ৰাজ্য চৰকাৰে অহা ৩ৰ পৰা ৯ নৱেম্বৰলৈ ভাষা গৌৰৱ সপ্তাহ পালন কৰিব। এই সপ্তাহৰ কাৰ্যসূচী হিচাপে বিশ্ববিদ্যালয়, মহাবিদ্যালয়, বিদ্যালয় আৰু নাগৰিক সমাজৰ সংগঠনসমূহৰ সহায়ত অসমীয়া সাহিত্যিক, পণ্ডিতসকলৰ অৱদানক সন্মান জনোৱা হ’ব। এই উপলক্ষে সবিশেষ যুগুতাই উলিওৱাৰ উদ্দেশ্যে আজি অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বৈঠকত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই অধ্যক্ষতা কৰে। অসমীয়া ভাষাক ধ্রুপদী ভাষাৰ মৰ্যাদা প্রদান আৰু সমাজক ঐক্যবদ্ধ কৰাত ভাষাৰ অমূল্য অৱদানৰ উদযাপনৰ উদ্দেশ্যে এই সপ্তাহ পালন কৰা হব। উল্লেখযোগ্য যে যোৱা ৩ অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত অসমীয়া ভাষাক ধ্রুপদী ভাষা হিচাপে স্বীকৃতি দিয়া হৈছিল। এই স্বীকৃতি উদযাপনৰ বাবে অসমীয়া ভাষা উত্তৰণৰ দিশত অৰিহণা আগবঢ়োৱা সাহিত্যিক আৰু পণ্ডিতসকলৰ সৃষ্টি কৰ্মৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হ’ব বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে।
Assamese | October 16, 2024 7:52 PM | Assam CM
অসম চৰকাৰে ৩ৰ পৰা ৯ নৱেম্বৰলৈ ভাষা গৌৰৱ সপ্তাহ পালন কৰিব