অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ ৫ হাজাৰ ৫৫০টা নিয়মীয়া শিক্ষক পদৰ বাবে নথি পৰীক্ষণৰ তৃতীয়খন তালিকা আজি প্ৰকাশ কৰিছে। এই সন্দৰ্ভত প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে জাৰি কৰা জাননী অনুসৰি তালিকাত নাম অন্তর্ভুক্ত হোৱা প্ৰাৰ্থীসকলৰ বাবে অহা ৫ ৰ পৰা ১০ জুলাইলৈ খানাপাৰাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ আন্তৰ্জাতিক অতিথিশালাত নথি পৰীক্ষণ কৰা হ’ব । প্ৰাৰ্থীসকলক যাৱতীয় শৈক্ষিক অৰ্হতাৰ প্ৰমাণপত্ৰসহ নথী পৰীক্ষণৰ বাবে উপস্থিত থাকিবলৈ জাননীখনত উল্লেখ কৰা হৈছে। উল্লেখযোগ্য যে নিম্ন প্রাথমিক আৰু উচ্চ প্ৰাথমিকৰ ৫,৫৫০ টা নিয়মীয়া শিক্ষক পদৰ বাবে বৰ্তমান দ্বিতীয় পৰ্যায়ৰ নথি পৰীক্ষণ কৰি থকা হৈছে।
Assamese | July 3, 2025 7:09 PM | Assam Govt
৫,৫৫০ টা নিয়মীয়া শিক্ষক পদৰ বাবে নথি পৰীক্ষণৰ তৃতীয়খন তালিকা আজি প্ৰকাশ