গুৱাহাটীৰ চানমাৰী আৰক্ষীয়ে মহানগৰীখনৰ বিভিন্ন ডেম্পৰ পৰা যোৱা কেইদিনত প্ৰায় ১০ কোটি টকা মূল্যৰ কেইবা কুইণ্টল চুৰি ধাতবীয় সামগ্ৰী উদ্ধাৰ কৰিছে। উদ্ধাৰ কৰা সামগ্ৰীসমূহৰ ভিতৰত মটৰ গাড়ীৰ অংশ থকা ৫০ কেজি ওজনৰ এশটা বেগ, কাহ পিতলৰ সামগ্ৰীৰ ২ হেজাৰ কেজি ওজনৰ বস্তা, পূজা সামগ্ৰী, তামৰ তাঁৰ, লোহা আৰু এলুমিনিয়ামৰ নিৰ্মাণ সামগ্ৰী আদিও আছে। চানমাৰীৰ উপ আৰক্ষী আয়ুক্তগৰাকীয়ে জনোৱা মতে, বিকাশ জৈন নামৰ এজন লোকৰ এজাহাৰৰ ভিত্তিত আৰক্ষীৰ দলে আজি গীতানগৰৰ এটা ডেম্পত তালাচী চলাই নুৰ আলম নামৰ ডেম্পৰ গৰাকীজনক চুৰি সামগ্রীসহ গ্ৰেপ্তাৰ কৰে। তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে বিনোদ ৰায় নামৰ আন এজন বৃহৎ ডেম্পৰ গৰাকীক মালিগাওঁৰ পৰা আটক কৰে। আৰক্ষীৰ সূত্ৰই জনোৱা মতে চুৰি সামগ্ৰীসমূহ প্ৰথমে সৰু ডেম্পত বিক্ৰী কৰা হয় আৰু পাছত মহানগৰীৰ বৃহৎ ডেম্পে এই সামগ্রীসমূহ গলাই বিভিন্ন আকৃতিত দিল্লী আৰু ৰাজ্যৰ বাহিৰৰ আন উদ্যোগলৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে এই চুৰি সামগ্ৰীৰ সৰবৰাহৰ চক্ৰটোৰ বিৰুদ্ধে তীব্ৰ অভিযান আৰম্ভ কৰিছে বুলি আমাৰ সংবাদদাতাই জনাইছে।
Assamese | May 27, 2025 8:03 PM | Guwahati Police
প্ৰায় ১০ কোটি টকা মূল্যৰ কেইবা কুইণ্টল চুৰি ধাতবীয় সামগ্ৰী উদ্ধাৰ মহানগৰ আৰক্ষীৰ