September 23, 2024 12:10 PM

views 57

শিৱসাগৰৰ ষ্টেচন চাৰিআলিত আৰক্ষীৰ অভিযানত ১৪টা ড্ৰাগছভর্তি কণ্টেইনাসহ ২ মাদক দ্রব্য সৰবৰাহকাৰীক আটক

শিৱসাগৰ জিলা আৰক্ষীয়ে যোৱা নিশা শিৱসাগৰ নগৰৰ ষ্টেচন চাৰিআলিত অভিযান চলাই ১৪টা ড্ৰাগছভর্তি কণ্টেইনাসহ দুটা মাদকদ্রব্য সৰবৰাহকাৰীক আটক কৰে। আৰক্ষীয়ে সৰবৰাহকাৰীকেইটাৰ পৰা নগদ ধন আৰু মোবাইল ফোনৰ এখন মটৰচাইকেল জব্দ কৰে।

September 22, 2024 7:50 PM

views 48

স্বাধীনতা দিৱসৰ সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত সন্দেহযুক্ত বোমা সদৃশ সামগ্রী সংস্থাপনৰ ঘটনাৰ সন্দৰ্ভত ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই ১৫ জন লোকক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত সন্দেহযুক্ত বোমা সদৃশ সামগ্রী সংস্থাপনৰ ঘটনাৰ তদন্তৰ অংশ হিচাপে অসম আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই ১৫ জন লোকক গ্ৰেপ্তাৰ কৰে। উল্লেখযোগ্য যে গ্ৰেপ্তাৰ কৰা লোকসকলৰ ভিতৰত তিনিগৰাকী মহিলা। ডিব্ৰুগড় আৰু লখিমপুৰৰ পৰা তিনিজনকৈ লোকক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে যোৰহাট আৰু গুৱাহাটীৰ পৰা দুজনকৈ লোকক গ্ৰেপ্তাৰ কৰা হয়। ইফালে, তিনিচুকীয়া, শদিয়া, নগাঁও, নলবাৰী, তামুলপুৰৰ পৰা এজনকৈ লোকক গ্ৰেপ্তাৰ কৰা হয়। অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ে ৰাষ্ট্ৰীয় তদন্তকাৰী...

September 16, 2024 7:37 PM

views 62

কৰিমগঞ্জ আৰক্ষীৰ অভিযানত এখন বাহনৰ পৰা নিচাযুক্ত টেবলেট জব্দৰ লগতে বুজন পৰিমাণৰ অন্য নিচাযুক্ত সামগ্ৰী জব্দ

কৰিমগঞ্জ আৰক্ষীয়ে আজি পেটেল নগৰ অঞ্চলত অভিযান চলাই চুবুৰীয়া ৰাজ্যৰ পৰা অহা এখন বাহনত ভালেসংখ্যক নিচাযুক্ত টেবলেট জব্দ কৰাৰ লগতে বুজন পৰিমাণৰ অন্য নিচাযুক্ত সামগ্ৰী জব্দ কৰে। আৰক্ষীয়ে এই সংক্ৰান্তত তিনিজন লোকক আটক কৰিছে। অভিযানকালত আৰক্ষীয়ে প্ৰায় এক লাখ ২০ হাজাৰ নিচাযুক্ত টেবলেট আৰু ৫৩৭ গ্রাম হেৰ'ইন জব্দ কৰা বুলি জানিব পৰা গৈছে।

September 16, 2024 7:18 PM

views 90

ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী মির্জুমলাত আৰক্ষীৰ তালাচীৰ তিনি গৰাকী মহিলাসহ পাঁচজন বাংলাদেশী নাগৰিকক আটক

দক্ষিণ শালমাৰা, মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী মির্জুমলাত আৰক্ষীয়ে চলোৱা তালাচীৰ সময়ত তিনি গৰাকী মহিলাসহ পাঁচজন বাংলাদেশী নাগৰিকক আটক কৰা হয়। মানকাচৰ আৰক্ষীয়ে যোৱা নিশা মানকাচৰত প্ৰৱেশ কৰাৰ সময়ত এখন বাহন ৰখাই সোধাপোছা কৰাৰ সময়তে বাংলাদেশী লোককেইজন ধৰা পৰে। এই লোক কেইজনে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ গালু আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে ভাৰতত প্ৰৱেশ কৰিছিল বুলি লোক কেইজনে আৰক্ষীৰ ওচৰত স্বীকাৰ কৰে। সম্প্ৰতি দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ আৰক্ষী অধীক্ষকে মানকাচৰ থানাত লোক কেইজনৰ জেৰা অব্যাহত ৰাখ...

September 12, 2024 1:28 PM

views 60

জুৰীয়াৰ দগাঁও আৰক্ষীৰ নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযানত ৪ টা সৰবৰাহকাৰীক আটক

জুৰীয়াৰ দগাঁও আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই চাৰিটাকৈ সৰবৰাহকাৰীক আটক কৰিবলৈ সমৰ্থ হৈছে। আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি জুৰীয়াৰ কাঙ্গুলীমাৰী কটকী গাঁও আৰু পশ্চিম মুকুন্দআটি গাঁৱত অভিযান চলাই এই সৰবৰাহকাৰীকেইটাক গ্ৰেপ্তাৰ কৰে। ধৃত সৰবৰাহকাৰীকেইটা ছাদ্দাম হুছেইন, আনারুল ইছলাম, আবুল হুছেইন আৰু বুলবুল হুছেইন বুলি চিনাক্ত কৰা হৈছে। অভিযানৰ সময়ত ৫.২৫ গ্রাম ড্ৰাগছ জব্দ কৰা হয়। আৰক্ষীয়ে আটক কৰা সৰবৰাহকাৰীকেইটাক জেৰা কৰি আছে।

September 7, 2024 7:29 PM

views 51

অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ লেন্সনায়ক সৰোজ ডেকাক নীতি বহির্ভূত ধন জমা আঁচনিৰ কাম-কাজত সক্রিয়ভাৱে জড়িতৰ অভিযোগত চাকৰিৰ পৰা বৰ্খাস্ত

অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ লেন্সনায়ক সৰোজ ডেকাক নীতি বহির্ভূত ধন জমা আঁচনিৰ কাম-কাজত সক্রিয়ভাৱে জড়িত থকাৰ অভিযোগত চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। ভাৰতীয় সংবিধানৰ ৩১১ নম্বৰ অনুচ্ছেদ আৰু ১০ নম্বৰ নিয়মৰ অসম সেৱা অনুশাসন আৰু আপীল নীতি, ১৯৬৪-ৰ অধীনত তেওঁক বৰ্খাস্ত কৰা হৈছে। ইপিনে, গোলাঘাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তথা আৰক্ষী পৰিদৰ্শক জিতুমণি ডেকাক নীতি বহির্ভূত ধন জমা আঁচনিৰ কাম-কাজত জড়িত লোকৰ সৈতে অপ্রয়োজনীয়ভাৱে ঘনিষ্ঠতা ৰক্ষা কৰাৰ অভিযোগত চাকৰিৰ পৰা তাৎক্ষণিকভাৱে নিলম্বন কৰা হৈছে। অসম আৰ...

September 7, 2024 6:17 PM

views 62

আইন-শৃংখলা পৰিস্থিতি উন্নতৰ দিশত আৰক্ষী আৰু জনসাধাৰণৰ মাজত পাৰস্পৰিক সহযোগিতাৰে থানা পৰ্যায়ৰ নাগৰিক সমিতিসমূহ গঠন কৰা হৈছেঃ মুখ্যমন্ত্ৰী

ৰাজ্যত আইন-শৃংখলা পৰিস্থিতি উন্নত কৰাৰ দিশত আৰক্ষী আৰু জনসাধাৰণৰ মাজত পাৰস্পৰিক সহযোগিতাৰে থানা পৰ্যায়ৰ নাগৰিক সমিতিসমূহ গঠন কৰা হৈছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি প্ৰকাশ কৰে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এই নাগৰিক সমিতিসমূহৰ সন্মিলনত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ৰাজ্যৰ আৰক্ষী আৰু জনসাধাৰণৰ মাজত সহযোগিতাৰ সেতুবন্ধনৰ বাবে থানা পৰ্যায়ৰ নাগৰিক সমিতি গঠন কৰাটো চৰকাৰৰ এটা দীৰ্ঘদিনীয়া সপোন আছিল। https://x.com/himantabiswa/status/1832368415253635514 ইয়াৰ জৰিয়ত...

September 6, 2024 9:08 PM

views 65

বাক্সা জিলাৰ শালবাৰী মহকুমা আৰক্ষীৰ অভিযানত প্ৰায় ১১ হাজাৰ কিলোগ্রাম ভাং জব্দ

বাক্সা জিলাৰ শালবাৰী মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত আৰু শিমলাগুৰি আৰক্ষী চকীৰ সহযোগত কালি নিশা বাক্সাৰ বেলগুৰিত চলোৱা এটা অভিযানত প্ৰায় ১১ হাজাৰ কিলোগ্রাম ভাং জব্দ কৰা হয়। গোবৰ্ধনাৰ গামাৰীগুৰিৰ বাসিন্দা মুকুন্দ নাথ আৰু বেলগুৰিৰ সন্তোষ কুমাৰ বৰ্মন নামৰ দুজন ব্যৱসায়িক আৰক্ষীয়ে আটক কৰে। ধৃত সন্তোষ কুমাৰ বৰ্মনৰ ঘৰত তালাচী চলাই আৰক্ষীয়ে আৰু এক কিলোগ্ৰাম ভাং জব্দ কৰে। সোধ পোচৰ বাবে আৰক্ষীয়ে দুয়োজন অভিযুক্তকে নিজৰ জিম্মাত ৰাখিছে।

September 1, 2024 12:23 PM

views 59

ৰাজ্যৰ চিকিৎসক আৰু স্বাস্থ্যকর্মীসকলৰ নিৰাপত্তা তথা সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে দিছপুৰত আৰক্ষী সঞ্চালকপ্ৰধানৰ উপস্থিতিত মুখ্য সচিবৰ পর্যালোচনা বৈঠক

ৰাজ্যৰ চিকিৎসক আৰু স্বাস্থ্যকর্মীসকলৰ নিৰাপত্তা তথা সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে কালি দিছপুৰত ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধানৰ উপস্থিতিত মুখ্য সচিবে এখন বিশেষ পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। মুখ্য সচিব ৰবি কোটা, আৰক্ষী সঞ্চালকপ্রধান জ্ঞানেন্দ্ৰ প্রতাপ সিং, বিশেষ আৰক্ষী সঞ্চালকপ্রধান হৰমিত সিঙৰ লগতে আন কেইবাগৰাকীও শীৰ্ষ আৰক্ষী আৰু প্ৰশাসনীয় বিষয়াই এই বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকৰ শেষত প্ৰতিখন জিলাৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকললৈ চিকিৎসক আৰু স্বাস্থ্যকর্মীৰ নিৰাপত্তা তথা সুৰক্ষাৰ বাবে গ্ৰহণ কৰিবলগীয়া ...

August 21, 2024 12:27 PM

views 73

বোমা উদ্ধাৰৰ ঘটনাৰ তদন্ত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থালৈ হস্তান্তৰ কৰাৰ কথা ঘোষণা জি পি সিঙৰ

■ অসম আৰক্ষীৰ সঞ্চালকপ্রধান জি পি সিঙে গুৱাহাটী আৰু লখিমপুৰত বোমা উদ্ধাৰৰ ঘটনাৰ তদন্ত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা, এন আই এলৈ হস্তান্তৰ কৰাৰ কথা ঘোষণা কৰিছে। কালি কাহিলিপাৰাত আৰক্ষীৰ প্রশিক্ষণ সমাপ্তিৰ কুচকাৱাজত অংশ লোৱাৰ পাছত সংবাদ মাধ্যমৰ আগত শ্রীসিঙে এই বিষয়ে প্ৰকাশ কৰে । তেওঁ কয় যে, বোমা উদ্ধাৰৰ ঘটনা সন্দৰ্ভত মুঠ ১০টা গোচৰ ৰুজু কৰা হৈছে। ইয়াৰে গুৱাহাটী আৰু লখিমপুৰত বোমা উদ্ধাৰৰ ঘটনাৰ তদন্ত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থালৈ হস্তান্তৰৰ বাবে অসম চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে। সঞ্চালকপ্ৰধান...