শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে গ্ৰীষ্ম বন্ধৰ পাছত আজি পাঠদান আৰম্ভ হোৱাৰ দিনটোত ডিজিটেল মাধ্যমেৰে ৰাজ্যৰ ৭,৭২০খন বিদ্যালয়লৈ শুভেচ্ছামূলক বাৰ্তা প্ৰেৰণ কৰে। সমগ্ৰ শিক্ষা, অসমৰ কাৰ্যালয়ৰ পৰা এই বিদ্যালয়সমূহৰ সৈতে সংযোগ স্থাপন কৰি মন্ত্ৰী ডাঃ পেগুৱে শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ- ছাত্ৰীসকললৈ শুভেচ্ছা জনায়। ইয়াৰ পাছতে শিক্ষামন্ত্রী ডাঃ পেগুৱে অসমৰ বিদ্যালয়সমূহত টেলি এডুকেশ্যন, স্মার্ট ক্লাছ তথা আই চি টি ব্যৱস্থা গঢ়ি তোলা হৈছে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়সমূহত ১০০ শতাংশ স্মার্ট ক্লাছ গঢ়ি তোলাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰি মন্ত্ৰী ডাঃ পেগুৱে কয় যে শিক্ষাদানৰ ক্ষেত্ৰত শ্ৰেণীকোঠাত দান কৰা শিক্ষাৰ উপৰি ডিজিটেল মাধ্যমৰ শিক্ষাদানৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। এই ব্যৱস্থাসমূহ অনাগত দিনত অধিক শক্তিশালী কৰা হ’ব বুলি ডাঃ পেগুৱে সদৰি কৰে।
Assamese | August 1, 2024 6:44 PM | Assam Education | Education Minister | Ranoj Pegu
গ্ৰীষ্ম বন্ধৰ পাছত পাঠদান আৰম্ভ হোৱাৰ দিনটোত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱৰ ডিজিটেল মাধ্যমেৰে ৭,৭২০খন বিদ্যালয়লৈ শুভেচ্ছামূলক বাৰ্তা প্ৰেৰণ