July 18, 2025 10:26 AM

views 52

উচ্চতৰ কাৰিকৰী শিক্ষা বিভাগত ৩৪২ গৰাকী প্ৰাৰ্থীক আজি নিযুক্তি

■ ৰাজ্য চৰকাৰে স্বচ্ছ আৰু মেধাভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে আজি উচ্চতৰ কাৰিকৰী শিক্ষা বিভাগত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়া হ'ব। ইয়াৰ ভিতৰত কাৰিকৰী প্ৰতিষ্ঠানৰ প্ৰৱৰ্ত্তা পদত ২৩৬ গৰাকী, অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু কাৰিকৰী প্ৰতিষ্ঠানৰ জ্যেষ্ঠ প্রশিক্ষক পদত ৮৫ গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়া হ'ব। ইয়াৰ লগে লগে ৰাজ্যত সৰ্বমুঠ নিযুক্তিপ্ৰাপ্ত প্ৰাৰ্থীৰ সংখ্যা ১ লাখ ২১ হাজাৰ ১৮২ লৈ বৃদ্ধি পাব। ইপিনে, ৰাজ্যত শীঘ্ৰেই প্ৰায় ৮ হাজাৰ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকক নিযুক্তি দিয়া হ'ব। শিক্...

July 2, 2025 1:47 PM

views 66

ৰাজ্যৰ বিদ্যালয়সমূহত মঙলবাৰৰ পৰা গৰম বন্ধ আৰম্ভ

■ ৰাজ্যৰ বিদ্যালয়সমূহত কালিৰেপৰা গৰম বন্ধ আৰম্ভ হৈছে। এই সময়ছোৱাত ছাত্ৰ-ছাত্ৰীসকলৰ শাৰীৰিক-মানসিক বিকাশৰ লগতে গঠনমূলক কার্যত জড়িত কৰোৱাৰ উদ্দেশ্যে শিক্ষা বিভাগ আৰু শৈক্ষিক প্রতিষ্ঠানসমূহে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। গ্রীষ্ম বন্ধৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলাৰ সমগ্ৰ শিক্ষাৰ জিলা মিছন সমন্বয়ক দীপিকা চৌধুৰীয়ে বিদ্যালয়প্ৰধানসকললৈ এলানি নির্দেশনা জাৰি কৰিছে। নিৰ্দেশনা অনুসৰি শিক্ষাৰ্থীসকলক নিজৰ বংশৰ শিপাৰ সৈতে পৰিচয় কৰাই দিয়াৰ বাবে পিতৃৰ চাৰিটা প্ৰজন্মৰ বংশবৃক্ষ প্ৰস্তুত কৰাৰ লগতে ককা-...

June 10, 2025 6:33 PM

views 77

উৎকট গৰমৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়ৰ সাল-সলনি

উৎকট গৰমৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময় সাল-সলনি কৰাৰ বাবে বিদ্যালয়সমূহৰ পৰিদৰ্শকে এটা নিৰ্দেশ জাৰি কৰিছে। এই অনুসৰি কাইলৈৰ পৰা নিম্ন প্ৰাথমিক বিদ্যালয়সমূহৰ পাঠদান পুৱা ৭.৩০ বজাৰ পৰা ১১.৩০ বজালৈ, মধ্য ইংৰাজী বিদ্যালয়সমূহৰ পাঠদান পুৱা ৭.৩০ বজাৰ পৰা দিনৰ ১২ বজালৈ আৰু উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহৰ পাঠদান পুৱা ৭.৩০ বজাৰ পৰা দিনৰ ১২.৩০ বজালৈ কৰা হ'ব। বিদ্যালয়সমূহক লগতে প্রাতঃসভা শ্ৰেণীকোঠাৰ ভিতৰত অথবা ছাঁ পৰা স্থানত অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। তদু...

June 6, 2025 7:08 PM

views 94

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ২০২৫-২৬ শৈক্ষিক বৰ্ষৰ বাবে নৱম শ্ৰেণীৰ পঞ্জীয়নৰ সময়সীমা ২দিনলৈ বৃদ্ধি

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ২০২৫-২৬ শৈক্ষিক বৰ্ষৰ বাবে নৱম শ্ৰেণীৰ পঞ্জীয়নৰ সময়সীমা দুদিন বৃদ্ধি কৰিছে। এই সন্দৰ্ভত পৰিষদৰ সচিবে জাৰি কৰা নিৰ্দেশনা অনুসৰি অহা ৯ আৰু ১০ জুনত নৱম শ্ৰেণীৰ শিক্ষাৰ্থীৰ পঞ্জীয়নৰ বাবে প'ৰ্টেল মুকলি কৰিব। এই সময়ছোৱাত সকলো বিদ্যালয়কে পঞ্জীয়ন প্রক্রিয়া সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। পৰৱৰ্তী পৰ্যায়ত পঞ্জীয়নৰ সময়সীমা বৃদ্ধি কৰা নহ'ব আৰু অফ লাইনত কোনো আবেদন গ্ৰহণ কৰা নহ'ব বুলি নিৰ্দেশনাটোৰ জৰিয়তে সচিবে প্রকাশ কৰিছে।

May 29, 2025 6:39 PM

views 67

স্নাতকোত্তৰ শিক্ষক পদৰ নিযুক্তি পৰীক্ষাত লাভ কৰা নম্বৰসমূহ শুকুৰবাৰে দিনৰ ১১ বজাৰ পৰা ৰাজ্য চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ ৱেবছাইটত উপলব্ধ হ’ব

স্নাতকোত্তৰ শিক্ষক পদৰ বাবে যোৱা ১৯ জানুৱাৰীত অনুষ্ঠিত টেট তথা নিযুক্তি পৰীক্ষাত লাভ কৰা নম্বৰসমূহ কাইলৈ দিনৰ ১১ বজাৰ পৰা ৰাজ্য চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ ৱেবছাইটত উপলব্ধ হ'ব। এই সন্দৰ্ভত মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ সঞ্চালক মমতা হোজায়ে জাৰি কৰা জাননী অনুসৰি প্ৰাৰ্থীসকলে ৱেবছাইটৰ পৰা নম্বৰসমূহ ডাউনলোড কৰিব পাৰিব। যিসকল প্রার্থী নথিপত্ৰ পৰীক্ষাৰ বাবে বাছনি হ'ব, তেওঁলোকে প্ৰৱেশ পত্ৰ ডাউনল'ড কৰিব পাৰিব। বাছনি হোৱা প্ৰাৰ্থীসকলে পৰৱৰ্ত্তী নিৰ্ধাৰিত তাৰিখ আৰু সময়ত নথি পৰীক্ষণত উপস্থিত থাকিব...

April 26, 2025 8:31 PM

views 69

ৰাজ্যৰ ৯২ খন উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত

কাহিলিপাৰাৰ মাধ্যমিক শিক্ষা সঞ্চাকালয়ে নিৰ্দেশনাযোগে ৰাজ্যৰ ৯২ খন উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰিছে। কামৰূপ জিলাৰ সৰ্বাধিক ১৬ খন উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা হৈছে।

April 22, 2025 10:23 AM

views 114

অসম চৰকাৰৰ শিক্ষা সেতু এপলৈ প্রধানমন্ত্ৰীৰ ৰাজহুৱা প্রশাসন উৎকৰ্ষ বঁটা

■ ৰাজ্যখনৰ শিক্ষা খণ্ডত নতুনত্বৰ সঞ্চাৰ কৰা অসম চৰকাৰৰ শিক্ষা সেতু এপে প্রধানমন্ত্ৰীৰ ৰাজহুৱা প্রশাসন উৎকৰ্ষ বঁটা লাভ কৰিছে। সপ্তদশ অসামৰিক সেৱা দিৱস উপলক্ষে কালি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত এটা বিশেষ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বঁটা প্ৰদান কৰে। সমগ্ৰ শিক্ষাৰ মিছন সঞ্চালক ড° ওম প্রকাশে এই বঁটা গ্ৰহণ কৰে। ৰাজ্যৰ বিদ্যালয়সমূহৰ ব্যৱস্থাপনাৰ দিশত স্বচ্ছতা আৰু গতি অনাৰ লক্ষ্যৰে আৰম্ভ কৰা শিক্ষা সেতু এপে শিক্ষাৰ্থী আৰু শিক্ষকৰ উপস্থিতি সুশৃংখলিত কৰি তোলাৰ উপৰি ৰাজ্যৰ বিদ্যালয়সম...

April 22, 2025 9:58 AM

views 71

ৰেচন কাৰ্ড থকা পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীয়ে আয়ৰ প্ৰমাণ-পত্ৰ অবিহনে মহাবিদ্যালয়ত বিনামূলীয়াকৈ নামভৰ্তি কৰিব পাৰিবঃ মুখ্যমন্ত্ৰী

● ৰেচন কাৰ্ড থকা পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীয়ে এতিয়াৰে পৰা আয়ৰ প্ৰমাণ-পত্র অবিহনে মহাবিদ্যালয়ত বিনামূলীয়াকৈ নামভৰ্তি কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰিছে। এই সন্দৰ্ভত অচিৰেই চৰকাৰী জাননী প্ৰেৰণ কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুক আহ্বান জনাইছে। কালি ধেমাজি আৰু ডিগবৈত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ পঞ্চায়ত নিৰ্বাচন প্ৰচাৰ চলোৱাৰ সময়ত মুখ্যমন্ত্ৰী ড০ শৰ্মাই এই কথা ঘোষণা কৰিছে। তেওঁ কয়, যে ছাত্ৰ-ছাত্ৰীসকলে এতিয়াৰে পৰা মহাবিদ্যালয়ত নামভৰ্তিৰ বাবে গাঁওবুঢ...

April 21, 2025 11:00 AM

views 88

ৰাজ্যৰ বিদ্যালয়সমূহত চলিত বৰ্ষৰ নামভৰ্তিৰ ক্ষেত্ৰত UDISE সূচ্যাংক বাধ্যতামূলক নহয়

● ৰাজ্যৰ বিদ্যালয়সমূহত চলিত বৰ্ষৰ নামভৰ্তিৰ ক্ষেত্ৰত শিক্ষাৰ সংহত জিলা তথ্য ব্যৱস্থা চমুকৈ UDISE সূচ্যাংক বাধ্যতামূলক নহয় বুলি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে জাননী জাৰি কৰিছে। জাননীত উল্লেখ থকা অনুসৰি ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰাহে শিক্ষাৰ্থীৰ পঞ্জীয়ন আৰু নামভৰ্তিৰ বাবে বিদ্যালয়সমূহৰ UDISE সূচ্যাংক বাধ্যতামূলক হ'ব। ইয়াৰ অবিহনে নৱম শ্ৰেণীৰ পঞ্জীয়ন আৰু একাদশ শ্ৰেণীৰ নামভৰ্তিত অনুমতি প্ৰদান কৰা নহ'ব। উল্লেখযোগ্য যে শিক্ষাৰ সংহত জিলা তথ্য ব্যৱস্থাত প্ৰাক প্ৰাথমিকৰ পৰা দ্বাদশ শ্ৰেণীলৈকে আনুষ্ঠা...

April 11, 2025 8:00 PM

views 62

শিক্ষা সেঁতু এপত অনিয়মীয়া উপস্থিতিৰ বাবে ধুবুৰী জিলাত ৩৮৭ গৰাকী শিক্ষকৰ দৰমহা কৰ্তনৰ নিৰ্দেশ

শিক্ষা সেঁতু এপত অনিয়মীয়া উপস্থিতিৰ বাবে ধুবুৰী জিলাত ৩৮৭ গৰাকী শিক্ষকৰ দৰমহা কৰ্তনৰ নিৰ্দেশ দিয়া হৈছে। জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক আদিত কুমাৰ শৰ্মাই এই নিৰ্দেশ জাৰি কৰিছে। যোৱা ৯ এপ্ৰিলত এই শিক্ষকসকলৰ উপস্থিতি শিক্ষা সেঁতু এপত লাভ নকৰাৰ বাবে তেওঁলোকৰ দৰমহা কৰ্তন কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক পৰিদৰ্শকে নির্দেশ দিয়ে। এই ব্যৱস্থা গ্ৰহণৰ প্ৰতিবেদন বিষয়াসকলে কৰ্তৃপক্ষৰ ওচৰত দাখিল কৰিব লাগিব বুলি চৰকাৰী নিৰ্দেশটোত কোৱা হৈছে। অৱশ্যে আৰ্জিত ছুটি, সন্তান পৰিচৰ্য্যা ছুটি, প্রসুতিকালিন ছুটি অথবা বি...