হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২৬ৰ অনলাইন আবেদনৰ সময়সীমা পুনৰ বৃদ্ধি কৰা হৈছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কালি এটা নিৰ্দেশযোগে এইকথা প্ৰকাশ কৰিছে। অনলাইন আবেদনৰ বাবে আজিৰ পৰা অহা ২০ নৱেম্বৰলৈ নিৰ্দিষ্ট পোৰ্টেল মুকলি কৰি দিয়া হৈছে। শিক্ষাৰ্থীসকলে ২১ নৱেম্বৰ পৰ্যন্ত মাছুল আদায় দিব পাৰিব। প্ৰ-পত্ৰ পূৰণৰ কাম সম্পূর্ণ নকৰা সকলো শিক্ষানুষ্ঠানকে নিৰ্ধাৰিত সময়ৰ ভিতৰত এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশনাটোত কোৱা হৈছে। পৰৱৰ্তী সময়ত কোনোধৰণৰ পৰিস্থিতিতে প্ৰ-পত্ৰ পূৰণৰ সময়সীমা বৃদ্ধি কৰা নহয় বুলি নিৰ্দেশনাটোত স্পষ্ট কৰি দিয়া হৈছে।
Assamese | November 17, 2025 5:32 PM | Akashvani Guwahati | HSLC | HSLC Exam 2026 | SEBA
হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২৬ৰ অনলাইন আবেদনৰ সময়সীমা পুনৰ বৃদ্ধি