উৎকট গৰমৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময় সাল-সলনি কৰাৰ বাবে বিদ্যালয়সমূহৰ পৰিদৰ্শকে এটা নিৰ্দেশ জাৰি কৰিছে। এই অনুসৰি কাইলৈৰ পৰা নিম্ন প্ৰাথমিক বিদ্যালয়সমূহৰ পাঠদান পুৱা ৭.৩০ বজাৰ পৰা ১১.৩০ বজালৈ, মধ্য ইংৰাজী বিদ্যালয়সমূহৰ পাঠদান পুৱা ৭.৩০ বজাৰ পৰা দিনৰ ১২ বজালৈ আৰু উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহৰ পাঠদান পুৱা ৭.৩০ বজাৰ পৰা দিনৰ ১২.৩০ বজালৈ কৰা হ’ব। বিদ্যালয়সমূহক লগতে প্রাতঃসভা শ্ৰেণীকোঠাৰ ভিতৰত অথবা ছাঁ পৰা স্থানত অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। তদুপৰি ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়ত থকা সময়ছোৱাত পর্যাপ্ত পৰিমাণে পানী খোৱাটো নিশ্চিত কৰাৰ বাবে বিদ্যালয়ৰ প্ৰাংগণত খোৱাপানীৰ সুবিধা নিশ্চিত কৰিবলৈ নিৰ্দেশটোত উল্লেখ কৰা হৈছে। বিদ্যালয়সমূহৰ শ্ৰেণীকোঠাত যাতে ভালদৰে বতাহ চলাচল কৰিব পাৰে আৰু সকলো বৈদ্যুতিক ফেন কাৰ্যক্ষম হৈ থকাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
Assamese | June 10, 2025 6:33 PM | Akashvani | Akashvani Guwahati | Akashvani News | Assam Education | Assam Heatwave | Assam School
উৎকট গৰমৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়ৰ সাল-সলনি