April 11, 2025 7:51 PM

views 65

আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ ৬৩.৯৮ শতাংশ

অসম ৰাজ্যিক শিক্ষা পৰিষদৰ অধীনৰ এই বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হয়। এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ হৈছে ৬৩.৯৮ শতাংশ। পৰীক্ষাত অৱতীৰ্ণ হোৱা ৪ লাখ ২২ হাজাৰ ৭৩৭ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৮৯ হাজাৰ ৪১ গৰাকী শিক্ষার্থী প্ৰথম বিভাগত, এক লাখ ৩৫ হাজাৰ ৫৬৮ গৰাকী দ্বিতীয় বিভাগত আৰু ৪৫ হাজাৰ ৮৬২ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। ৮৫.৫৫ শতাংশ উত্তীৰ্ণৰ হাৰেৰে শিৱসাগৰ জিলাই প্রথম স্থান, ৮১.১০ শতাংশৰে ডিব্ৰুগড় জিলাই দ্বিতীয় আৰু ৮০.৬৪ শতাংশ উত্তীৰ্ণৰ হাৰেৰে ধেমাজি জি...

April 4, 2025 6:36 PM

views 69

উচ্চতৰ মাধ্যমিক প্রথমবৰ্ষৰ বাকী থকা পৰীক্ষাসমূহ বাতিলৰ সিদ্ধান্ত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে উচ্চতৰ মাধ্যমিক প্রথমবৰ্ষৰ বাকী থকা পৰীক্ষাসমূহ বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পৰিপ্ৰেক্ষিতত শিক্ষকসকল নির্বাচনী কাম- কাজত ব্যস্ত থকাৰ উপৰি ২০ মে’ পর্যন্ত নিৰ্বাচনী প্ৰক্ৰিয়া চলিবলগীয়া বিষয়টো বিবেচনা কৰি বিদ্যালয় শিক্ষা পৰিষদে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সন্দৰ্ভত পৰিষদৰ সচিবে জাৰি কৰা নিৰ্দেষনা অনুসৰি প্ৰথমবৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা সকলো পৰীক্ষাৰ্থীয়ে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব। কোনো শিক্ষ...

April 1, 2025 11:16 AM

views 68

উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ প্ৰশ্নকাকত ফাদিলঃ নতুনকৈ পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ মুখ্যমন্ত্রীৰ আহ্বান

● উচ্চতৰ মাধ্যমিক প্রথম বৰ্ষৰ প্ৰশ্নকাকত ফাদিল হোৱা তিনিটা বিষয়ৰ পৰীক্ষা নতুনকৈ অনুষ্ঠিত নকৰাৰ কথা বিবেচনা কৰিবলৈ বাবে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ আৰু শিক্ষা বিভাগক মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছে। মুখ্যমন্ত্ৰীয়ে কালি সামাজিক মাধ্যমযোগে এই পৰামৰ্শ আগবঢ়ায়। তেওঁ কয়, যে দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে চূড়ান্ত পৰীক্ষা আৰু অন্য প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ সময় আহি পৰিছে। পঞ্চায়ত নিৰ্বাচনৰ পাছত একাদশ শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত কৰিলে পৰীক্ষাৰ্থীসকলৰ উদ্বেগ বৃদ্ধ...

March 27, 2025 11:13 AM

views 59

আজি ঘোষণা কৰা হ’ব ‘গুণোৎসৱ, ২০২৫’-ৰ ফলাফল

● গুণোৎসৱ, ২০২৫-ৰ ফলাফল আজি ঘোষণা কৰা হ'ব। এই উপলক্ষে গুৱাহাটী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অনুষ্ঠানত চলিত বৰ্ষৰ গুণগত মানৰ ঐক্যসাজ প্ৰদান আৰু মুক্ত, নিকা তথা স্বচ্ছভাৱে মূল্যায়ন কাৰ্যসূচী অনুষ্ঠিত কৰাৰ বাবে বাছনিকৃত তিনিখন জিলাক প্রশংসামূলক বঁটা প্ৰদান কৰা হ'ব। ইয়াৰ উপৰি অনুষ্ঠানত আৰোহণ কাৰ্যসূচীৰ অধীনত ৪,৩২০ গৰাকী শিক্ষাৰ্থীক টেবলেট প্ৰদান কৰা হ’ব আৰু যোৱাবছৰৰ গুণোৎসৱত এ প্লাছ গ্ৰেড লাভ কৰা ১১,৫৯৪ খন বিদ্যালয়ক উৎকৃষ্টতাৰ স্বীকৃতি আৰু ২৫ হাজাৰ টকাকৈ উদগনিমূলক অনুদান আগবঢ়োৱা হ'ব। উল্...

March 19, 2025 9:21 PM

views 49

নিম্ন আৰু উচ্চ প্ৰাথমিকৰ ৫,৫৫০টা শিক্ষক পদৰ বাবে কাইলৈৰ পৰা ১১ এপ্ৰিললৈ নথি পৰীক্ষাৰ দিন ঘোষণা

প্রাথমিক শিক্ষা সঞ্চালকালয়ে নিম্ন আৰু উচ্চ প্ৰাথমিকৰ ৫,৫৫০টা শিক্ষক পদৰ বাবে কাইলৈৰ পৰা ১১ এপ্ৰিললৈ নথি পৰীক্ষাৰ দিন ঘোষণা কৰিছে। সঞ্চালকালয়ে জাৰি কৰা জাননী অনুসৰি খানাপাৰাস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় অতিথিশালাত কাইলৈৰ পৰা ২৯ মাৰ্চলৈ প্ৰথম পৰ্যায় আৰু পহিলা এপ্ৰিলৰ পৰা ১১ এপ্ৰিললৈ দ্বিতীয় পৰ্যায়ৰ নথি পৰীক্ষা কৰা হ'ব। নথি পৰীক্ষাৰ বাবে যোগ্য বিবেচিত ৪ হাজাৰ ২০০ গৰাকী প্ৰাৰ্থীৰ নাম প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ ৱেবছাইট www.dee.assam.gov.in আপলোড কৰা হৈছে। নথি পৰীক্ষাৰ সময়ত প্...

March 11, 2025 8:48 PM

views 67

অসম ৰাষ্ট্রভাষা প্ৰচাৰ সমিতিৰ উদ্যোগত ২০২৫-২৬ শিক্ষাবৰ্ষৰ বাবে বিনামুলীয়া হিন্দী পাঠ্যপুথি বিতৰণ কাৰ্যসূচী শুভাৰম্ভ

অসম ৰাষ্ট্রভাষা প্ৰচাৰ সমিতিৰ উদ্যোগত আজি গুৱাহাটী মহানগৰীৰ ৰূপনগৰত ২০২৫-২৬ শিক্ষাবৰ্ষৰ বাবে বিনামুলীয়া হিন্দী পাঠ্যপুথি বিতৰণ কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। অসম ৰাজ্যিক পাঠ্যপুথি প্ৰনয়ন আৰু প্রকাশন নিগমৰ অধ্যক্ষ দেবানন্দ হাজৰিকাই পতাকা জোকাৰি এই কাৰ্যসূচী মুকলি কৰে। উল্লেখযোগ্য যে চলিত বৰ্ষত ৰাষ্ট্রভাষা প্ৰচাৰ সমিতিৰ অধীনত অধ্যয়নৰত প্ৰায় ২৩ লাখ শিক্ষার্থীৰ বাবে হিন্দী পাঠপুথি প্ৰেৰণ কৰা হ'ব। আজিৰ এই কাৰ্যসূচীৰ জৰিয়তে ৮ টা খণ্ডলৈ কিতাপ প্ৰেৰণ কৰা হৈছে। অহা ২৭ মাৰ্চৰ পূৰ্বে ৰাজ্যৰ প্ৰতিখন জিলাল...

March 2, 2025 9:37 PM

views 57

তিনিচুকীয়াৰ সমগ্ৰ শিক্ষা কোষে ২০২৪-২৫ বৰ্ষৰ বাবে দিব্যাংগ শিশুৰ মাজত সহায়ক সঁজুলি বিতৰণ

তিনিচুকীয়াৰ সমগ্ৰ  শিক্ষা কোষে আজি ২০২৪-২৫ বৰ্ষৰ বাবে দিব্যাংগ শিশুৰ মাজত সহায়ক সঁজুলি বিতৰণ কৰে। এই উপলক্ষে পি এম শ্রী আদর্শ প্রাথমিক বিদ্যালয়ত আয়োজিত অনুষ্ঠানত জিলাখনৰ মুঠ ১৬২ জন বিশেষভাৱে সক্ষম ছাত্র-ছাত্ৰীক হুইল চেয়াৰ, ট্রাই চাইকেল, শিকন-শিক্ষণ সঁজুলি আদি প্ৰদান কৰা হয়। ইয়াৰে ৫৯ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত শ্ৰৱণ যন্ত্ৰ বিতৰণ কৰা হয়। এই অনুষ্ঠানত তিনিচুকীয়া জিলাৰ সহকাৰী আয়ুক্ত মাধুৰিমা দিহিঙ্গীয়া, তিনিচুকীয়া পৌৰসভাৰ পৌৰপতি পুলক চেতিয়া, জিলা প্রাথমিক শিক্ষা বিষয়া তথা বিদ্যালয়সমূহৰ ...

February 17, 2025 8:07 PM

views 53

৪,৫০০টা প্রাথমিক শিক্ষক পদৰ বাবে অনলাইন আবেদনৰ তাৰিখ সলনি

অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে প্রকাশ কৰা ৪,৫০০টা প্রাথমিক শিক্ষক পদৰ বাবে অনলাইন আবেদনৰ তাৰিখ সলনি কৰা হৈছে। এই সন্দৰ্ভত সঞ্চালকালয়ে জাৰি কৰা নির্দেশনা অনুসৰি প্রার্থীসকলক অহা ৩ মাৰ্চৰ পৰা এই পদসমূহৰ বাবে অনলাইন আবেদন কৰিবলৈ কোৱা হৈছে। উল্লেখযোগ্য যে প্রাথমিক শিক্ষা সঞ্চালকালয়ে প্রাথমিক বিদ্যালয়ৰ দুহেজাৰ ৯০০টা আৰু উচ্চ প্ৰাথমিকৰ ৬০০টা শিক্ষক প বাবে বিজ্ঞাপন প্ৰকাশ কৰিছিল৷

February 12, 2025 11:01 AM

views 80

কাইলৈৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা

ৰাজ্যত কাইলৈৰ পৰা হ'বলগীয়া উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। এইবাৰ মুঠ ৩ লাখ ৬,৮৪১ গৰাকী পৰিক্ষাৰ্থী এই পৰীক্ষাত অৱতীৰ্ণ হ'ব। ৰাজ্যৰ মুঠ ৮৫৬টা পৰীক্ষা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হ'ব। এই পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰু অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰিপ্ৰেক্ষিতত বিদ্যালয় শিক্ষা বিভাগে ইতিমধ্যে দুখনকৈ গুৰুত্বপূৰ্ণ সমিতি গঠন ...

February 11, 2025 2:52 PM

views 55

হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাঃ বিভিন্ন জিলাত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি

পৰহিলৈৰ পৰা হ'বলগীয়া হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন জিলাসমূহত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে। সেই অনুসৰি পৰীক্ষা কেন্দ্ৰসমূহৰ ৫০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত জনসাধাৰণৰ সমাগম নিষিদ্ধ কৰা হৈছে। ইয়াৰ লগতে পৰীক্ষাৰ্থীসকলে মোবাইল ফোন, স্মার্ট ঘড়ী, ইলেকট্রনিক পেন, কেলকুলেটৰ আদি সামগ্ৰী লৈ পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিব নোৱাৰিব। পৰীক্ষা ব্যৱস্থাৰ স্বচ্ছতা, সততা আৰু শৃংখলাবদ্ধতা বৰ্তাই ৰখাৰ উদ্দেশ্যে এই নিষেধাজ্ঞা জাৰি ...