ৰাজ্যত চলিত বৰ্ষৰ প্ৰথম পাঁচ মাহত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ তথ্য ভাণ্ডাৰৰ পৰা সুলভ মূল্যৰ দোকানৰ জৰিয়তে ৰেচন লাভ কৰা ৩০ হাজাৰ ৪৬৭ গৰাকী হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে। ইয়াৰ ফলস্বৰূপে অযোগ্য হিতাধিকাৰীৰ নাম সন্নিৱিষ্ট ১৬ হাজাৰৰো অধিক ৰেচন কাৰ্ড বাতিল কৰা হৈছে। ৰাজ্যত সম্প্ৰতি ৭০ লাখৰো অধিক ৰেচন কাৰ্ড আছে। ইয়াৰে ভিতৰত প্ৰায় সাত লাখ অন্ত্যোদয়া অন্ন যোজনাৰ হিতাধিকাৰী আৰু ৬৩ লাখৰো অধিক অগ্রাধিকাৰপ্ৰাপ্ত পৰিয়াল আছে। ৰেচন কাৰ্ড কৰ্তনৰ ব্যৱস্থা এটা নিয়মীয়া প্ৰক্ৰিয়া আৰু সংশ্লিষ্ট কর্তৃপক্ষসমূহে কাৰ্ডসমূহ পৰীক্ষা কৰি সময়ে সময়ে অযোগ্য হিতাধিকাৰীসকলৰ নাম বাতিল কৰে।
Assamese | July 18, 2025 10:42 AM | Akashvani News | Assam Govt
সুলভ মূল্যৰ দোকানৰ জৰিয়তে ৰেচন লাভ কৰা ৩০ হাজাৰ ৪৬৭ গৰাকী হিতাধিকাৰীৰ নাম কৰ্তন