অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ভিতৰত বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি পোৱাৰ বিষয়টোক লৈ ৰাজ্য চৰকাৰৰ গভীৰ উদ্বেগ প্রকাশ

ৰাজ্যৰ অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ভিতৰত বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি পোৱাৰ বিষয়টোক লৈ ৰাজ্য চৰকাৰে গভীৰ উদ্বেগ প্রকাশ কৰিছে। বিদ্যালয় শিক্ষা বিভাগে ইয়াৰ কাৰণসমূহৰ বিস্তৃত অধ্যয়নৰ বাবে এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰিছে। বিদ্যালয় শিক্ষা বিভাগৰ অতিৰিক্ত সচিব কৃষ্ণা বৰুৱাৰ অধ্যক্ষতাত সমগ্ৰ শিক্ষাৰ বিশেষ কৰ্তব্যৰত বিষয়া, প্রাথমিক শিক্ষা সঞ্চাকালয়ৰ উপ-সঞ্চালক, ইউনিচেফ আৰু কেন্দ্ৰীয় স্কোৱাৰ ফাউণ্ডেচনৰ মুৰববীক লৈ এই সমিতিখন গঠন কৰা হৈছে। সমিতিখনে ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয় এৰাৰ কাৰণসমূহ অধ্যয়ন কৰি যাৱতীয় পৰামৰ্শাৱলীসহ ১৫ আগষ্টৰ ভিতৰত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত প্ৰতিবেদন দাখিল কৰিব। এই সন্দৰ্ভত বিদ্যালয় শিক্ষা বিভাগে জাৰি কৰা নিৰ্দেশনা অনুসৰি সমিতিখনে শ্ৰেণী, লিংগ, ভৌগোলিক অৱস্থান আৰু আৰ্থ সামাজিক দিশত কোনটো পৰ্যায়ত বিদ্যালয় এৰাৰ প্ৰৱণতা বৃদ্ধি পাই সেই সন্দৰ্ভত অধ্যয়ন কৰিব। সমিতিখনে লগতে বিশেষভাৱে পিছপৰা আৰু দুৰ্বল শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিদ্যালয় এৰাৰ প্ৰৱণতা হ্ৰাস কৰাৰ বাবে নিযুত মইনা আঁচনিৰ দৰে অন্যান্য আঁচনি ৰূপায়ণৰ সন্দৰ্ভতো পৰ্যালোচনা কৰিব।