August 4, 2024 7:05 PM

views 47

ৰাজ্যত কাইলৈৰ পৰা ১১ আগষ্টলৈ পালন কৰা হ’ব শিক্ষা সপ্তাহ

ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ ৰ চতুৰ্থ বর্ষপুর্তিৰ সৈতে সংগতি ৰাখি ৰাজ্যত কাইলৈৰ পৰা ১১ আগষ্টলৈ শিক্ষা সপ্তাহ পালন কৰা হ'ব। সমগ্ৰ শিক্ষা অসমৰ মিছন সঞ্চালকে প্ৰতিদিনে একোটা বিশেষ বিষয়বস্তুৰ আধাৰত এই কাৰ্যসূচী গ্ৰহণ কৰাৰ বাবে বিদ্যালয়সমূহলৈ নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি কাইলৈৰ দিনটো শিক্ষণ- শিকন সামগ্ৰীৰ দিন, পৰহিলৈ এফ এল এন দিন, ৭ আগষ্টৰ দিনটো ক্রীড়া দিন, ৮ আগষ্টত সাংস্কৃতিক দিন, ৯ আগষ্টত দক্ষতা আৰু ডিজিটেল পদক্ষেপ দিন, ১০ আগষ্টত বিদ্যালয় পৰিপুষ্টি দিন আৰু ১১ আগষ্টৰ দিনটো সম্প্রদায় জড়িতকৰণ ...

August 2, 2024 12:24 PM

views 43

শীঘ্ৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰা বিভাগ প্ৰদানৰ ব্যৱস্থা আঁতৰ কৰা হ’বঃ ৰণোজ পেগু

ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তনৰ লক্ষ্যৰে শিক্ষা বিভাগে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ অংশ হিচাপে শীঘ্ৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰা বিভাগ প্ৰদানৰ ব্যৱস্থা আঁতৰ কৰা হ’ব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ঘোষণা কৰিছে। অসম মাধ্যমিক শিক্ষা পৰিষদ আৰু আজিম প্রেমজি বিশ্ববিদ্যালয়ৰ সহযোগত কালি গুৱাহাটীত অনুষ্ঠতি প্রশ্নকাকত প্রস্তুত সম্পৰ্কীয় এখন কর্মশালাত উপস্থিতি থাকি শিক্ষামন্ত্রী ডাঃ পেগুৱে কয় যে, ইতিমধ্যে স্থান লাভৰ ব্যৱস্থা আঁতৰোৱাৰ পিছত অহা এক-দুই বছৰৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰ...

August 1, 2024 6:44 PM

views 58

গ্ৰীষ্ম বন্ধৰ পাছত পাঠদান আৰম্ভ হোৱাৰ দিনটোত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱৰ ডিজিটেল মাধ্যমেৰে ৭,৭২০খন বিদ্যালয়লৈ শুভেচ্ছামূলক বাৰ্তা প্ৰেৰণ

শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে গ্ৰীষ্ম বন্ধৰ পাছত আজি পাঠদান আৰম্ভ হোৱাৰ দিনটোত ডিজিটেল মাধ্যমেৰে ৰাজ্যৰ ৭,৭২০খন বিদ্যালয়লৈ শুভেচ্ছামূলক বাৰ্তা প্ৰেৰণ কৰে। সমগ্ৰ শিক্ষা, অসমৰ কাৰ্যালয়ৰ পৰা এই বিদ্যালয়সমূহৰ সৈতে সংযোগ স্থাপন কৰি মন্ত্ৰী ডাঃ পেগুৱে শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ- ছাত্ৰীসকললৈ শুভেচ্ছা জনায়। ইয়াৰ পাছতে শিক্ষামন্ত্রী ডাঃ পেগুৱে অসমৰ বিদ্যালয়সমূহত টেলি এডুকেশ্যন, স্মার্ট ক্লাছ তথা আই চি টি ব্যৱস্থা গঢ়ি তোলা হৈছে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়সমূহত ...

July 31, 2024 11:02 AM

views 47

বিদ্যালয়ত নতুন শিক্ষক নিযুক্তিত বিশেষ পৰিৱৰ্তনৰ প্ৰক্ৰিয়া আৰম্ভ

শিক্ষা বিভাগে ৰাজ্যৰ বিদ্যালয়সমূহত নতুন শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত বিশেষ পৰিৱৰ্তন অনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে বুলি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰে। শিক্ষামন্ত্ৰীগৰাকীৰ মতে নতুনকৈ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত শিক্ষকসকলক বিষয় শিক্ষক হিচাপে নামকৰণ কৰা হ'ব। ইতিমধ্যে শিক্ষা বিভাগে কোন কোন বিষয়ত শিক্ষকৰ নাটনি আছে সেই বিষয়ে শিক্ষামন্ত্ৰীগৰাকীক অৱগত কৰে। শেহতীয়াকৈ শিক্ষা সেতু এপৰ জৰিয়তে এই তথ্য আহৰণ কৰা হৈছে। অনাগত সময়ত শিক্ষক নিযুক্তি পৰীক্ষা জৰিয়তে খালী পদসমূহত শিক্ষক নিযুক্তি দিয়াৰ কথা ...

July 18, 2024 5:52 PM

views 69

ৰাজ্যৰ কাৰিকৰী শিক্ষা প্রতিষ্ঠানসমূহৰ অধ্যক্ষসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ বৈঠক

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি দিছপুৰত ৰাজ্যৰ কাৰিকৰী শিক্ষা প্রতিষ্ঠানসমূহৰ অধ্যক্ষসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰ জৰিয়তে এখন বৈঠকত মিলিত হয়। এই বৈঠকত পলিটেকনিক প্রতিষ্ঠানসমূহৰ আন্তঃগাঁথনি উন্নয়নৰ কাম-কাজ সন্দৰ্ভত বুজ লোৱা হয়। চলিত বিত্তীয় বৰ্ষত শিক্ষানুষ্ঠানসমূহৰ অতিৰিক্ত শ্ৰেণীকোঠা, স্মার্ট শ্ৰেণীকোঠা, আৱাসিক আদি আন্তঃগাঁথনিগত উন্নয়নৰ বাবে লোৱা পৰিকল্পনা অনুসৰি অধ্যক্ষসকলৰ সৈতে মন্ত্ৰীগৰাকীয়ে বিশদ আলোচনা কৰে।

July 15, 2024 10:56 AM

views 50

চি বি এছ ই পাঠ্যক্ৰমৰ আধাৰত শিক্ষাদান কৰা আদৰ্শ বিদ্যালয়সমূহৰ শিক্ষাৰ্থীৰ উত্তীৰ্ণৰ হাৰে ৯৬ শতাংশ স্পৰ্শ কৰিছেঃ মুখ্যমন্ত্ৰী

■ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰে স্থাপন কৰা ইংৰাজী মাধ্যমৰ আৰু চি বি এছ ই পাঠ্যক্ৰমৰ আধাৰত শিক্ষাদান কৰা আদৰ্শ বিদ্যালয়সমূহৰ শিক্ষাৰ্থীৰ উত্তীৰ্ণৰ হাৰে ৯৬ শতাংশ স্পৰ্শ কৰিছে বুলি প্ৰকাশ কৰিছে। কালি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আদৰ্শ বিদ্যালয় সংগঠনৰ উদ্যোগত আয়োজিত আদর্শ বিদ্যালয়সমূহৰ সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰি শ্ৰীশৰ্মাই এইদৰে কয়। আদৰ্শ বিদ্যালয় প্রতিষ্ঠা ৰাজ্যৰ শৈক্ষিক জগতত ব্যতিক্রমী সংযোজন বুলিও মুখ্যমন্ত্রীয়ে উল্লেখ কৰে। আনহাতে এই বিদ্যালয়সমূহৰ ফলাফলে ৰাজ্য চৰকাৰৰ ...

July 13, 2024 12:57 PM

views 44

২০১৩ চনত প্ৰাদেশিকৃত হোৱা সকলো বিদ্যালয়ৰ শিক্ষকে গ্রেছুইটিৰ ধন শীঘ্ৰেই লাভ কৰিব

● ২০১৩ চনত প্ৰাদেশিকৃত হোৱা সকলো বিদ্যালয়ৰ শিক্ষকে গ্রেছুইটিৰ ধন শীঘ্ৰেই লাভ কৰিব। এই সন্দৰ্ভত মাধ্যমিক শিক্ষা সঞ্চালকে বিশেষ নির্দেশনা জাৰি কৰিছে। ৰাজ্যৰ সকলো জিলাৰ বিদ্যালয়ৰ পৰিদৰ্শক সকললৈ মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজাইয়ে দিয়া এটা নির্দেশনাত এই কথা উল্লেখ কৰা হৈছে। ইয়াৰ ফলত দীর্ঘদিনে বিনা বেতনে শিক্ষকতা কৰি ২০১৩ চনত প্ৰাদেশিকৰণ হোৱাৰ পিছত অতি কম সময় চাকৰি নিখিত দৰমহা লাভ কৰা শিক্ষকসকলৰ উপকৃত হ'ব।

July 6, 2024 6:37 PM

views 55

শিক্ষা সেঁতু এপত ৩৩ খন জিলাৰ ৪,৯০৭ গৰাকী শিক্ষক দীৰ্ঘদিন ধৰি অনুপস্থিতিৰ চিনাক্ত

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে শিক্ষা সেঁতু এপত ৩৩ খন জিলাৰ ৪ হেজাৰ ৯০৭ গৰাকী শিক্ষক দীৰ্ঘদিন ধৰি অনুপস্থিত থকাটো ধৰা পেলাইছে। এই সন্দৰ্ভত বিদ্যালয় শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰে দায়িত্ববাহী অতিৰিক্ত জিলা আয়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰিছে। এই পত্ৰত সংশ্লিষ্ট শিক্ষকসকলৰ অনুপস্থিতি সন্দৰ্ভত বিদ্যালয় পৰিদৰ্শক নাইবা জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ সহযোগত অনুসন্ধান কৰি অনুপস্থিতিৰ কাৰণসহ প্রতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে প্রতিবেদন দাখিল নকৰা পৰ্যন্ত এইসকল শিক্ষকৰ দৰমহা বন্ধ ৰাখিবলৈ নিৰ্দেশন...

June 28, 2024 12:15 PM

views 52

সৰ্বশিক্ষা অভিযানৰ অধীনৰ শিক্ষকসকলক সকাহ দিয়াৰ লক্ষ্যৰে নতুন শিক্ষকৰ পদ সৃষ্টিৰে অসম চৰকাৰৰ বিশেষ নিযুক্তিৰ ব্যৱস্থা

অসম চৰকাৰে সৰ্বশিক্ষা অভিযানৰ অধীনৰ শিক্ষকসকলক সকাহ দিয়াৰ লক্ষ্যৰে ৩৫ হাজাৰ নতুন শিক্ষকৰ পদ সৃষ্টি কৰি বিশেষ নিযুক্তিৰ ব্যৱস্থা কৰিছে। এই পদসমূহৰ বাবে কেৱল সৰ্বশিক্ষা অভিযানৰ অধীনৰ শিক্ষকসকলেহে আবেদন কৰিব পাৰিব। নলবাৰীত কালি অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকৰ পাছত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে এই সিদ্ধান্তৰ ফলত পূৰ্বৰ অনিয়মীয়া পদসমূহ বিলুপ্ত হোৱাৰ লগতে নতুন পদত নিযুক্তি লাভ কৰাসকলে চৰকাৰী নিৰিখ অনুসৰি দৰমহা আৰু বাৰ্ষিক দৰমহাৰ বৃদ্ধি লাভ কৰ...

June 27, 2024 7:59 PM

views 57

সৰ্বশিক্ষা অভিযানৰ অধীনৰ শিক্ষকসকলক সকাহ দিয়াৰ লক্ষ্যৰে নতুন শিক্ষকৰ পদ সৃষ্টিৰে বিশেষ নিযুক্তিৰ ব্যৱস্থা ৰাজ্য চৰকাৰৰ

অসম চৰকাৰে সৰ্বশিক্ষা অভিযানৰ অধীনৰ শিক্ষকসকলক সকাহ দিয়াৰ লক্ষ্যৰে ৩৫ হাজাৰ নতুন শিক্ষকৰ পদ সৃষ্টি কৰি বিশেষ নিযুক্তিৰ ব্যৱস্থা কৰিছে। এই পদসমূহৰ বাবে কেৱল সৰ্বশিক্ষা অভিযানৰ অধীনৰ শিক্ষকসকলেহে আবেদন কৰিব পাৰিব। নলবাৰীত আজি অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকৰ পাছত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে এই সিদ্ধান্তৰ ফলত পূৰ্বৰ অনিয়মীয়া পদসমূহ বিলুপ্ত হোৱাৰ লগতে নতুন পদত নিযুক্তি লাভ কৰাসকলে চৰকাৰী নিখি অনুসৰি দৰমহা আৰু বাৰ্ষিক দৰমহাৰ বৃদ্ধি লাভ কৰিব...