June 23, 2026 12:41 PM

views 32

আজি দিনৰ ১১ বজাত হাইস্কুল শিক্ষান্ত কম্পার্টমেণ্টেল পৰীক্ষা ২০২৬ৰ ফলাফল ঘোষণা

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে আজি দিনৰ ১১ বজাত হাইস্কুল শিক্ষান্ত কম্পার্টমেণ্টেল পৰীক্ষা ২০২৬ৰ ফলাফল ঘোষণা কৰিছে। ছাত্ৰ-ছাত্ৰীসকলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ৱেবচাইট sebaonline.org ফলাফল লাভ কৰাৰ লগতে মার্কশ্বিট ডাউনলোড কৰিব পাৰিব। উল্লেখযোগ্য যে এইবাৰৰ কম্পার্টমেণ্টেল পৰীক্ষাত ৬৪ হাজাৰ ৫০গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল।

November 17, 2025 5:32 PM

views 110

হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২৬ৰ অনলাইন আবেদনৰ সময়সীমা পুনৰ বৃদ্ধি

হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২৬ৰ অনলাইন আবেদনৰ সময়সীমা পুনৰ বৃদ্ধি কৰা হৈছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কালি এটা নিৰ্দেশযোগে এইকথা প্ৰকাশ কৰিছে। অনলাইন আবেদনৰ বাবে আজিৰ পৰা অহা ২০ নৱেম্বৰলৈ নিৰ্দিষ্ট পোৰ্টেল মুকলি কৰি দিয়া হৈছে। শিক্ষাৰ্থীসকলে ২১ নৱেম্বৰ পৰ্যন্ত মাছুল আদায় দিব পাৰিব। প্ৰ-পত্ৰ পূৰণৰ কাম সম্পূর্ণ নকৰা সকলো শিক্ষানুষ্ঠানকে নিৰ্ধাৰিত সময়ৰ ভিতৰত এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশনাটোত কোৱা হৈছে। পৰৱৰ্তী সময়ত কোনোধৰণৰ পৰিস্থিতিতে প্ৰ-পত্ৰ পূৰণৰ সময়সীমা বৃদ্ধি কৰা নহয...

August 18, 2024 11:10 AM

views 64

অসম মাধ্যমিক শিক্ষা পৰিষদে বিদ্যালয়সমূহত বায়’মেট্রিক আপডেটৰ বাবে আধাৰ শিবিৰ মুকলি

NEET, JEE, CUET –কে ধৰি বিভিন্ন ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ সময়ত আধাৰ নম্বৰৰ প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি অসম মাধ্যমিক শিক্ষা পৰিষদে বিদ্যালয়সমূহত বায়’মেট্রিক আপডেটৰ বাবে আধাৰ শিবিৰ মুকলি কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এই সন্দৰ্ভত পৰিষদৰ সচিবে বিদ্যালয়সমূহৰ অধ্যক্ষ আৰু প্ৰধান শিক্ষকসকললৈ জাৰি কৰা নিৰ্দেশ অনুসৰি বিদ্যালয়সমূহক ৫ বছৰৰ পৰা ৭ বছৰ আৰু ১৫ বছৰৰ পৰা ১৭ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা, আধাৰ শিবিৰ স্থাপনৰ বাবে উপযুক্ত সময়সহ অন্যান্য যাৱতীয় তথ্য ১০ ছেপ্তেম...

May 30, 2024 2:28 PM

views 65

আজি অসম মাধ্যমিক শিক্ষা পৰিষদে ‘ছেবা ছাৰ্ভিচ’ প’ৰ্টেল মুকলি কৰিব

অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাই আজি ছেবা ছাৰ্ভিচ প’ৰ্টেল মুকলি কৰিব। সকলো বিদ্যালয়ে নৱম আৰু দশম শ্ৰেণীত অধ্যয়নৰত শিক্ষাৰ্থীসকলৰ প্ৰতিটো গোট পৰীক্ষাৰ নম্বৰ এই প'ৰ্টেলত আপলোড কৰাটো বাধ্যতামূলক। এই সন্দৰ্ভত ছেবাৰ সচিবে স্বাক্ষৰ কৰা জাননীখনত নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ প্ৰথম গোট পৰীক্ষা, ছমহীয়া পৰীক্ষা, দ্বিতীয় গোট পৰীক্ষা আৰু বছৰেকীয়া পৰীক্ষাৰ নম্বৰ ছেবা ছাৰ্ভিচ প'ৰ্টেলত আপলোড কৰিবলৈ প্ৰধান শিক্ষকসকললৈ নিৰ্দেশনা দিয়া হৈছে। নৱম শ্ৰেণীৰ নম্বৰসমূহ অন্তৰ্ভুক্তিৰ বাবে প'ৰ্টেলটো অহা ৩০ জুনলৈ ম...

April 28, 2024 1:09 PM

views 57

হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিক্ষাৰ্থীসকলে  বিকল্প প্রশ্ন আৰু বৰ্ণনাত্মক প্ৰশ্নৰ দুয়োটা শিতানতে পৃথকে উত্তীৰ্ণৰ নম্বৰ পাব লাগিব

অসম মাধ্যমিক শিক্ষা পৰিষদ ছেবাই মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত কেতবোৰ সংশোধনী ঘোষণা কৰিছে। এই সন্দৰ্ভত পৰিষদে এখন জাননী জাৰি কৰিছে। এই অনুসৰি চলিত শিক্ষা বৰ্ষৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিক্ষাৰ্থীসকলে বহু বিকল্প বিশিষ্ট প্রশ্ন আৰু বৰ্ণনাত্মক প্ৰশ্নৰ দুয়োটা শিতানতে উত্তীৰ্ণৰ বাবে পৃথকে পৃথকে ন্যূনতম নম্বৰ অৰ্জন কৰিব লাগিব। ইপিনে, চলিত শিক্ষাবৰ্ষৰ পৰাই নৱম শ্ৰেণীৰ পাঠ্যক্ৰমত কৃত্রিম বুদ্ধিমত্তা আৰু ৰবটিক্স বিষয়টো ঐচ্ছিক বিষয় হিচাপে সন্নিৱিষ্ট কৰা হ'ব বুলি মাধ্যমিক শিক্ষা পৰিষদে প্রকাশ কৰিছে। এ...