পৰহিলৈৰ পৰা হ’বলগীয়া হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন জিলাসমূহত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে। সেই অনুসৰি পৰীক্ষা কেন্দ্ৰসমূহৰ ৫০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত জনসাধাৰণৰ সমাগম নিষিদ্ধ কৰা হৈছে। ইয়াৰ লগতে পৰীক্ষাৰ্থীসকলে মোবাইল ফোন, স্মার্ট ঘড়ী, ইলেকট্রনিক পেন, কেলকুলেটৰ আদি সামগ্ৰী লৈ পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিব নোৱাৰিব। পৰীক্ষা ব্যৱস্থাৰ স্বচ্ছতা, সততা আৰু শৃংখলাবদ্ধতা বৰ্তাই ৰখাৰ উদ্দেশ্যে এই নিষেধাজ্ঞা জাৰি কৰা হৈছে।
Assamese | February 11, 2025 2:52 PM | Assam Education | HSLC | HSLC Exam
হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাঃ বিভিন্ন জিলাত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি