বাক্সা জিলাৰ শালবাৰী মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত আৰু শিমলাগুৰি আৰক্ষী চকীৰ সহযোগত কালি নিশা বাক্সাৰ বেলগুৰিত চলোৱা এটা অভিযানত প্ৰায় ১১ হাজাৰ কিলোগ্রাম ভাং জব্দ কৰা হয়। গোবৰ্ধনাৰ গামাৰীগুৰিৰ বাসিন্দা মুকুন্দ নাথ আৰু বেলগুৰিৰ সন্তোষ কুমাৰ বৰ্মন নামৰ দুজন ব্যৱসায়িক আৰক্ষীয়ে আটক কৰে। ধৃত সন্তোষ কুমাৰ বৰ্মনৰ ঘৰত তালাচী চলাই আৰক্ষীয়ে আৰু এক কিলোগ্ৰাম ভাং জব্দ কৰে। সোধ পোচৰ বাবে আৰক্ষীয়ে দুয়োজন অভিযুক্তকে নিজৰ জিম্মাত ৰাখিছে।
Assamese | September 6, 2024 9:08 PM | Assam Police | Baksa
বাক্সা জিলাৰ শালবাৰী মহকুমা আৰক্ষীৰ অভিযানত প্ৰায় ১১ হাজাৰ কিলোগ্রাম ভাং জব্দ