April 6, 2025 9:31 PM

views 78

নতুন দিল্লীৰ বড়োলেণ্ড ভৱনৰ সমীপৰ লালা লাজপত ৰায় পথৰ পৰা কৈলাশ কলনী ইউ টার্নলৈ পথছোৱা বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ নামেৰে নামকৰণ

নতুন দিল্লীৰ বড়োলেণ্ড ভৱনৰ সমীপৰ লালা লাজপত ৰায় পথৰ পৰা কৈলাশ কলনী ইউ টার্নলৈ পথছোৱা বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ নামেৰে নামকৰণ কৰা হ'ব। তদুপৰি এই পথছোৱাত এটা বডোফাৰ প্ৰতিমূৰ্তিও স্থাপন কৰা হ'ব। বড়ো জনগোষ্ঠীৰ পিতৃস্বৰূপ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামেৰে দেশৰ ৰাজধানী চহৰৰ এই পথছোৱাৰ নামকৰণৰ সিদ্ধান্তক মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্মই আদৰণি জনাইছে। শ্ৰী ব্ৰহ্মই এই সিদ্ধান্তৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছে।...

March 21, 2025 10:39 AM

views 59

ডিব্ৰুগড়ত অনুষ্ঠিত বৈঠকত অসম মন্ত্রীসভাৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

অসম মন্ত্রীসভাই নামৰূপৰ ইউৰিয়া প্ৰকল্পত অসম চৰকাৰৰ অংশীদাৰিত্ব ৪০ শতাংশ কৰাত অনুমোদন দিছে। এই প্ৰকল্পত ভাৰত চৰকাৰৰ ৬০ শতাংশ আৰু অসম চৰকাৰৰ ৪০ শতাংশ অংশীদাৰিত্ব থাকিব। কালি ডিব্ৰুগড়ত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে অৱগত কৰে। তেওঁ কয়, যে ১২ দশমিক সাত লাখ মেট্রিকটন ক্ষমতাৰ ইউৰীয়া আৰু এম'নিয়া উৎপাদন প্ৰকল্পটোৰ আধাৰশিলা স্থাপনৰ বাবে ছেপ্তেম্বৰ অথবা অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমন্ত্ৰণ জনোৱা হ'ব। বৈঠকত অৰুণাচল ...

March 2, 2025 12:49 PM

views 88

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ সংহত টার্মিনেল এই বছৰৰ ভিতৰত কাৰ্যকৰী  হৈ উঠিব

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ সংহত টার্মিনেল এই বছৰৰ ভিতৰতে কাৰ্যকৰীভাৱে সাজু হৈ উঠিব। এই সংহত টার্মিনেলে অসমৰ যাতায়ত ব্যৱস্থাক নতুন মাত্ৰা প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। এডভান্টেজ আছাম দ্বিতীয় সংস্কৰণৰ প্ৰদৰ্শনীত বিমান বন্দৰৰ প্ৰকল্পটোৰ নতুন ৰূপৰ আৰ্হি আৰু নতুন টার্মিনেলত উপলব্ধ হ'বলগীয়া সুবিধাসমূহৰ পৰ্যালোচনা কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমৰ বাৰ্তাযোগে প্ৰকাশ কৰিছে।

March 2, 2025 12:12 PM

views 69

অসমে ২০৩০ চনৰ ভিতৰত ১০ লাখ কোটি টকাৰ অৰ্থনীতিৰ ৰাজ্য হিচাপে পৰিগণিত হোৱাৰ লক্ষ্য নির্ধাৰণ কৰিছেঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

অসমে ২০৩০ চনৰ ভিতৰত ১০ লাখ কোটি টকাৰ অৰ্থনীতিৰ ৰাজ্য হিচাপে পৰিগণিত হোৱাৰ লক্ষ্য নির্ধাৰণ কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ ২০২৫ বৰ্ষৰ বাজেট সন্দৰ্ভত লোকসেৱা ভৱনত বিত্তমন্ত্রী অজন্ত নেওগসহ বিভাগটোৰ শীৰ্ষ বিষয়াবৰ্গৰ সৈতে কালি হোৱা আলোচনাত এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে অসমে এই বছৰ ৬ লাখ কোটি টকাৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ আহৰণ কৰাৰ বাবে নিষ্ঠাৰে কাম কৰি আছে আৰু অর্থনীতিক আগুৱাই নিয়াৰ পৰিকল্পনা প্ৰস্তুত কৰি উলিয়াইছে। এইবাৰৰ বাজেটত নির্ধাৰিত লক্ষ্যৰ দিশত চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ...

February 20, 2025 6:12 PM

views 74

কোকৰাঝাৰত অনুষ্ঠিত বাজেট অধিৱেশনে সমাগত ৫০ বছৰলৈ অসমত বিভাজনৰ আন্দোলন নহয় বুলি প্ৰমাণ কৰিছেঃ মুখ্যমন্ত্রী

অসম বিধানসভাৰ বাজেট অধিৱেশনত আজি তৃতীয় দিনা ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই এই আলোচনাত অংশগ্ৰহণ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, যে কোকৰাঝাৰত অনুষ্ঠিত অধিবেশনে অখণ্ডিত অসমৰ বার্তা দিছে। লগতে তেওঁ কয়, যে কোকৰাঝাৰত অনুষ্ঠিত বাজেট অধিৱেশনে সমাগত ৫০ বছৰলৈ অসমত বিভাজনৰ আন্দোলন নহয় বুলি প্ৰমাণ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি লাভ কৰা চৰাইদেউ মৈদামৰ প্ৰসংগ...

February 16, 2025 12:08 PM

views 59

যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তান ভ্ৰমণ আৰু দেশখনৰ সৈতে সংযোগ থকা বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্রীৰ তদন্তৰ নিৰ্দেশ

যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তান ভ্ৰমণ আৰু দেশখনৰ সৈতে সংযোগ থকা বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই বিশেষ তদন্তকাৰী দল গঠন কৰি তদন্তৰ নিৰ্দেশ দিছে। মুখ্যমন্ত্ৰীয়ে কালি সাংবাদিকৰ আগত এই বিষয়ে প্রকাশ কৰি কয়, যে বিষয়টো সন্দৰ্ভত স্পষ্ট হোৱাৰ বাবে এই তদন্তৰ প্ৰয়োজন আহি পৰিছে। এই বিষয়ে ৰাজ্যিক মন্ত্রীসভাত আলোচনা কৰি তদন্তকাৰী দলটো গঠন কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।

February 16, 2025 11:51 AM

views 65

অসমৰ ৫০ হাজাৰৰো অধিক যুৱক-যুৱতীৰ জাপানত চাকৰি লাভ কৰিব বুলি মুখ্যমন্ত্ৰীৰ প্ৰত্যাশা

অসমৰ ৫০ হাজাৰৰো অধিক যুৱক-যুৱতীয়ে জাপানত চাকৰি লাভ কৰিব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে কালি সমাগত এডভান্টেজ আছাম সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতি সন্দৰ্ভত এখন সংবাদমেলত প্ৰকাশ কৰি কয়, যে এই সন্মিলনতে অসম চৰকাৰে জাপান আৰু ছিংগাপুৰৰ বিভিন্ন ব্যৱসায়িক সংস্থাৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে। এই অনুসৰি জাপানে অসমত এটা ভাষা কেন্দ্র স্থাপন কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, যে এই কেন্দ্ৰটোত ৯ মাহৰ বাবে প্ৰশিক্ষণ শিবিৰ মুকলি কৰা হ'ব...

February 9, 2025 11:45 AM

views 73

এডভান্টেজ আছাম শীৰ্ষক বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনৰ দ্বিতীয় সংস্কৰণ সন্দৰ্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মুম্বাইত কেইবাগৰাকীও শীৰ্ষ উদ্যোগীক সাক্ষাৎ

অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত ৰাজ্যখনত হ'বলগীয়া এডভান্টেজ আছাম শীৰ্ষক বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনৰ দ্বিতীয় সংস্কৰণ সন্দৰ্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি মুম্বাইত কেইবাগৰাকীও শীৰ্ষ উদ্যোগীক সাক্ষাৎ কৰে। মুখ্যমন্ত্ৰীয়ে এই সাক্ষাৎকালত তেওঁলোকক অসম চৰকাৰে শেহতীয়াকৈ ষ্টাৰ্ট আপ আৰু উদ্ভাৱন নীতিত অনুমোদন জনাইছে বুলি জানিবলৈ দিয়ে। কালি মুম্বাইত জে এছ ডব্লিঅ' গোটৰ অধ্যক্ষ সজ্জন জিন্দালৰ সৈতে হোৱা আলোচনাত তেওঁ লগতে আন্তঃগাথনি তথা শক্তিখণ্ডত ৰাজ্য চৰকাৰৰ সৈতে প্ৰতিষ্ঠানটোৰ অংশীদাৰিত্বৰ সম...

February 2, 2025 11:41 AM

views 425

মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত নতুনকৈ ৭৫ হাজাৰ যুৱক-যুৱতীক আৰ্থিক সাহায্য প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ

মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত নতুনকৈ ৭৫ হাজাৰ যুৱক-যুৱতীক আৰ্থিক সাহায্য প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। আঁচনিখনৰ অধীনত ৭৫ হাজাৰ যুৱক-যুৱতীক প্ৰাৰম্ভিক আর্থিক সাহায্য প্ৰদানৰ বাবে নাম পঞ্জীয়ন প্রক্রিয়া সম্পূর্ণ হোৱাৰ পাছত কালি আবেদন প'ৰ্টেল মুকলি কৰি দিয়া হৈছে। মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা অনুসৰি মুঠ ১ লাখ ৬২ হাজাৰ যুৱক-যুৱতীয়ে এই আঁচনিৰ অধীনত নাম পঞ্জীয়ন কৰিছিল আৰু সেইসকলে এতিয়া নিৰ্দিষ্ট প্ৰস্তাৱসমূহ আবেদন প'ৰ্টেলত জনা...

January 30, 2025 2:22 PM

views 74

দিল্লীত প্ৰবাসী অসমীয়াৰ সৈতে ভোগালীৰ এক জীপাল সন্ধিয়া শীৰ্ষক অন্তৰংগ আলাপ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই নেহৰু পাৰ্কত দিল্লীত বাস কৰা প্ৰবাসী অসমীয়াসকলৰ সৈতে আজি ভোগালীৰ এক জীপাল সন্ধিয়া শীৰ্ষক অন্তৰংগ আলাপ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কালি অনুষ্ঠানস্থলী পৰিদৰ্শন কৰি এই অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয়। কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই পৰিদৰ্শনকালত শ্ৰীমল্লক সংগ দিয়ে।