স্নাতকোত্তৰ শিক্ষক পদৰ বাবে যোৱা ১৯ জানুৱাৰীত অনুষ্ঠিত টেট তথা নিযুক্তি পৰীক্ষাত লাভ কৰা নম্বৰসমূহ কাইলৈ দিনৰ ১১ বজাৰ পৰা ৰাজ্য চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ ৱেবছাইটত উপলব্ধ হ’ব। এই সন্দৰ্ভত মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ সঞ্চালক মমতা হোজায়ে জাৰি কৰা জাননী অনুসৰি প্ৰাৰ্থীসকলে ৱেবছাইটৰ পৰা নম্বৰসমূহ ডাউনলোড কৰিব পাৰিব। যিসকল প্রার্থী নথিপত্ৰ পৰীক্ষাৰ বাবে বাছনি হ’ব, তেওঁলোকে প্ৰৱেশ পত্ৰ ডাউনল’ড কৰিব পাৰিব। বাছনি হোৱা প্ৰাৰ্থীসকলে পৰৱৰ্ত্তী নিৰ্ধাৰিত তাৰিখ আৰু সময়ত নথি পৰীক্ষণত উপস্থিত থাকিব লাগিব। নথি পৰীক্ষণ ছটা মণ্ডলত সম্পন্ন হ’ব বুলি জনোৱা হৈছে।
Assamese | May 29, 2025 6:39 PM | Akashvani Guwahati | Assam Education | TET
স্নাতকোত্তৰ শিক্ষক পদৰ নিযুক্তি পৰীক্ষাত লাভ কৰা নম্বৰসমূহ শুকুৰবাৰে দিনৰ ১১ বজাৰ পৰা ৰাজ্য চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ ৱেবছাইটত উপলব্ধ হ’ব