ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহৰ নিয়মীয়া শ্ৰেণী সুনিশ্চিত কৰিবলৈ শিক্ষা বিভাগে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। সেই অনুসৰি ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ নিয়মীয়া শ্ৰেণী সুনিশ্চিত কৰিবলৈ টেলি শিক্ষা কাৰ্যসূচীৰ অধীনত একাধিক ভাষাৰ বিষয়বস্তুৰে ছটা ষ্টুডিঅ’ৰ পৰা ভার্চুৱেল ব্যৱস্থাৰে দুহেজাৰ ৮৫৪ খন বিদ্যালয় সংযোগ কৰা হৈছে। শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি সামাজিক মাধ্যমযোগে এই তথ্য সদৰী কৰে। তেওঁ লগতে চাৰি হেজাৰ ৫২৫ খন বিদ্যালয়ত ইণ্টাৰেক্টিভ ডিছপ্ল আৰু ইণ্টাৰনেটৰ ব্যৱহাৰ থকা তথা এপৰ জৰিয়তে টু-ডি আৰু থ্রী-ডি ভিত্তিক শ্ৰেণী প্ৰদান কৰা পাঁচ হেজাৰ ২১৫ টা স্মাৰ্ট শ্ৰেণীকোঠা চলি থকা বুলিও অৱগত কৰে । শীঘ্ৰেই ৰাজ্যৰ আৰু অধিক বিদ্যালয়ত অতিৰিক্ত পাঁচ হেজাৰ ৫৭২টা স্মার্ট শ্ৰেণীকোঠা সংযোজনৰ পৰিকল্পনা কৰা বুলিও তেওঁ জানিবলৈ দিয়ে।
Assamese | August 5, 2024 12:26 PM | Assam Education
ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহৰ নিয়মীয়া শ্ৰেণী সুনিশ্চিত কৰিবলৈ শিক্ষা বিভাগৰ বিশেষ পদক্ষেপ