December 5, 2025 6:40 PM

views 53

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ব্যৱহাৰিক পৰীক্ষাৰ সময়সূচী ঘোষণা

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ব্যৱহাৰিক পৰীক্ষাৰ সময়সূচী ঘোষণা কৰিছে। এই সময়সূচী অনুসৰি নিৰ্ধাৰিত বিষয়সমূহৰ বাবে অহা ২৮ আৰু ২৯ জানুৱাৰীত ব্যৱহাৰিক পৰীক্ষা অনুষ্ঠিত হ'ব।

November 17, 2025 5:32 PM

views 110

হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২৬ৰ অনলাইন আবেদনৰ সময়সীমা পুনৰ বৃদ্ধি

হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২৬ৰ অনলাইন আবেদনৰ সময়সীমা পুনৰ বৃদ্ধি কৰা হৈছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কালি এটা নিৰ্দেশযোগে এইকথা প্ৰকাশ কৰিছে। অনলাইন আবেদনৰ বাবে আজিৰ পৰা অহা ২০ নৱেম্বৰলৈ নিৰ্দিষ্ট পোৰ্টেল মুকলি কৰি দিয়া হৈছে। শিক্ষাৰ্থীসকলে ২১ নৱেম্বৰ পৰ্যন্ত মাছুল আদায় দিব পাৰিব। প্ৰ-পত্ৰ পূৰণৰ কাম সম্পূর্ণ নকৰা সকলো শিক্ষানুষ্ঠানকে নিৰ্ধাৰিত সময়ৰ ভিতৰত এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশনাটোত কোৱা হৈছে। পৰৱৰ্তী সময়ত কোনোধৰণৰ পৰিস্থিতিতে প্ৰ-পত্ৰ পূৰণৰ সময়সীমা বৃদ্ধি কৰা নহয...

October 30, 2025 12:35 PM

views 70

অহা ১ পৰা ৬ নৱেম্বৰলৈ হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২৬ ৰ প্ৰ-পত্ৰ পূৰণৰ অনলাইন পোর্টেল পুনৰ মুকলি

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২৬ ৰ প্ৰ-পত্ৰ পূৰণৰ বাবে অহা ১ নৱেম্বৰৰ পৰা ৬ নৱেম্বৰলৈ অনলাইন পোর্টেল পুনৰ মুকলি কৰাৰ কথা ঘোষণা কৰিছে। এই সন্দৰ্ভত পৰিষদে এখন অধিসূচনা জাৰি কৰি যিসমূহ পঞ্জীয়নকৃত বিদ্যালয়ে এতিয়াও প্ৰপত্ৰ পূৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা নাই সেই বিদ্যালয়সমূহক নির্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ আহ্বান জনাইছে। ১ ৰ পৰা ৬ নবেম্বৰলৈ অনলাইন পোর্টেলৰ জৰিয়তে প্ৰপত্ৰ পূৰণ কৰা পৰীক্ষাৰ্থীসকলক দৰিদ্ৰ সীমাৰেখাৰ ওপৰৰ বুলি গণ্য কৰা হব বুলি নির্দেশটোত উল্লেখ কৰা হৈছ...

February 14, 2025 7:14 PM

views 58

কাইলৈ ৰাজ্যৰ ৯৪৪টা পৰীক্ষা কেন্দ্ৰত হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হ’ব

ৰাজ্যৰ ৯৪৪টা পৰীক্ষা কেন্দ্ৰত কাইলৈ চলিত বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ হ'ব। এইবাৰ মুঠ ৪লাখ ২৯ হাজাৰ ৪৪৮ গৰাকী পৰীক্ষাৰ্থী এই পৰীক্ষাত অৱতীৰ্ণ হ'ব। পৰিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ ৩১টা অতিৰিক্ত পৰীক্ষা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হ'ব আৰু ৪২টা মূল্যায়ন কেন্দ্ৰত উত্তৰ বহী মূল্যায়ন কৰা হ'ব। পৰীক্ষা নিয়াৰিকৈ পৰিচালনাৰ বাবে ইতিমধ্যে সংশ্লিষ্ট জিলা আয়ুক্তসকলে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। সেই অনুসৰি পৰীক্ষা কেন্দ্ৰৰ ১৫ মিটাৰ ব্যাসাৰ্দ্ধৰ ভিতৰত পৰিক্ষাৰ্থীৰ বাহিৰে আন লোকৰ প...

February 11, 2025 2:52 PM

views 55

হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাঃ বিভিন্ন জিলাত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি

পৰহিলৈৰ পৰা হ'বলগীয়া হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন জিলাসমূহত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে। সেই অনুসৰি পৰীক্ষা কেন্দ্ৰসমূহৰ ৫০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত জনসাধাৰণৰ সমাগম নিষিদ্ধ কৰা হৈছে। ইয়াৰ লগতে পৰীক্ষাৰ্থীসকলে মোবাইল ফোন, স্মার্ট ঘড়ী, ইলেকট্রনিক পেন, কেলকুলেটৰ আদি সামগ্ৰী লৈ পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিব নোৱাৰিব। পৰীক্ষা ব্যৱস্থাৰ স্বচ্ছতা, সততা আৰু শৃংখলাবদ্ধতা বৰ্তাই ৰখাৰ উদ্দেশ্যে এই নিষেধাজ্ঞা জাৰি ...

October 22, 2024 11:29 AM

views 56

২০২৫ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ দিন ঘোষণা

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ২০২৫ বৰ্ষত অনুষ্ঠিত হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে অনলাইন পোৰ্টেলৰ জৰিয়তে প্ৰ-পত্ৰ পূৰণৰ দিন ঘোষণা কৰিছে। এই অনুসৰি sebaregistration.org শীৰ্ষক পোৰ্টেলৰ জৰিয়তে কাইলৈৰ পৰা ১৪ নৱেম্বৰলৈ বিদ্যালয়সমূহে প্ৰপত্ৰ পূৰণ কৰিব পাৰিব বুলি পৰিষদৰ সচিবে প্রকাশ কৰিছে। ইপিনে, অনলাইন মাচুল পৰিশোধৰ অন্তিম দিন ১৫ নৱেম্বৰ ধাৰ্য কৰা হৈছে। একেদৰে ১৮ নৱেম্বৰ পৰ্যন্ত চালানৰ ধন পৰিশোধ কৰিব পাৰিব। অনলাইন শুধৰণীৰ বাবে ৩০ নৱেম্বৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। প্...

August 2, 2024 12:24 PM

views 51

শীঘ্ৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰা বিভাগ প্ৰদানৰ ব্যৱস্থা আঁতৰ কৰা হ’বঃ ৰণোজ পেগু

ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তনৰ লক্ষ্যৰে শিক্ষা বিভাগে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ অংশ হিচাপে শীঘ্ৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰা বিভাগ প্ৰদানৰ ব্যৱস্থা আঁতৰ কৰা হ’ব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ঘোষণা কৰিছে। অসম মাধ্যমিক শিক্ষা পৰিষদ আৰু আজিম প্রেমজি বিশ্ববিদ্যালয়ৰ সহযোগত কালি গুৱাহাটীত অনুষ্ঠতি প্রশ্নকাকত প্রস্তুত সম্পৰ্কীয় এখন কর্মশালাত উপস্থিতি থাকি শিক্ষামন্ত্রী ডাঃ পেগুৱে কয় যে, ইতিমধ্যে স্থান লাভৰ ব্যৱস্থা আঁতৰোৱাৰ পিছত অহা এক-দুই বছৰৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰ...

April 3, 2024 12:59 PM

views 104

২০ এপ্ৰিলৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’বঃ মুখ্যমন্ত্ৰী

অহা ২০ এপ্ৰিলৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব বুলি কালি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। বিহুৰ আনন্দৰ মাজতে শিক্ষাৰ্থীয়ে ফলাফল লাভ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। সৰুপথাৰত কালি অনুষ্ঠিত নির্বাচনী সভাত ভাষণ দি তেওঁ এই কথা প্ৰকাশ কৰে। উল্লেখযোগ্য যে, হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল মে' মাহত ঘোষণা কৰা হয়। কিন্তু এইবাৰ পূৰ্বতকৈ আগতে এই পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। উল্লেখযোগ্য যে, হাইস্কুল শিক্ষান্ত পৰীক্ষা ফেব্ৰুৱ...