্ধার্থ শর্মা মালিকানাধীন এই ব্যৱসায়িক প্রতিষ্ঠানটো যোৱা ২৯ এপ্ৰিলত বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। অসম চৰকাৰে আজি ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত দাখিল কৰা আবেদন সন্দৰ্ভত শুনানি গ্ৰহণ কৰি আদালতে এই নির্দেশ দিয়ে। ৰাজ্য চৰকাৰৰ লোক অধিবক্তা জিয়াউল কামাৰে আজি আদালতক এই প্রতিষ্ঠানটো চলাই থকা বুলি অৱগত কৰে। অৱশ্যে আজিৰ শুনানিত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই চৰকাৰী পক্ষই দাখিল কৰা আবেদনখনৰ বিৰোধিতা কৰে আৰু উত্তৰ দিয়াৰ বাবে সময় বিচাৰে।
আনহাতে, শিল্পীগৰাকীৰ মৃত্যুৰ গোচৰত অভিযুক্ত অমৃতপ্রভা মহন্ত আৰু সন্দিপন গাৰ্গে দাখিল কৰা জামিন আবেদন সন্দৰ্ভত কাইলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে শুনানি গ্রহণ কৰিব। একেদৰে অভিযুক্ত শ্যামকাণু মহন্তৰ এখন আবেদন সন্দৰ্ভতো আদালতত শুনানি অনুষ্ঠিত হ’ব।