August 19, 2024 9:15 PM

views 70

গুৱাহাটীৰ জালুকবাৰী আৰক্ষীৰ অভিযানত কেন্দ্রীয় অনুসন্ধান সংস্থাৰ বিষয়া বুলি ভুৱা পৰিচয় দিয়া এজন লোকক গ্ৰেপ্তাৰ

গুৱাহাটী মহানগৰীৰৰ জালুকবাৰী আৰক্ষীয়ে অভিযান চলাই কেন্দ্রীয় অনুসন্ধান সংস্থাৰ বিষয়া বুলি ভুৱা পৰিচয় দিয়া এজন লোকক গ্ৰেপ্তাৰ কৰিছে। ধৃত লোকজনক দৰং জিলাৰ ফইজুল হাজৰিকা বুলি চিনাক্ত কৰা হৈছে। গ্ৰেপ্তাৰৰ পিছতে আৰক্ষীয়ে ফইজুলৰ ছয়মাইলৰ বাসগৃহত তালাচী চলাই এযোৰ আৰক্ষীৰ পোছাক, পৰিচয় পত্ৰ, বেজ আৰু এটা পুতলা পিষ্টল জব্দ কৰে। উল্লেখ্যযোগ্য যে, চি বি আই বিষয়া ডেনিছ হাজৰিকা বুলি ভুৱা পৰিচয় দি ফয়াজুলে বহু লোকক ধন দাবী কৰাৰ লগতে চাকৰিৰ প্রলোভন দি অহাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ডিব...

August 18, 2024 7:35 PM

views 59

আইন-শৃংখলা পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে ডিব্ৰুগড় উপস্থিত আৰক্ষীৰ বিশেষ শাখাৰ সঞ্চালকপ্ৰধান হৰমিত সিঙ

অসম আৰক্ষীৰ বিশেষ শাখাৰ আৰক্ষী সঞ্চালকপ্ৰধান হৰমিত সিঙে আইন-শৃংখলা পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে আজি ডিব্ৰুগড় জিলাত উপস্থিত হয়। আৰক্ষী বিষয়াগৰাকীয়ে শীৰ্ষ আৰক্ষী বিষয়াসকলৰ সৈতে উজনি অসমত ৫ খন জিলাৰ আইন-শৃংখলা পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে। শ্ৰী সিঙে কালি শিৱসাগৰত এই সন্দৰ্ভত পৰ্যালোচনা কৰাৰ পাছত পূব অসমৰ বিভিন্ন প্ৰান্তত উদ্ধাৰ হোৱা বোমা সদৃশ সামগ্ৰী উদ্ধাৰৰ ঘটনা সন্দৰ্ভতো লেপেটকটাৰ বি পি চি এলৰ প্ৰশাসনিক ভৱনত অনুষ্ঠিত আজিৰ পৰ্যালোচনা বৈঠকত আলোচনা কৰে। সভাত সিঙৰ লগতে আই জি পি পার্থসাৰথি মহন...

August 15, 2024 8:31 PM

views 71

ৰাজ্যৰ  কেইবাটাও স্থানত আৰক্ষীৰ বোমা সদৃশ সামগ্রী উদ্ধাৰ

এটা নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠনে আজি গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ কেইবাটাও স্থানত বোমা সংস্থাপন কৰা বুলি দাবী কৰাক লৈ ৰাজ্যখনত আৰক্ষীয়ে তালাচী অভিযান তীব্ৰ কৰি তোলে। ইয়াৰ পাছতে বিভিন্ন স্থানত কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হয়। আৰক্ষীয়ে চলোৱা অভিযানত গুৱাহাটীৰ দুটা স্থানৰ লগতে ৰাজ্যৰ অন্য কেইবাটাও স্থানতো বোমা সদৃশ সামগ্ৰী উদ্ধাৰ কৰা হয়। শিৱসাগৰ জিলাতো দুটা স্থানত বোমা বুলি সন্দেহ কৰা সামগ্ৰী উদ্ধাৰ হৈছে। আৰক্ষীয়ে বোমা বিশেষজ্ঞৰ পৰ্যবেক্ষণৰ পাছতহে এইক্ষেত্ৰত নিশ্চিত হ'ব বুলি জানিবলৈ দিছ...

August 12, 2024 8:04 PM

views 54

পেৰিছ অলিম্পিকৰ পৰা উভতি অহা লাভলীনা বৰগোহাঁইক অসম আৰক্ষীৰ আদৰণি

সদ্য সমাপ্ত পেৰিছ অলিম্পিকত প্রতিদ্বন্দ্বিতা কৰি উভতি অহা অসমৰ বক্সাৰ লাভলীনা বৰগোহাঁইক আজি অসম আৰক্ষীয়ে আদৰণি জনায়। আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে এই বিষয়ে প্রকাশ কৰি ভৱিষ্যতে খেলুৱৈগৰাকীৰ সাফল্য কামনা কৰে। উল্লেখযোগ্য যে, টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰা লাভলীনা এইবাৰৰ পেৰিছ অলিম্পিকৰ মহিলাৰ বক্সিঙৰ ৭৫ কিলোগ্রাম ওজন শাখাত চীনৰ প্ৰতিদ্বন্দ্বী লী কিয়ানৰ হাতত কোৱাৰ্টাৰ ফাইনেলত পৰাজিত হৈছিল।

July 21, 2024 7:04 PM

views 70

ৰাজ্যৰ বিভিন্ন ঠাইত আৱকাৰী আৰু আৰক্ষী বিভাগৰ অবৈধ সুৰা জব্দ

ৰাজ্যৰ বিভিন্ন ঠাইত আৱকাৰী আৰু আৰক্ষী বিভাগে অবৈধ সুৰা জব্দ কৰাৰ লগতে বিনষ্ট কৰে। বাক্সা জিলাৰ অন্তৰ্গত শিমলা আৰক্ষী থানাই জব্দ কৰা বৃহৎ পৰিমাণৰ অবৈধ সুৰা হোজোৱাৰ পতানৈৰ পাৰত ৰাইজ আৰু বিভিন্ন দল সংগঠনৰ উপস্থিতিত নষ্ট কৰা হয়। উল্লেখযোগ্য যে চলিত বৰ্ষত শিমলা আৰক্ষী থানাই জিলাখনৰ বিভিন্ন স্থানৰ পৰা আঢ়ৈ লাখতকৈ অধিক টকাৰ সুৰা জব্দ কৰিছিল। একেদৰে ওদালগুৰিতো আৱকাৰী অধীক্ষকৰ তত্বাৱধানত প্ৰায় ৩ কোটি মূল্যৰ অবৈধ সুৰা পৌৰসভাৰ দাম্পিং গ্রাউণ্ডত নষ্ট কৰা হয়। অবৈধ সুৰাৰ এই জব্দ আৰু নষ্ট প্ৰক্ৰিয়া সন্দৰ্ভ...

July 13, 2024 12:47 PM

views 62

অসম আৰক্ষীৰ নিযুক্তি প্রক্রিয়া ৩ অক্টোবৰৰ পৰা আৰম্ভ হ’বঃ মুখ্যমন্ত্ৰী

● মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই অসম আৰক্ষীৰ নিযুক্তি প্রক্রিয়া ৩ অক্টোবৰৰ পৰা আৰম্ভ হ'ব বুলি ঘোষণা কৰিছে। সামাজিক মাধ্যমযোগে দিয়া বাৰ্তাত তেওঁ কয় যে, আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াক লৈ দীৰ্ঘদিনৰ পৰা যুৱক- যুৱতীসকলৰ মাজত উৎকণ্ঠাই বিৰাজ কৰি আছিল। সেয়ে অসম আৰক্ষীয়ে এই নিযুক্তি প্রক্রিয়া ৩ অক্টোবৰৰ পৰা আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সমান্তৰালকৈ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰতো চৰকাৰে শীঘ্ৰেই সিদ্ধান্ত গ্রহণ কৰিব বুলি তেওঁ বার্তাটোত উল্লেখ কৰে। ইফালে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ বাবেও...

June 27, 2024 7:54 PM

views 71

ডিগবৈত আৰক্ষীৰ অভিযানত বুজন পৰিমানৰ মাদক দ্রব্য জব্দ

তিনিচুকীয়া জিলাৰ ডিগবৈত আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমানৰ মাদক দ্রব্য জব্দ কৰে। ৩ নম্বৰ গোলাইৰ বিমান তালুকদাৰৰ ঘৰত অভিযান চলাই বুজন পৰিমানৰ মাদক দ্রব্যসহ এখন গাড়ী, তিনিটা মোবাইল ফোন, দুখন পাছবুক আৰু প্ৰায় ১৭ হাজাৰ নগদ ধন জব্দ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে বিমান তালুকদাৰৰ লগতে তেওঁৰ পত্নীক আটক কৰে। উল্লেখযোগ্য যে তালুকদাৰে একেধৰণৰ গোচৰত পূৰ্বেও কাৰাবাস খাটিবলগীয়া হৈছিল। জব্দ কৰা নিষিদ্ধ সামগ্ৰী তেওঁ ডিমাপুৰৰ পৰা অনা বুলি স্বীকাৰ কৰাৰ কথা আৰক্ষীয়ে প্ৰকাশ কৰিছে।

June 27, 2024 7:48 PM

views 72

যোৰহাট জিলাখনৰ অপৰাধৰ তথ্য পৰ্যালোচনা আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্রৰ

যোৰহাট জিলাৰ আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্রই আজি জিলাখনৰ অপৰাধৰ তথ্য পৰ্যালোচনা কৰে। জিলাখনত আজি অনুষ্ঠিত অপৰাধ পর্যালোচনা বৈঠকত শান্তি শৃংখলা অটুট ৰাখিবলৈ ল'বলগীয়া ব্যৱস্থা সন্দৰ্ভত আলোচনা কৰা হয়। বৈঠকত বিগত মাহত ভাল ফল দেখুৱাবলৈ সক্ষম হোৱা আৰক্ষী কৰ্মীক সম্বৰ্ধনা জনোৱা হয়।

June 18, 2024 8:19 PM

views 65

শিলাদিত্য চেতিয়াৰ আত্মহননৰ ঘটনাত অসম আৰক্ষীৰ গভীৰ শোক প্ৰকাশ

ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব তথা ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া শিলাদিত্য চেতিয়াৰ আত্মহননৰ ঘটনাত অসম আৰক্ষীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। আৰক্ষী সঞ্চালক প্রধান জি পি সিঙে এই বিষয়ে প্ৰকাশ কৰি কয় যে, দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা চেতিয়াৰ পত্নীৰ বিয়োগৰ পাছতেই তেওঁ এই ঘটনা সংঘটিত কৰে। এই ঘটনা অসম আৰক্ষী শোকস্তব্ধ হৈ পৰিছে বুলি শ্ৰী সিঙে মন্তব্য কৰে। উল্লেখযোগ্য যে ২০০৯ চনত ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া চেতিয়াই বিভিন্ন জিলাত দক্ষতাৰে কাৰ্যনিৰ্বাহ কৰিছিল৷

June 14, 2024 12:37 PM

views 48

চাইবাৰ অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত লাভ কৰা সফলতাৰ বাবে আৰক্ষীক মুখ্যমন্ত্ৰীৰ অভিনন্দন

অসম আৰক্ষীয়ে চাইবাৰ অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত গ্ৰহণ কৰা কঠোৰ ব্যৱস্থাৰ ফলত বিগত চাৰি মাহত ৭৮ লাখতকৈও অধিক ধন অপৰাধীৰ হাতৰ পৰা ওভতাই আনিবলৈ সমৰ্থ হৈছে। মুখ্যমন্ত্ৰী ডº হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যম যোগে এই বিষয়ে প্রকাশ কৰি এই সফলতাৰ বাবে আৰক্ষীক অভিনন্দন জ্ঞাপন কৰে। শেহতীয়াকৈ আৰক্ষীয়ে দুমাহৰ ভিতৰতে চাইবাৰ প্ৰবঞ্চনাৰ গোচৰ নিস্পত্তি কৰি মহানগৰীৰ এগৰাকী জ্যেষ্ঠ নাগৰিকৰ ১০ লাখ ৫০ হাজৰৰো অধিক ধন প্রবঞ্চকৰ হাতৰ পৰা ঘূৰাই আনিবলৈ সমৰ্থ হৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ লগতে ১৯৩০ ড...