তিনিচুকীয়াৰ সমগ্ৰ শিক্ষা কোষে আজি ২০২৪-২৫ বৰ্ষৰ বাবে দিব্যাংগ শিশুৰ মাজত সহায়ক সঁজুলি বিতৰণ কৰে। এই উপলক্ষে পি এম শ্রী আদর্শ প্রাথমিক বিদ্যালয়ত আয়োজিত অনুষ্ঠানত জিলাখনৰ মুঠ ১৬২ জন বিশেষভাৱে সক্ষম ছাত্র-ছাত্ৰীক হুইল চেয়াৰ, ট্রাই চাইকেল, শিকন-শিক্ষণ সঁজুলি আদি প্ৰদান কৰা হয়। ইয়াৰে ৫৯ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত শ্ৰৱণ যন্ত্ৰ বিতৰণ কৰা হয়। এই অনুষ্ঠানত তিনিচুকীয়া জিলাৰ সহকাৰী আয়ুক্ত মাধুৰিমা দিহিঙ্গীয়া, তিনিচুকীয়া পৌৰসভাৰ পৌৰপতি পুলক চেতিয়া, জিলা প্রাথমিক শিক্ষা বিষয়া তথা বিদ্যালয়সমূহৰ পৰিদৰ্শক কবিতা ডেকা উপস্থিত থাকে।
Assamese | March 2, 2025 9:37 PM | Assam Education | Tinisukia
তিনিচুকীয়াৰ সমগ্ৰ শিক্ষা কোষে ২০২৪-২৫ বৰ্ষৰ বাবে দিব্যাংগ শিশুৰ মাজত সহায়ক সঁজুলি বিতৰণ