July 18, 2025 10:42 AM

views 61

সুলভ মূল্যৰ দোকানৰ জৰিয়তে ৰেচন লাভ কৰা ৩০ হাজাৰ ৪৬৭ গৰাকী হিতাধিকাৰীৰ নাম কৰ্তন

ৰাজ্যত চলিত বৰ্ষৰ প্ৰথম পাঁচ মাহত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ তথ্য ভাণ্ডাৰৰ পৰা সুলভ মূল্যৰ দোকানৰ জৰিয়তে ৰেচন লাভ কৰা ৩০ হাজাৰ ৪৬৭ গৰাকী হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে। ইয়াৰ ফলস্বৰূপে অযোগ্য হিতাধিকাৰীৰ নাম সন্নিৱিষ্ট ১৬ হাজাৰৰো অধিক ৰেচন কাৰ্ড বাতিল কৰা হৈছে। ৰাজ্যত সম্প্ৰতি ৭০ লাখৰো অধিক ৰেচন কাৰ্ড আছে। ইয়াৰে ভিতৰত প্ৰায় সাত লাখ অন্ত্যোদয়া অন্ন যোজনাৰ হিতাধিকাৰী আৰু ৬৩ লাখৰো অধিক অগ্রাধিকাৰপ্ৰাপ্ত পৰিয়াল আছে। ৰেচন কাৰ্ড কৰ্তনৰ ব্যৱস্থা এটা নিয়মীয়া প্ৰক্ৰিয়া আৰু সংশ্লিষ্ট কর্তৃপক্ষস...

July 11, 2025 11:11 AM

views 53

অসম মন্ত্ৰীসভাৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

● মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত কালি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই অনুসৰি হাতী-মানুহৰ সংঘাত হোৱা আঠখন জিলা ক্ৰমে গোৱালপাৰা, ওদালগুৰি, নগাঁও, বাক্সা, শোণিতপুৰ, গোলাঘাট, যোৰহাট আৰু বিশ্বনাথত গজমিত্ৰ আঁচনি ৰূপায়ণৰ প্ৰস্তাৱত অনুমোদন জনোৱা হৈছে। এই আঁচনিৰ অধীনত প্ৰভাৱিত গাঁওসমূহত সম্প্রদায় ভিত্তিত স্বেচ্ছাসেৱী নিৰীক্ষণ আৰু দ্ৰুত সঁহাৰি গোট গঠনৰ প্ৰস্তাৱ দিয়া হৈছে। এই গোটসমূহ আঠজনীয়া হ'ব। ইয়াৰ উপৰি বনৰীয়া হাতীয়ে যাতে পৰ্যাপ্ত খাদ্য...

July 6, 2025 1:38 PM

views 50

ৰাজ্য চৰকাৰে ঢকুৱাখনা জিলা ক্রীড়া সন্থালৈ আগবঢ়োৱা ক্রীড়া সামগ্ৰী আৰু অনুদানৰ চেক প্ৰদান

ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত ঢকুৱাখনা জিলা ক্রীড়া সন্থালৈ আগবঢ়োৱা ক্রীড়া সামগ্ৰী আৰু অনুদানৰ চেক কালি আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত জিলা ক্রীড়া বিষয়া মানসজ্যোতি দাস, ঢকুৱাখনা জিলা ক্রীড়া সন্থাৰ কাৰ্যকৰী সভাপতি প্রদীপ চমুৱা, সাধাৰণ সম্পাদক অচ্যুৎ চক্ৰধৰৰ লগতে পৌৰ আয়ুক্তসকল, বিধায়ক নৱ কুমাৰ দলে আদি উপস্থিত থাকে। একেদিনাই সদৌ অসম কেওট জাতীয় পৰিষদৰ ঢকুৱাখনা জিলা সমিতিৰ উদ্যোগত হিতাধিকাৰীসকলৰ মাজত চিলাই মেচিন বিতৰণ কার্যসূচীও অনুষ্ঠিত হয়। ...

July 4, 2025 1:03 PM

views 48

অসম মাধ্যমিক বিদ্যালয় কাৰ্যালয়ৰ সহায়ক সন্থাৰ অধিবেশনৰ বাবে প্ৰতিনিধিসকলৰ বিশেষ ছুটি মঞ্জুৰ

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে অসম মাধ্যমিক বিদ্যালয় কাৰ্যালয়ৰ সহায়ক সন্থাৰ অধিবেশনৰ বাবে প্ৰতিনিধিসকলৰ বিশেষ ছুটি মঞ্জুৰ কৰিছে। অহা ১০ জুলাইৰ পৰা ১২ জুলাইলৈ ধেমাজিৰ চিলাপথাৰত মাধ্যমিক বিদ্যালয় কার্যালয় সহায়ক সন্থাৰ ১৯ সংখ্যক দ্বিবার্ষিক অধিবেশন অনুষ্ঠিত হ'ব।

July 3, 2025 7:09 PM

views 49

৫,৫৫০ টা নিয়মীয়া শিক্ষক পদৰ বাবে নথি পৰীক্ষণৰ তৃতীয়খন তালিকা আজি প্ৰকাশ

অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ ৫ হাজাৰ ৫৫০টা নিয়মীয়া শিক্ষক পদৰ বাবে নথি পৰীক্ষণৰ তৃতীয়খন তালিকা আজি প্ৰকাশ কৰিছে। এই সন্দৰ্ভত প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে জাৰি কৰা জাননী অনুসৰি তালিকাত নাম অন্তর্ভুক্ত হোৱা প্ৰাৰ্থীসকলৰ বাবে অহা ৫ ৰ পৰা ১০ জুলাইলৈ খানাপাৰাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ আন্তৰ্জাতিক অতিথিশালাত নথি পৰীক্ষণ কৰা হ'ব । প্ৰাৰ্থীসকলক যাৱতীয় শৈক্ষিক অৰ্হতাৰ প্ৰমাণপত্ৰসহ নথী পৰীক্ষণৰ বাবে উপস্থিত থাকিবলৈ জাননীখনত উল্লেখ কৰা হৈছে। উল্লেখযোগ্য যে ন...

July 2, 2025 8:24 PM

views 39

ৰাজ্য চৰকাৰ তথ্য প্রযুক্তি বিভাগ আৰু এইচ ডি এফ চি বেংকৰ যৌথ উদ্যোগত দক্ষতা বিকাশৰ বিশেষ কাৰ্যসূচী

ৰাজ্য চৰকাৰ তথ্য প্রযুক্তি বিভাগ আৰু এইচ ডি এফ চি বেংকৰ যৌথ উদ্যোগত বিত্ত প্রযুক্তি বিষয়ক দক্ষতা বিকাশৰ বাবে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। তথ্যপ্রযুক্তি আৰু বিজ্ঞান মন্ত্ৰী কেশৱ মহন্তই আজি গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত জিলিঙণী শীর্ষক এই কাৰ্যসূচী উদ্বোধন কৰে। অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কয় যে বিত্ত প্রযুক্তি সম্প্ৰতি কৰপৰেট জগতৰ মূল চালিকা শক্তিৰূপে পৰিগণিত হৈছে আৰু ভৱিষ্যতে দক্ষতা সম্পন্ন যুৱ প্ৰজন্মৰ বাবে খণ্ডটোৱে নিয়োগ আৰু উত্তৰণত অপাৰ সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব। প্ৰশিক্...

June 30, 2025 8:26 PM

views 64

অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ভিতৰত বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি পোৱাৰ বিষয়টোক লৈ ৰাজ্য চৰকাৰৰ গভীৰ উদ্বেগ প্রকাশ

ৰাজ্যৰ অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ভিতৰত বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি পোৱাৰ বিষয়টোক লৈ ৰাজ্য চৰকাৰে গভীৰ উদ্বেগ প্রকাশ কৰিছে। বিদ্যালয় শিক্ষা বিভাগে ইয়াৰ কাৰণসমূহৰ বিস্তৃত অধ্যয়নৰ বাবে এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰিছে। বিদ্যালয় শিক্ষা বিভাগৰ অতিৰিক্ত সচিব কৃষ্ণা বৰুৱাৰ অধ্যক্ষতাত সমগ্ৰ শিক্ষাৰ বিশেষ কৰ্তব্যৰত বিষয়া, প্রাথমিক শিক্ষা সঞ্চাকালয়ৰ উপ-সঞ্চালক, ইউনিচেফ আৰু কেন্দ্ৰীয় স্কোৱাৰ ফাউণ্ডেচনৰ মুৰববীক লৈ এই সমিতিখন গঠন কৰা হৈছে। সমিতিখনে ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয় এৰাৰ ক...

June 27, 2025 12:39 PM

views 44

শীঘ্ৰেই অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ ৫,৫৫০ টা নিয়মীয়া শিক্ষক পদৰ নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন

অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে ৫ হাজাৰ ৫৫০টা নিয়মীয়া শিক্ষক পদৰ নিযুক্তি প্ৰক্ৰিয়া শীঘ্ৰেই সম্পন্ন কৰিব বুলি প্ৰকাশ কৰিছে। ইয়াৰ ভিতৰত ৩ হাজাৰ ৮০০টা নিম্ন প্ৰাথমিকৰ আৰু এহেজাৰ ৭৫০টা উচ্চ প্ৰাথমিকৰ পদ বুলি সঞ্চালকালয়ে জানিবলৈ দিছে। উল্লেখযোগ্য যে, এই পদসমূহ পূৰণৰ বাবে প্রাথমিক শিক্ষা সঞ্চালকালয়ে ২০২৩ চনৰ ২৬ ডিচেম্বৰতে বিজ্ঞাপন প্ৰকাশ কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত ন্যায়ালয়ৰ বাধাৰ বাবে এই পদসমূহ পূৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা নাছিল। বৰ্তমান ন্যায়ালয়ৰ বাধা আঁতৰাৰ পৰিপ্ৰেক্ষিতত আজিৰে...

June 24, 2025 12:36 PM

views 67

বিশেষ স্বাস্থ্য শিবিৰ আৰু জটিল ৰোগ পৰীক্ষণ শিবিৰ অনুষ্ঠিত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত

■ ৰাজ্যৰ জনসাধাৰণৰ স্বাস্থ্যৰ মান উন্নত কৰাৰ লক্ষ্যৰে চৰকাৰে বিশেষ স্বাস্থ্য শিবিৰ আৰু জটিল ৰোগ পৰীক্ষণ শিবিৰ অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছে। এই সন্দৰ্ভত কালি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্য বিভাগৰ উচ্চপদস্থ বিষয়াবৰ্গৰ সৈতে এখন বৈঠকত মিলিত হয়। এই বৈঠকত স্বাস্থ্য শিবিৰত বিভিন্ন জটিল ৰোগত আক্রান্ত ১৮ বছৰৰ তলৰ ৰোগীসকলক চিনাক্ত কৰি তেওঁলোকৰ প্রয়োজনীয় চিকিৎসা কৰা সন্দৰ্ভত আলোচনা কৰা হয়। তদুপৰি স্বাস্থ্য শিবিৰৰ বাবে প্ৰয়োজনীয় চিকিৎসক, শিবিৰৰ স্থান আদি বিষয়তো আলোচনা কৰা ...

June 21, 2025 7:16 PM

views 38

আজি অসমৰ প্ৰথমখন দুচকীয়া বাহন পঞ্জীয়নৰ হালধীয়া নম্বৰপ্লেট প্ৰদান

অসম চৰকাৰে বাণিজ্যিকভাৱে মটৰ চাইকেল, টেক্সী সেৱাত ব্যৱহাৰ কৰা দুচকীয়া বাহনৰ নম্বৰ প্লেট হালধীয়া কৰাৰ সিদ্ধান্ত গ্ৰহণৰ অংশ হিচাপে আজি অসমৰ প্ৰথমখন হালধীয়া নম্বৰপ্লেটৰ দুচকীয়া বাহন পঞ্জীয়নৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ৰ পৰা আজি নগাঁও জিলাৰ লাহৰিঘাটৰ সুমন চন্দ্ৰ বৰ্মনক অসমৰ প্ৰথমখন প্রমাণপত্র দিয়া হয়। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে বাণিজ্যিভাৱে মটৰ চাইকেল টেক্সী সেৱাত ব্যৱহাৰ কৰা দুচকীয়া বাহনৰ নম্বৰ প্লেট হালধীয়া কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।