সদ্য সমাপ্ত পেৰিছ অলিম্পিকত প্রতিদ্বন্দ্বিতা কৰি উভতি অহা অসমৰ বক্সাৰ লাভলীনা বৰগোহাঁইক আজি অসম আৰক্ষীয়ে আদৰণি জনায়। আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে এই বিষয়ে প্রকাশ কৰি ভৱিষ্যতে খেলুৱৈগৰাকীৰ সাফল্য কামনা কৰে। উল্লেখযোগ্য যে, টকিঅ‘ অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰা লাভলীনা এইবাৰৰ পেৰিছ অলিম্পিকৰ মহিলাৰ বক্সিঙৰ ৭৫ কিলোগ্রাম ওজন শাখাত চীনৰ প্ৰতিদ্বন্দ্বী লী কিয়ানৰ হাতত কোৱাৰ্টাৰ ফাইনেলত পৰাজিত হৈছিল।
Assamese | August 12, 2024 8:04 PM | Assam Police
পেৰিছ অলিম্পিকৰ পৰা উভতি অহা লাভলীনা বৰগোহাঁইক অসম আৰক্ষীৰ আদৰণি