গুৱাহাটী মহানগৰীৰৰ জালুকবাৰী আৰক্ষীয়ে অভিযান চলাই কেন্দ্রীয় অনুসন্ধান সংস্থাৰ বিষয়া বুলি ভুৱা পৰিচয় দিয়া এজন লোকক গ্ৰেপ্তাৰ কৰিছে। ধৃত লোকজনক দৰং জিলাৰ ফইজুল হাজৰিকা বুলি চিনাক্ত কৰা হৈছে। গ্ৰেপ্তাৰৰ পিছতে আৰক্ষীয়ে ফইজুলৰ ছয়মাইলৰ বাসগৃহত তালাচী চলাই এযোৰ আৰক্ষীৰ পোছাক, পৰিচয় পত্ৰ, বেজ আৰু এটা পুতলা পিষ্টল জব্দ কৰে। উল্লেখ্যযোগ্য যে, চি বি আই বিষয়া ডেনিছ হাজৰিকা বুলি ভুৱা পৰিচয় দি ফয়াজুলে বহু লোকক ধন দাবী কৰাৰ লগতে চাকৰিৰ প্রলোভন দি অহাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ডিব্ৰুগড়ৰ গৌতম শইকীয়া নামৰ আন এজন যুৱককো আটক কৰে।
Assamese | August 19, 2024 9:15 PM | Akashvani News | Assam Police | Guwahati Police | Jalukbari
গুৱাহাটীৰ জালুকবাৰী আৰক্ষীৰ অভিযানত কেন্দ্রীয় অনুসন্ধান সংস্থাৰ বিষয়া বুলি ভুৱা পৰিচয় দিয়া এজন লোকক গ্ৰেপ্তাৰ