January 3, 2025 8:09 PM

views 82

অসম আৰক্ষীৰ ২০২ টা উপ-পৰিদৰ্শক পদ আৰু অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ এটা সহকাৰী উপ-নিয়ন্ত্ৰক পদৰ বাবে দেওবাৰে লিখিত পৰীক্ষা

  অসম আৰক্ষীৰ ২০২ টা উপ-পৰিদৰ্শক পদ আৰু অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ এটা সহকাৰী উপ-নিয়ন্ত্ৰক পদৰ বাবে পৰহিলৈ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। ২০২ টা উপ-পৰিদৰ্শকৰ পদৰ ভিতৰত ১৪৪টা ইউ বি, ৫১টা এ বি, ৭টা কমিউনিকেচন আৰু এটা অসামৰিক প্ৰতিৰক্ষা বিভাগৰ সহকাৰী উপ-নিয়ন্ত্রক পদ অন্তৰ্ভুক্ত আছে। পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে ৰাজ্য চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে। শোণিতপুৰ জিলাৰ বিভিন্ন কেন্দ্ৰত অনুষ্ঠিত হ'বলগীয়া লিখিত পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি জিলা দণ্ডাধীশ অংকুৰ ভড়ালীয়ে এটা নিৰ্দেশ জাৰি কৰিছে। সে...

January 1, 2025 3:48 PM

views 65

গুৱাহাটী মহানগৰীত আৰক্ষী আৰু পৰিবহণ বিভাগৰ সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান

পথ দুর্ঘটনা হ্রাস কৰাৰ লক্ষ্যৰে বছৰটোৰ শেষ নিশা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো আৰক্ষী আৰু পৰিবহণ বিভাগে সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান চলায়। অভিযানৰ সময়ত পৰিবহণ মন্ত্রী যোগেন মহন আৰু জিলা পৰিবহণ বিষয়া হিমাংশু দাস উপস্থিত থাকে। মহানগৰীৰ জি এছ ৰোডৰ এ বি চি পইণ্টৰ লগতে আৰ জি বৰুৱা পথ, চানমাৰি, শিলপুখুৰী আদি বিভিন্ন স্থানত পৰিবহণ মন্ত্ৰীগৰাকী উপস্থিত থাকি অভিযান পর্যবেক্ষণ কৰে। যিসকল চালকে সুৰাপান নকৰাকৈ গাড়ী চলাইছিল তেওঁলোকক পৰিবহণ বিভাগৰ তৰফৰ পৰা এপাহ গোলাপ ফুল আৰু চকলেট দি অভিনন্...

December 31, 2024 1:22 PM

views 53

অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ৰদবদলৰ বাবে চৰকাৰে নিৰ্দেশনা জাৰি

অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ৰদবদলৰ বাবে চৰকাৰে নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি অসম আৰক্ষীৰ মহা পৰিদৰ্শক পাৰ্থ সাৰথি মহন্তক গুৱাহাটী মহানগৰীৰ আৰক্ষী আয়ুক্ত হিচাপে নতুন দায়িত্ব দিয়া হৈছে। বৰ্তমানৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাক অসম আৰক্ষীৰ বিশেষ শাখালৈ বদলি কৰা হৈছে। তেওঁক লগতে ডেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীৰ সঞ্চালকৰ দায়িত্ব অৰ্পন কৰা হৈছে। অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে প্ৰকাশ কৰা নিৰ্দেশনা অনুসৰি অসম আৰক্ষীৰ প্ৰশিক্ষণ আৰু সশস্ত্ৰ আৰক্ষীৰ দায়িত্বত থকা অখিলেশ কুমাৰ সিঙক আইন শৃংখলা শাখাৰ...

December 25, 2024 6:46 PM

views 61

অসম আৰক্ষীৰ প্রঘাট অভিযানৰ অধীনত দুজন জেহাদীক গ্ৰেপ্তাৰ

অসম আৰক্ষীৰ বিশেষ কার্যবাহিনীয়ে আজি দুজন জেহাদীক গ্ৰেপ্তাৰ কৰি সন্ত্ৰাসবাদী কার্যকলাপ ব্যৰ্থ কৰাৰ লগতে বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক সামগ্রী জব্দ কৰে। অসম আৰক্ষীৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াই প্ৰকাশ কৰা অনুসৰি এটা গোপন সূত্ৰৰ ভিত্তিত বিশেষ কার্যবাহিনীয়ে প্রঘাট অভিযানৰ অধীনত যোৱানিশা কোকৰাঝাৰৰ পৰা জেহাদী দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সমৰ্থ হয়। গ্ৰেপ্তাৰ কৰা আব্দুল জাহিৰ শ্বেইখ আৰু ছবিৰ মির্ধা আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী সংগঠনৰ সদস্য বুলি সন্দেহ কৰা হৈছে। ইয়াৰে এজন জেহাদী লুকাই থকা স্থানৰ ...

December 23, 2024 12:31 PM

views 52

বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যখনত চলোৱা অভিযানত গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা ৪৩০ লৈ বৃদ্ধি

অসম আৰক্ষীয়ে বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যখনত চলোৱা তৃতীয়টো বিশেষ অভিযানত গ্ৰেপ্তাৰ কৰা লোকৰ সংখ্যা ৪৩০ লৈ বৃদ্ধি পাইছে। আৰক্ষী সূত্ৰই জনোৱা অনুসৰি এই সন্দৰ্ভত বৰ্তমানলৈকে ৩৪৫ টা গোচৰ ৰুজু কৰা হৈছে। অতিৰিক্ত আৰক্ষী সঞ্চালক প্রধান মুন্না প্রসাদ গুপ্তাই কয়, যে তিনিটা পৰ্যায়তে ধুবুৰী জিলাত সৰ্বাধিক গোচৰ ৰুজু হৈছে। অসম আৰক্ষীৰ বিশেষ সূত্রই এই বিষয়ে প্ৰকাশ কৰি কয়, যে শীঘ্ৰে আৰু কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰা হ'ব। অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে এখন সংবাদ মেলত কয়, যে এই অভিযানকালত গ্ৰেপ্তাৰ ক...

December 19, 2024 5:49 PM

views 70

অসম আৰক্ষীৰ বিশেষ কার্যবাহিনীয়ে কেৰালা আৰু পশ্চিমবংগৰ আৰক্ষীৰে যুটীয়া অভিযানত ৮ জন মৌলবাদী সংগঠনৰ সদস্যক গ্ৰেপ্তাৰ

অসম আৰক্ষীৰ বিশেষ কার্যবাহিনীয়ে কেৰালা আৰু পশ্চিমবংগৰ আৰক্ষীৰ সৈতে যুটীয়াভাৱে চলোৱা অভিযানত ৮ জন মৌলবাদী সংগঠনৰ সদস্যক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ ভিতৰত কেৰালাৰ পৰা গ্ৰেপ্তাৰ কৰা এজন অভিযুক্ত বাংলাদেশী নাগৰিক বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। প্ৰঘাত নামৰ অভিযানৰ অধীনত চোৰাংচোৱাৰ তথ্যৰ পম খেদি আৰক্ষীয়ে ৰাষ্ট্ৰ বিৰোধী কাৰ্যকলাপ প্রতিহত কৰাৰ চেষ্টা চলায়। আজি গুৱাহাটীৰ উলুবাৰী অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আয়োজিত সংবাদমেলত আৰক্ষীৰ বিশেষ সঞ্চালকপ্ৰধান হৰমিত সিঙে আৰক্ষী মহাপৰিদৰ্শক পার্থসাৰথি মহন্তৰ উপ...

December 18, 2024 1:24 PM

views 49

ধুবুৰী আৰু কোকৰাঝাৰ জিলাত আৰক্ষীৰ অভিযানত নিষিদ্ধ ঘোষিত সন্ত্রাসবাদী গোট জামাত-উল-মুজাহিদিনৰ সৈতে জড়িত ৮ জন সন্দেহযুক্ত জেহাদীক গ্ৰেপ্তাৰ

আৰক্ষীৰ বিশেষ কার্যবাহিনীয়ে আজি নিচেই পুৱা ধুবুৰী আৰু কোকৰাঝাৰ জিলাত অভিযান চলাই নিষিদ্ধ ঘোষিত সন্ত্রাসবাদী গোট জামাত-উল-মুজাহিদিনৰ সৈতে জড়িত ৮ জন সন্দেহযুক্ত জেহাদীক গ্ৰেপ্তাৰ কৰে। সূত্ৰৰ পৰা জানিব পৰা মতে কোকৰাঝাৰৰ জয়পুৰৰ নামপাৰাৰ পৰা চাৰিজন লোকক আৰু ধুবুৰী জিলাৰ বিলাসীপাৰাৰ খুলিগাঁৱৰ পৰা আন ৪জন জেহাদীক গ্ৰেপ্তাৰ কৰা হৈছে।

December 13, 2024 6:32 PM

views 87

নগাঁও চহৰৰ সমীপৱৰ্তী ধেপাজান কুটাইনি অঞ্চলত আৰক্ষীৰ অভিযানত ড্ৰাগছসহ আজাজুল হক নামৰ এজন যুৱকক আটক

নগাঁও জিলাৰ মৰিকলং আৰক্ষীয়ে কালি নিশা নগাঁও চহৰৰ সমীপৱৰ্তী ধেপাজান কুটাইনি অঞ্চলত অভিযান চলাই বহু পৰিমাণৰ ড্ৰাগছসহ আজাজুল হক নামৰ এজন যুৱকক আটক কৰে। আৰক্ষীয়ে ধৃত যুৱকজনৰ পৰা তিনিটা ড্ৰাগছ ভৰ্তি কণ্টেনাসহ প্রায় ৮৫৩ টা নিষিদ্ধ টেবলেট আৰু নগদ ধন জব্দ কৰে। এই সন্দৰ্ভত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

December 9, 2024 1:45 PM

views 50

শ্রীভূমি জিলাৰ অসম-ত্ৰিপুৰা ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীৰ অভিযানত প্ৰায় ৫ কোটি টকা মূল্যৰ কাহৰ ঔষধ জব্দ

শ্রীভূমি জিলাৰ চূড়াইবাৰী আৰক্ষীয়ে কালি অসম-ত্ৰিপুৰা ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই প্ৰায় ৫ কোটি টকা মূল্যৰ কাহৰ ঔষধ জব্দ কৰে। এখন পিঁয়াজভর্তি ট্রাকত কলকতাৰ পৰা অসম হৈ ত্ৰিপুৰালৈ এই কাহৰ ঔষধখিনি কঢ়িয়াই নি থকা অৱস্থাত আৰক্ষীয়ে ঔষধখিনি জব্দ কৰে। ২৯৪ টা বাকচত এই ঔষধখিনি ট্রাকখনত কঢ়িয়াই অনা হৈছিল।

December 8, 2024 7:19 PM

views 51

গুৱাহাটীৰ  অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত অসম আৰক্ষীৰ বৰ্তমান আৰু প্ৰাক্তন শীৰ্ষ বিষয়াসকলৰ পুনৰমিলন সন্মিলন অনুষ্ঠিত

গুৱাহাটীৰ উলুবাৰীত থকা অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে অসম আৰক্ষীৰ বৰ্তমানৰ আৰু প্ৰাক্তন শীৰ্ষ বিষয়াসকলৰ পুনৰমিলন সন্মিলন অনুষ্ঠিত হয়। কালিৰে পৰা হোৱা সন্মিলনখনৰ আজি বিয়লি সামৰণি পৰে। সামৰণি অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য উপস্থিত থাকে। অসম আৰক্ষীৰ বৰ্তমানৰ আৰু প্ৰাক্তন শীর্ষক বিষয়াসকলে পুনৰমিলন সন্মিলনত অংশগ্ৰহণ কৰি আৰক্ষীয়ে সন্মুখীন হোৱা বিভিন্ন পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে। প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধানসকলৰ অভিজ্ঞতাৰে অনাগত সময়ত ৰাজ্যখনৰ আইন-শৃংখলাজনিত পৰিস...