May 27, 2025 8:03 PM

views 75

প্ৰায় ১০ কোটি টকা মূল্যৰ কেইবা কুইণ্টল চুৰি ধাতবীয় সামগ্ৰী উদ্ধাৰ মহানগৰ আৰক্ষীৰ

গুৱাহাটীৰ চানমাৰী আৰক্ষীয়ে মহানগৰীখনৰ বিভিন্ন ডেম্পৰ পৰা যোৱা কেইদিনত প্ৰায় ১০ কোটি টকা মূল্যৰ কেইবা কুইণ্টল চুৰি ধাতবীয় সামগ্ৰী উদ্ধাৰ কৰিছে। উদ্ধাৰ কৰা সামগ্ৰীসমূহৰ ভিতৰত মটৰ গাড়ীৰ অংশ থকা ৫০ কেজি ওজনৰ এশটা বেগ, কাহ পিতলৰ সামগ্ৰীৰ ২ হেজাৰ কেজি ওজনৰ বস্তা, পূজা সামগ্ৰী, তামৰ তাঁৰ, লোহা আৰু এলুমিনিয়ামৰ নিৰ্মাণ সামগ্ৰী আদিও আছে। চানমাৰীৰ উপ আৰক্ষী আয়ুক্তগৰাকীয়ে জনোৱা মতে, বিকাশ জৈন নামৰ এজন লোকৰ এজাহাৰৰ ভিত্তিত আৰক্ষীৰ দলে আজি গীতানগৰৰ এটা ডেম্পত তালাচী চলাই নুৰ আলম নামৰ ডেম্পৰ গৰাকীজনক চু...

March 20, 2025 8:26 PM

views 63

অনলাইন গেমৰ জৰিয়তে অবৈধভাৱে ধন হৰলুকি কৰা ৩ জন লোকক গ্ৰেপ্তাৰ গুৱাহাটী আৰক্ষীৰ

গুৱাহাটীৰ চানমাৰি আৰক্ষীয়ে অনলাইন গেমৰ জৰিয়তে অবৈধভাৱে ধন হৰলুকি কৰা এটা দুষ্টচক্ৰৰ তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে। গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে প্ৰথমে গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা পথৰ পৰা ইনজামুল হক নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰে। তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিক আৰক্ষীয়ে গড়চুকৰ এখন হোটেলত আশ্ৰয় লৈ থকা ছত্তিশগড়ৰ ছালু ৰত্ন প্ৰকাশ আৰু মুৰলীধৰ সুমিথ পিল্লাই নামৰ আন দুজন প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ দলটোৱে ধৃত লোককেইজনৰ পৰা সাতখন ডেবিট কার্ড, দুখন চেক বুক আৰু কেইবাখনো ছিম কার্ডকে ধৰি ভালেসংখ্যক আপত্...

January 31, 2025 8:19 PM

views 54

ছাইবাৰ অপৰাধৰ গোচৰত চাৰিজন অভিযুক্তক গ্ৰেপ্তাৰ মহানগৰ আৰক্ষী অপৰাধ শাখাৰ

গুৱাহাটী মহানগৰ আৰক্ষীৰ অপৰাধ শাখাৰ ছাইবাৰ গোটে আজি ছাইবাৰ অপৰাধৰ গোচৰত চাৰিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে। দিল্লীৰ ছাইবাৰ চেলৰ তথ্যৰ আধাৰত সহকাৰী আৰক্ষী আয়ুক্ত দীপক দাসৰ নেতৃত্বত অভিযান চলাই জোন ৰহমান, জ্যোতি দাস, আমীৰ আলী আৰু ৰোহিত বৰ্মনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি দিল্লীৰ ছাইবাৰ অপৰাধী চক্ৰক ধনৰ লেনদেনৰ বাবে এই চাৰিজন অভিযুক্তই তথ্যৰ যোগান ধৰিছিল। ইপিনে দিছপুৰ আৰক্ষীৰ সহযোগত আজি কৰ্ণাটক আৰক্ষীয়ে গুৱাহাটীত অভিযান চলাই চাইবাৰ অপৰাধৰ সৈতে জড়িত থকাৰ অভিযোগত ৰাহুল ৰয় ...

August 19, 2024 9:15 PM

views 64

গুৱাহাটীৰ জালুকবাৰী আৰক্ষীৰ অভিযানত কেন্দ্রীয় অনুসন্ধান সংস্থাৰ বিষয়া বুলি ভুৱা পৰিচয় দিয়া এজন লোকক গ্ৰেপ্তাৰ

গুৱাহাটী মহানগৰীৰৰ জালুকবাৰী আৰক্ষীয়ে অভিযান চলাই কেন্দ্রীয় অনুসন্ধান সংস্থাৰ বিষয়া বুলি ভুৱা পৰিচয় দিয়া এজন লোকক গ্ৰেপ্তাৰ কৰিছে। ধৃত লোকজনক দৰং জিলাৰ ফইজুল হাজৰিকা বুলি চিনাক্ত কৰা হৈছে। গ্ৰেপ্তাৰৰ পিছতে আৰক্ষীয়ে ফইজুলৰ ছয়মাইলৰ বাসগৃহত তালাচী চলাই এযোৰ আৰক্ষীৰ পোছাক, পৰিচয় পত্ৰ, বেজ আৰু এটা পুতলা পিষ্টল জব্দ কৰে। উল্লেখ্যযোগ্য যে, চি বি আই বিষয়া ডেনিছ হাজৰিকা বুলি ভুৱা পৰিচয় দি ফয়াজুলে বহু লোকক ধন দাবী কৰাৰ লগতে চাকৰিৰ প্রলোভন দি অহাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ডিব...