অসম ৰাষ্ট্রভাষা প্ৰচাৰ সমিতিৰ উদ্যোগত আজি গুৱাহাটী মহানগৰীৰ ৰূপনগৰত ২০২৫-২৬ শিক্ষাবৰ্ষৰ বাবে বিনামুলীয়া হিন্দী পাঠ্যপুথি বিতৰণ কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। অসম ৰাজ্যিক পাঠ্যপুথি প্ৰনয়ন আৰু প্রকাশন নিগমৰ অধ্যক্ষ দেবানন্দ হাজৰিকাই পতাকা জোকাৰি এই কাৰ্যসূচী মুকলি কৰে। উল্লেখযোগ্য যে চলিত বৰ্ষত ৰাষ্ট্রভাষা প্ৰচাৰ সমিতিৰ অধীনত অধ্যয়নৰত প্ৰায় ২৩ লাখ শিক্ষার্থীৰ বাবে হিন্দী পাঠপুথি প্ৰেৰণ কৰা হ’ব। আজিৰ এই কাৰ্যসূচীৰ জৰিয়তে ৮ টা খণ্ডলৈ কিতাপ প্ৰেৰণ কৰা হৈছে। অহা ২৭ মাৰ্চৰ পূৰ্বে ৰাজ্যৰ প্ৰতিখন জিলালৈ এই পাঠ্যপুথি প্ৰেৰণ কৰা হ’ব বুলি অধ্যক্ষ শ্ৰীহাজৰিকাই জানিবলৈ দিয়ে।
Assamese | March 11, 2025 8:48 PM | Akashvani Guwahati | Assam Education
অসম ৰাষ্ট্রভাষা প্ৰচাৰ সমিতিৰ উদ্যোগত ২০২৫-২৬ শিক্ষাবৰ্ষৰ বাবে বিনামুলীয়া হিন্দী পাঠ্যপুথি বিতৰণ কাৰ্যসূচী শুভাৰম্ভ