ৰাজ্যৰ ১১ খন জিলাৰ ১৬ হাজাৰ চৰকাৰী বিদ্যালয়ৰ ১৪ লাখৰো অধিক ছাত্ৰ-ছাত্ৰীক সামৰি কালি আৰম্ভ হোৱা এই বছৰৰ প্ৰথম পৰ্যায়ৰ গুণোৎসৱৰ আজি বহিঃমূল্যায়ন কৰা হৈছে। গুণোৎসৱৰ আজি দ্বিতীয় দিনা শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে লখিমপুৰ জিলাৰ পদ্মনাথ গোহাঁইবৰুৱা উচ্চ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন কৰি কাৰ্যসূচীৰ বুজ লয়। ৭ ফেব্ৰুৱাৰীলৈ তিনিটা পৰ্যায়ত হ’বলগীয়া এই গুণোৎসৱ ৰাজ্যৰ শিক্ষা খণ্ডৰ গুণগত মান নিশ্চিতকৰণৰ নিৰন্তৰ প্ৰয়াস বুলিও শিক্ষা মন্ত্ৰীয়ে মন্তব্য কৰে। কামৰূপ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই আজি আমিনগাঁও বেংগলী বিদ্যালয়ত গুণোৎসৱৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। শিৱসাগৰ জিলাতো এহেজাৰ ২৪১ খন শিক্ষানুষ্ঠানৰ ৭০ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীক সামৰি গুণোৎসৱ অনুষ্ঠিত হৈছে। ইয়াৰ বাবে ৪৮২ গৰাকী বহিঃমূল্যায়ক, ১২৩ গৰাকী সমন্বয়ক আৰু এহেজাৰ ২৪১ গৰাকী ন’ডেল শিক্ষক নিয়োগ কৰা হৈছে।
Assamese | January 7, 2025 9:05 PM | Assam | Assam Education | Gunotsav Assam
কালি আৰম্ভ হোৱা ২০২৫ বৰ্ষৰ প্ৰথম পৰ্যায়ৰ গুণোৎসৱৰ আজি বহিঃমূল্যায়ন