February 11, 2025 2:44 PM

views 57

নাৰেংগীত ২০২৫-২৬ বৰ্ষৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণ কাৰ্য্যৰ শুভাৰম্ভ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ

শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি গুৱাহাটীৰ নাৰেংগীত আয়োজিত এটা কাৰ্যসূচীত বিদ্যালয় শিক্ষাৰ ২০২৫-২৬ বৰ্ষৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণ কাৰ্য্যৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডৰ অধ্যক্ষ দেৱানন্দ হাজৰিকাও উপস্থিত থাকে। ৰাজ্য চৰকাৰৰ বিনামূলীয়া পাঠ্যপুথি আঁচনিৰ অধীনত ১৯টা ভাষা আৰু ৯ টা মাধ্যমত ৩ কোটি ৪১ লাখ ৭৮ হাজাৰ ৫৮১ খন বিনামূলীয়া পাঠ্যপুথি প্ৰকাশ কৰা হৈছে। (ক) শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ ৫২ লাখ ৯১ হাজাৰ ৭০৭ গৰাকী শিক্ষাৰ্থীৰ মাজত এই পাঠ্যপুথিসমূ...

February 7, 2025 6:35 PM

views 42

৪ ফেব্ৰুৱাৰীত আৰম্ভ হোৱা গুণোৎসৱৰ তৃতীয় পৰ্যায়ৰ আজি সামৰণি

গুণগত শিক্ষাৰ মান নিশ্চিতকৰণৰ উদ্দেশ্যে যোৱা ৪ ফেব্ৰুৱাৰীত আৰম্ভ হোৱা গুণোৎসৱৰ তৃতীয় পৰ্যায়ৰ আজি সামৰণি পৰে। এই পৰ্যায়ত ৰাজ্যৰ ১০ খন জিলাৰ ১২,৩৭৫ খন বিদ্যালয়ক সামৰি লোৱা হৈছিল। নলবাৰী জিলাৰ অভ্যাসন বিদ্যালয়ৰ গুণোৎসৱৰ কাৰ্যসূচীত আজি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বহিঃমূল্যায়ক হিচাপে অংশগ্ৰহণ কৰে। এই পৰ্যায়ত জিলাখনৰ এহেজাৰ ৬৫ খন বিদ্যালয়ৰ ৮৭,৪৯৬ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বহিঃমূল্যায়ন কৰা হয়। বিভিন্ন বিভাগৰ ৪৭৩ গৰাকী বহিঃমূল্যায়কে জিলাখনৰ বিভিন্ন বিদ্যালয়ত গুণোৎসৱত ভাগ ল...

January 30, 2025 11:02 AM

views 68

সৰ্বভাৰতীয় পৰ্যায়তকৈ অসমৰ গ্ৰামাঞ্চলৰ বিদ্যালয়ত শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি পাইছে

সৰ্বভাৰতীয় পৰ্যায়তকৈ অসমৰ গ্ৰামাঞ্চলৰ বিদ্যালয়ত শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি পাইছে। নতুন দিল্লীৰ ফাষ্ট এডুকেচন ফাউণ্ডেচন নামৰ এটা সংস্থাই প্ৰকাশ কৰা প্ৰতিবেদনত এই তথ্য প্ৰকাশ হৈছে। এই প্রতিবেদন প্ৰকাশ হোৱাৰ পাছতে শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে কালি সামাজিক মাধ্যমৰ এটা বাৰ্তাত সন্তুষ্টি প্ৰকাশ কৰি কয়, যে প্রাক-বিদ্যালয়ত শিক্ষাৰ্থীৰ নামভৰ্তি ৯০ শতাংশৰ ওচৰ চাপিছে। ৬ৰ পৰা ১৪ বছৰ বয়সৰ শিক্ষাৰ্থীৰ ৯৯ শতাংশই বিদ্যালয়ত নামভৰ্তি কৰিছে। চৰকাৰী বিদ্যালয়সমূহত উচ্চ শিক্ষাৰ প্ৰতি শিক্ষাৰ্থী আগ্ৰহী হোৱা দেখ...

January 22, 2025 8:32 PM

views 55

চলিত বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ আজি সামৰণি

চলিত বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ আজি সামৰণি পৰে। গুণোৎসৱৰ এই পৰ্যায়ত চৰাইদেউ, ধেমাজি, গোলাঘাট, হাইলাকান্দি, হোজাই, যোৰহাট, তিনিচুকীয়া, শোণিতপুৰ, পশ্চিম কাৰ্বি আংলং, কামৰূপ মহানগৰ, ধুবুৰী, চিৰাং আৰু বাক্সা জিলাৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বহিঃমূল্যায়ন কৰা হয়।পৰিবহন তথা পার্বত্য এলেকা উন্নয়ন বিভাগৰ মন্ত্ৰী যোগেন মহনে আজি ধেমাজী জিলাত শিক্ষাখণ্ডৰ অন্তৰ্গত নগৰ প্ৰাথমিক বিদ্যালয়ত গুণোৎসৱত অংশ লৈ শিক্ষক-শিক্ষয়িত্ৰী আৰু শিক্ষাৰ্থীসকলৰ সৈতে বাৰ্তালাপ কৰে। জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয...

January 7, 2025 9:05 PM

views 45

কালি আৰম্ভ হোৱা ২০২৫ বৰ্ষৰ প্ৰথম পৰ্যায়ৰ গুণোৎসৱৰ আজি বহিঃমূল্যায়ন

ৰাজ্যৰ ১১ খন জিলাৰ ১৬ হাজাৰ চৰকাৰী বিদ্যালয়ৰ ১৪ লাখৰো অধিক ছাত্ৰ-ছাত্ৰীক সামৰি কালি আৰম্ভ হোৱা এই বছৰৰ প্ৰথম পৰ্যায়ৰ গুণোৎসৱৰ আজি বহিঃমূল্যায়ন কৰা হৈছে। গুণোৎসৱৰ আজি দ্বিতীয় দিনা শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে লখিমপুৰ জিলাৰ পদ্মনাথ গোহাঁইবৰুৱা উচ্চ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন কৰি কাৰ্যসূচীৰ বুজ লয়। ৭ ফেব্ৰুৱাৰীলৈ তিনিটা পৰ্যায়ত হ'বলগীয়া এই গুণোৎসৱ ৰাজ্যৰ শিক্ষা খণ্ডৰ গুণগত মান নিশ্চিতকৰণৰ নিৰন্তৰ প্ৰয়াস বুলিও শিক্ষা মন্ত্ৰীয়ে মন্তব্য কৰে। কামৰূপ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই আজি আমিনগা...

January 7, 2025 8:37 PM

views 51

এজন শিক্ষক থকা বা এজনো শিক্ষক নথকা বিদ্যালয়সমূহত তাৎক্ষণিকভাৱে শিক্ষক নিযুক্তি দিবলৈ শিক্ষা বিভাগৰ নিৰ্দেশ

ৰাজ্য চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে এজন শিক্ষক থকা বা এজনো শিক্ষক নথকা বিদ্যালয়সমূহত তাৎক্ষণিকভাৱে প্ৰয়োজনীয় শিক্ষক নিযুক্তি দিবলৈ সংশ্লিষ্ট জিলা প্রাথমিক শিক্ষা বিষয়া আৰু বিদ্যালয় পৰিদৰ্শকক নিৰ্দেশ দিছে। জিলা আয়ুক্তৰ অনুমোদনমৰ্মে জিলা প্রাথমিক শিক্ষা বিষয়া অথবা বিদ্যালয় পৰিদৰ্শক সকলে এনে বিদ্যালয়সমূহ সুচাৰুৰূপে পৰিচালনাৰ বাবে শিক্ষক নিযুক্তি দিব পাৰিব বুলি বিদ্যালয় শিক্ষা বিভাগে এটা নিৰ্দেশনাত প্ৰকাশ কৰিছে।

December 11, 2024 10:31 AM

views 60

অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ২৬,৯৬৯ গৰাকী শিক্ষাৰ্থীলৈ আনন্দৰাম বৰুৱা বঁটা

অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত আজিৰেপৰা ২৬ হাজাৰ ৯৬৯ গৰাকী শিক্ষাৰ্থীলৈ আনন্দৰাম বৰুৱা বঁটা আগবঢ়োৱা হ'ব। এই কাৰ্যসূচীৰ অধীনত দশম শ্ৰেণীৰ পৰীক্ষাত ৭৫ শতাংশ বা ততোধিক নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীসকলক সামৰি লোৱা হ'ব। আনহাতে ৬০ বাণীকান্ত কাকতি বঁটা প্ৰদান আঁচনিৰ অধীনত দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত কৃৰ্তিত্ব অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীসক স্কুটী বিতৰণ কাৰ্যসূচীৰ আজি শুভাৰম্ভ কৰা হ'ব। তেওঁ কয়, যে আনন্দৰাম বৰুৱা বঁটাপ্ৰাপ্ত শিক্ষার্থীক বেংক একাউণ্টৰ জৰিয়তে ১২,৫০০ টকাকৈ প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে এই বঁটা...

November 14, 2024 11:55 AM

views 53

বিদ্যালয় পৰ্যায়ত খালী হৈ থকা ১৫,২৬৫টা শিক্ষক পদ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ শিক্ষা বিভাগৰ

ৰাজ্যৰ শিক্ষা বিভাগে বিদ্যালয় পৰ্যায়ত খালী হৈ থকা ১৫ হাজাৰ ২৬৫টা শিক্ষক পদ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ২০২৩ চনৰ ডিচেম্বৰ মাহত বিজ্ঞাপন প্ৰকাশ হোৱা ৫ হাজাৰ ৫৫০টা প্রাথমিক শিক্ষক পদ পূৰণৰ বাবে প্ৰাৰ্থী বাছনি প্রক্রিয়া সম্পন্ন কৰাৰ পাছত মাধ্যমিক পৰ্যায়ত শিক্ষকৰ অভাৱ দূৰ কৰিবলৈ শিক্ষা বিভাগে ৯ হাজাৰ ৭১৭টা পদত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে। মাধ্যমিক শিক্ষা সঞ্চালকালয়ে মাধ্যমিক স্তৰত চৰকাৰী আৰু প্ৰাদেশিকৃত বিদ্যালয়ত স্নাতকোত্তৰ আৰু স্নাতক শিক্ষকৰ পদত নিযুক্তিৰ বাবে আবেদনৰ সময় বৃদ্ধি কৰিছে। ...

October 26, 2024 6:37 PM

views 54

মাধ্যমিক শিক্ষা সঞ্চালকালয়, প্রাথমিক শিক্ষা সঞ্চালকালয় আৰু সমগ্ৰ শিক্ষাৰ অধীনত কৰ্মৰত শিক্ষকে স্নাতকোত্তৰ আৰু স্নাতক শিক্ষক পদৰ বাবে আবেদন কৰিব পাৰিব

মাধ্যমিক শিক্ষা সঞ্চালকালয়, প্রাথমিক শিক্ষা সঞ্চালকালয় আৰু সমগ্ৰ শিক্ষাৰ অধীনত কৰ্মৰত সকলো শিক্ষকে অলপতে প্রকাশিত বিজ্ঞাপন অনুসৰি স্নাতকোত্তৰ আৰু স্নাতক শিক্ষক পদৰ বাবে আবেদন কৰিব পাৰিব। শিক্ষা মন্ত্ৰী ডা০ ৰণোজ পেণ্ডৰ অনুমোদনমৰ্মে ৰাজ্য চৰকাৰ বিদ্যালয় শিক্ষা বিভাগে পদসমূহৰ বিপৰীতে আবেদন কৰাৰ বাবে সমূহীয়াভাৱে আপত্তিবিহীন প্ৰমাণপত্ৰ প্ৰদান কৰিছে। অৱশ্যে নির্দেশনাটোত উল্লেখ থকা অনুসৰি শিক্ষক পদৰ বাবে বাছনি হোৱাৰ পাছত নিযুক্তিৰ বাবে সংশ্লিষ্ট শিক্ষকগৰাকীয়ে আপত্তিবিহীন প্রমাণপত্র দাখিল কৰিব লাগি...

October 22, 2024 11:29 AM

views 56

২০২৫ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ দিন ঘোষণা

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ২০২৫ বৰ্ষত অনুষ্ঠিত হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে অনলাইন পোৰ্টেলৰ জৰিয়তে প্ৰ-পত্ৰ পূৰণৰ দিন ঘোষণা কৰিছে। এই অনুসৰি sebaregistration.org শীৰ্ষক পোৰ্টেলৰ জৰিয়তে কাইলৈৰ পৰা ১৪ নৱেম্বৰলৈ বিদ্যালয়সমূহে প্ৰপত্ৰ পূৰণ কৰিব পাৰিব বুলি পৰিষদৰ সচিবে প্রকাশ কৰিছে। ইপিনে, অনলাইন মাচুল পৰিশোধৰ অন্তিম দিন ১৫ নৱেম্বৰ ধাৰ্য কৰা হৈছে। একেদৰে ১৮ নৱেম্বৰ পৰ্যন্ত চালানৰ ধন পৰিশোধ কৰিব পাৰিব। অনলাইন শুধৰণীৰ বাবে ৩০ নৱেম্বৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। প্...