January 28, 2025 8:10 PM

views 49

কোকৰাঝাৰ মহাবিদ্যালয়ৰ নতুন প্রশাসনিক ভৱনৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

বড়ো শান্তি চুক্তিৰ পঞ্চম বার্ষিকী উপলক্ষে কোকৰাঝাৰত আয়োজিত অনুষ্ঠানত আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বিশ্ববিদ্যালয়লৈ উন্নীত কোকৰাঝাৰ মহাবিদ্যালয়ৰ নতুন প্রশাসনিক ভৱনৰ আধাৰশিলা স্থাপন কৰে। এই নতুন বিশ্ববিদ্যালয়খনক কৃত্রিম বুদ্ধিমত্তা, ৰব’টিকছ আদিৰ দৰে অত্যাধুনিক পাঠ্যক্ৰম অন্তৰ্ভুক্তিৰ জৰিয়তে উৎকৃষ্টতাৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছে। কোকৰাঝাৰ মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীত কৰি সকলো আন্তঃগাঁথনিৰে পৰিপূৰ্ণ কৰি তুলিবলৈ ৰাজ্য চৰকাৰে ৫০ কোটি টকা সাহায্য ঘোষণা কৰিছে। এই...

January 8, 2025 1:25 PM

views 49

নতুন দিল্লীত ৩৭ খনতকৈ অধিক দেশৰ ৰাষ্ট্রদূত আৰু বাণিজ্যিক প্ৰতিনিধিক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই নতুন দিল্লীত বিনিয়োগকাৰী শীৰ্ষ সন্মিলন-এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণ সন্দৰ্ভত ৩৭ খনতকৈ অধিক দেশৰ ৰাষ্ট্রদূত আৰু বাণিজ্যিক প্ৰতিনিধিসকলক কালি সাক্ষাৎ কৰে । সাক্ষাৎকালত ড° শৰ্মাই কয়, যে এছিয়াৰ প্ৰৱেশদ্বাৰ হিচাপে চুবুৰীয়া দেশসমূহৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত অসম, দেশৰ এক্ট ইষ্ট নীতিৰ গুৰুত্বপূৰ্ণ অংশ। বৈঠকত মুখ্যমন্ত্ৰীয়ে ৰাজ্যত বিনিয়োগৰ অপাৰ সম্ভাৱনাৰ বিষয়ে অৱগত কৰে। তেওঁ লগতে ৰাষ্ট্রদূত আৰু বাণিজ্যিক প্ৰতিনিধিসকলক এডভান্টেজ আছাম দ্বিতীয় সংস্কৰণ...

December 31, 2024 6:59 PM

views 46

কাইলৈ গুৱাহাটী মহানগৰীত পদপথ সেঁতু আৰু অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ আৱক্ষ মূৰ্তি ৰাইজৰ নামত উৎসৰ্গা

ৰাজ্য চৰকাৰে কাইলৈ নতুন বছৰৰ পহিলা দিনটোত গুৱাহাটী মহানগৰীত কেইবাকোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এখন পদপথ সেঁতু আৰু অবিভক্ত অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ আৱক্ষ মূৰ্তি ৰাইজৰ নামত উৎসৰ্গা কৰিব। গুৱাহাটী মহানগৰীৰ পল্টন বজাৰৰ ৰে'ল ষ্টেচনৰ সমীপৰ জি এছ ৰোডৰ ওপৰত প্ৰায় ১৬ কোটি ৬৭ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা অত্যাধুনিক পদপথ সেঁতুখনে গুৱাহাটী ৰে'ল ষ্টেচনলৈ যাবলগীয়া পথচাৰীসকলৰ যাত্ৰা সুগম কৰিব। এই সেতুখনত দিব্যাংগসকলৰ বাবে লিফ্ট আৰু মহিলা আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে এস্কেলেটৰৰ সুবিধা ৰখা ...

December 20, 2024 8:26 PM

views 55

বিকাশৰ বাবে ১২ দিন কাৰ্যসূচীত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি নগাওঁত অনুষ্ঠিত বিকাশৰ বাবে ১২ দিন কাৰ্যসূচীত অংশগ্ৰহণ কৰি মেধাৱী শিক্ষার্থীসকলক স্কুটি, চাইকেল আৰু নগদ ধন বিতৰণ কৰে। মুখ্যমন্ত্ৰী ড° শৰ্মাই প্ৰজ্ঞান ভাৰতীৰ ড° বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত ৩ হাজাৰ ৪৫০ গৰাকী মেধাৱী শিক্ষাৰ্থীক স্কুটি আৰু আনন্দৰাম বৰুৱা বঁটাৰ অধীনত এহেজাৰ ৮৫৬ গৰাকী শিক্ষাৰ্থীক নগদ ধন বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে বিশেষ আঁচনিৰ অধীনত নৱম শ্ৰেণীত অধ্যয়নৰত ১৬ হাজাৰ ৫৬০ গৰাকী শিক্ষাৰ্থীৰ মাজত চাইকেল বিতৰণ কাৰ্যসূচীৰ শ...

December 15, 2024 7:45 PM

views 56

এখন দেশ এটা নির্বাচন বিধেয়কৰ জৰিয়তে সকলো উপকৃত হ’ব বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ মত প্ৰকাশ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই এখন দেশ এটা নির্বাচন বিধেয়কৰ জৰিয়তে সকলো উপকৃত হ'ব বুলি মত প্ৰকাশ কৰিছে। এই বিধেয়কখন আইনত পৰিণত হ'লে দেশত নির্বাচন সম্পৰ্কীয় ব্যয় হ্রাস হ'ব বুলিও তেওঁ উল্লেখ কৰে। তেওঁ কয়, যে নিৰ্বাচনী প্ৰচাৰ একে সময়তে হ'লে সকলো পক্ষ উপকৃত হ'ব। সংসদত এই বিধেয়ক সন্দৰ্ভত চৰ্চা হ'লে এই বিষয়ে সকলো পক্ষ অৱগত হ'ব বুলিও তেওঁ উল্লেখ কৰে। স্বৰাজোত্তৰ কালত সমগ্ৰ দেশত একেলগে নির্বাচন অনুষ্ঠিত হৈছিল যদিও পাছলৈ কংগ্ৰেছৰ শাসনকালত দেশত নির্বাচন ব্যৱস্থা পৰিৱৰ্তন হয় বুলি তেওঁ মত প্ৰকাশ ...

December 15, 2024 12:07 PM

views 62

ৰাজ্যৰ অৰ্থনীতিয়ে শক্তিশালী, গতিশীল অর্থনীতিৰ দিশলৈ অগ্ৰসৰ হোৱা বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দাবী

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ অৰ্থনীতিয়ে শক্তিশালী, গতিশীল অর্থনীতিৰ দিশলৈ অগ্ৰসৰ হোৱা বুলি দাবী কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি সামাজিক মাধ্যমযোগে এই বিষয়ে প্রকাশ কৰি কয়, যে ২০২৪- ২৫ বৰ্ষত অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন ৬ লাখ ৪৩ হাজাৰ কোটি টকা হোৱাৰ দিশে গতি কৰিছে। ২০১৩-১৪ বৰ্ষত এই পৰিমাণ ১ লাখ ৭৭ হাজাৰ কোটি টকা আছিল বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে।

December 13, 2024 10:40 AM

views 55

১৭ ডিচেম্বৰত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ভুটান ভ্ৰমণ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অহা ১৭ ডিচেম্বৰত ভাৰতৰ প্ৰতিবেশী দেশ ভুটানলৈ যাব। ড০ শৰ্মাই ভূটানৰ ৰাষ্ট্ৰীয় দিৱসৰ কাৰ্যসূচীত বিশেষ অতিথি হিচাপে উপস্থিত থাকিব। মুখ্যমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণ কালত গুৱাহাটীৰ পৰা ভূটানৰ গেলেপুলৈকে ৰে'লপথ নিৰ্মাণৰ অভিলাষী প্ৰস্তাৱিত আঁচনিখন ৰূপায়ণৰ ৰূপৰেখা তৈয়াৰ কৰাৰ সম্ভাৱনা আছে। মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভূটান ভ্রমণ সন্দৰ্ভত সামাজিক মাধ্যমত এই কথা প্ৰকাশ কৰে। ইয়াৰ লগতে মুখ্যমন্ত্ৰীৰ ভ্ৰমণ কালত ভূটানৰ পাদদেশত অসম সীমান্তৱৰ্ত্তী জিলাসমূহলৈ জলসিঞ্চনৰ আঁচনি ৰূপা...

November 29, 2024 10:50 AM

views 56

পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ মাজত কুচকাৱাজ

পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ মাজত কুচকাৱাজ চলি থকাৰ সময়তে অহা ১ৰ পৰা ৫ ফেব্ৰুৱাৰীৰ ভিতৰত নির্বাচন অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যিক নির্বাচন আয়োগত তৎপৰতা আৰম্ভ হৈছে। উল্লেখযোগ্য যে, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ১০ ফেব্ৰুৱাৰীৰ পূৰ্বেই পঞ্চায়ত নিৰ্বাচন সম্পূৰ্ণ কৰাৰ বাবে কেবিনেটত লোৱা সিদ্ধান্তৰ কথা সদৰী কৰাৰ পাছত এই নিৰ্বাচনক লৈ সম্প্রতি শাসক-বিৰোধী উভয় পক্ষৰ মাজত প্রস্তুতি চলিছে। এই উদ্দেশ্যে পঞ্চায়ত পৰ্যায়ত নিৰ্বাচনৰ বাবে খচৰা ভোটাৰ তালিকা প্রকাশ কৰাৰ কাম-কাজ আৰম্ভ হৈছে। ৰাজ্যিক নি...

November 3, 2024 6:39 PM

views 48

ৰাজ্যখনৰ পৰা অনীতি-অনিয়ম দূৰ কৰিবলৈ চৰকাৰে কঠোৰ পদক্ষেপ লৈ আহিছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ

অসম চৰকাৰে দুৰ্নীতিক কোনো কাৰণতে প্ৰশ্ৰয় নিদিয়ে আৰু ৰাজ্যখনৰ পৰা অনীতি-অনিয়ম দূৰ কৰিবলৈ চৰকাৰে কঠোৰ পদক্ষেপ লৈ আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। দুৰ্নীতি ৰোধ কৰাৰ বাবে নীতিৰ সংস্কাৰ সাধনৰ উপৰি দুৰ্নীতিত লিপ্ত বিষয়াসকলক চিনাক্ত কৰি শাস্তি বিহাৰ ব্যৱস্থাও কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয় যে, ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কঠোৰ স্থিতি অনুসৰি ২০২১ চনৰ পৰা দুৰ্নীতিৰ বিৰুদ্ধে দুই শতাধিক গোচৰ ৰুজু কৰাৰ লগতে ২৫৬ জন লোকক আটক কৰা হৈছে। ইয়াৰ ভিতৰত ২৩৬ জন চৰকাৰী চাকৰিয়াল আৰু ২০ জন মধ...

October 16, 2024 7:52 PM

views 65

অসম চৰকাৰে  ৩ৰ পৰা ৯ নৱেম্বৰলৈ ভাষা গৌৰৱ সপ্তাহ পালন কৰিব

ৰাজ্য চৰকাৰে অহা ৩ৰ পৰা ৯ নৱেম্বৰলৈ ভাষা গৌৰৱ সপ্তাহ পালন কৰিব। এই সপ্তাহৰ কাৰ্যসূচী হিচাপে বিশ্ববিদ্যালয়, মহাবিদ্যালয়, বিদ্যালয় আৰু নাগৰিক সমাজৰ সংগঠনসমূহৰ সহায়ত অসমীয়া সাহিত্যিক, পণ্ডিতসকলৰ অৱদানক সন্মান জনোৱা হ'ব। এই উপলক্ষে সবিশেষ যুগুতাই উলিওৱাৰ উদ্দেশ্যে আজি অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বৈঠকত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই অধ্যক্ষতা কৰে। অসমীয়া ভাষাক ধ্রুপদী ভাষাৰ মৰ্যাদা প্রদান আৰু সমাজক ঐক্যবদ্ধ কৰাত ভাষাৰ অমূল্য অৱদানৰ উদযাপনৰ উদ্দেশ্যে এই সপ্তাহ পালন কৰা হব। উল্লেখযোগ্য যে যোৱা ৩ ...