September 25, 2024 7:37 PM

views 57

দীনদয়াল ফাউণ্ডেচনৰ উদ্যোগত আয়োজিত বিনামূলীয়া শ্ৰৱণ যন্ত্ৰ বিতৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ সহযোগত দীনদয়াল ফাউণ্ডেচনে আয়োজন কৰা বিনামূলীয়া শ্ৰৱণ যন্ত্ৰ বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰে। অসম ৱাটাৰ চেণ্টাৰৰ প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানটোত কামৰূপ মহানগৰ, কামৰূপ, মৰিগাঁও আৰু নলবাৰী জিলাৰ শ্ৰৱণ ক্ষমতা লোপ পোৱা শিশুক সামৰি আৰ্থিকভাৱে দুৰ্বল ২০০ গৰাকী লোকক শ্ৰৱণ যন্ত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী শ্রী শর্মাই কয় যে দীনদয়াল শ্ৰৱণ ফাউণ্ডেচন, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসম আৰু ক'ল ইণ্ডিয়া লিমিটেডৰ মিলিত ...

September 15, 2024 6:04 PM

views 58

অসমে বহনক্ষম উন্নয়নৰ লক্ষ্য ২০৩০ত উপনীত হোৱাৰ দিশত গুৰুত্বপূৰ্ণ অগ্রগতি লাভ কৰা বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ

অসমে বহনক্ষম উন্নয়নৰ লক্ষ্য ২০৩০ত উপনীত হোৱাৰ দিশত গুৰুত্বপূৰ্ণ অগ্রগতি লাভ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। বিভিন্ন উন্নয়নমূলক আঁচনিৰ কাৰ্যকৰী ৰূপায়ণৰ জৰিয়তে অসমে দৰিদ্ৰতাৰ সৈতে মোকাবিলা কৰি এই লক্ষ্যৰ প্ৰথম স্তৰ সফলতাৰে অতিক্ৰম কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। এই স্তৰত চাহ বাগিচাৰ লোকসকলৰ বাবে দক্ষতা বিকাশ আৰু উদ্যমিতা বিকাশৰ বাবে সাহায্যমূলক ধনৰাশি আবণ্টন দিয়া হৈছিল। চাহ বাগিছাৰ মহিলাসকলক স্বাৱলম্বী হোৱাৰ বাবে বিত্তীয় সাহায্য প্ৰদান কৰা হৈছিল। ইপিনে, শ্বহীদ দয়াল দাস পা...

September 2, 2024 3:42 PM

views 51

নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি অনুসৰি বৰ্তমানৰ ৰাজ্য চৰকাৰে এক লাখ নিযুক্তি প্ৰদান কৰিবলৈ সক্ষম হ’লঃ মুখ্যমন্ত্রী

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে, নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি অনুসৰি বৰ্তমানৰ ৰাজ্য চৰকাৰে এক লাখ নিযুক্তি প্ৰদান কৰিবলৈ সক্ষম হ'ল। আজি খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ২৩ হাজাৰ ৯৫৬ গৰাকী উচ্চ আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকক নিয়মীয়া পদৰ নিযুক্তি পত্ৰ প্ৰদান কৰি তেওঁ এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে, আজি নিযুক্তি দিয়া শিক্ষকসকলক ধৰি বৰ্তমান ৰাজ্য চৰকাৰে নিযুক্তি দিয়া পদৰ সংখ্যা এক লাখ ৩৮৯টা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ২০২১ বৰ্ষৰ পৰা ৰাজ্য চৰকাৰে নিযুক্তি দ...

August 25, 2024 8:52 PM

views 53

প্ৰতিটো ধৰ্ষণৰ ঘটনাক নিন্দা কৰাৰ লগতে সমাজৰ পৰা এনে জঘন্য অপৰাধ নির্মূল কৰাটো সামূহিক দায়িত্ব বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ প্ৰকাশ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই প্ৰতিটো ধৰ্ষণৰ ঘটনাক নিন্দা কৰাৰ লগতে সমাজৰ পৰা এনে জঘন্য অপৰাধ নির্মূল কৰাটো সামূহিক দায়িত্ব বুলি প্ৰকাশ কৰিছে। সামাজিক মাধ্যম এক্সত আজি এটি পোষ্টযোগে এই কথা প্ৰকাশ কৰি তেওঁ যোৱা ২৪টা বছৰত ৰাজ্যত সংঘটিত হোৱা ধৰ্ষণৰ তথ্য দাঙি ধৰে। প্ৰকাশিত তথ্য অনুসৰি চলিত বৰ্ষৰ জুলাই মাহলৈ ৰাজ্যত ৫৮০টা ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে। যোৱা বৰ্ষত ৯৮৯টা ধৰ্ষণৰ ঘটনা সংঘটিত হৈছিল। এনে ধৰণৰ জঘন্য ঘটনা হ্ৰাস কৰাৰ লগতে মহিলাসকলৰ বাবে সুৰক্ষিত পৰিবেশ গঢ়ি তুলিবলৈ চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টা আৰু...

August 15, 2024 11:13 AM

views 51

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটীৰ খানাপাৰাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো ব্যাপক উৎসাহ-উদ্দীপনাৰে আজি ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজিত কেন্দ্ৰীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। পতাকা উত্তোলনৰ পাছত ৰাজ্যবাসীক উদ্দেশ্যি মুখ্যমন্ত্রীয়ে ভাষণ প্ৰদান কৰে। ভাষণৰ আৰম্ভণিতে মুখ্যমন্ত্ৰীগৰাকীয়ে দেশৰ বাবে প্ৰাণ আহুতি দিয়া প্ৰতিগৰাকী ব্যক্তিলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ৰাজ্যবাসীয়ে ব্যাপক উৎসাহ-উদ্দীপনাৰে হৰ ঘৰ তিৰংগা কাৰ...

August 12, 2024 11:53 AM

views 52

সচিবালয়ৰ আন্তঃগাঁথনিত নতুনকৈ সংযোজন কৰা কেইবাটাও কাৰ্যসূচী উদ্বোধন কৰিব মুখ্যমন্ত্ৰীয়ে

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি অসম বিধানসভাৰ সচিবালয়ৰ আন্তঃগাঁথনি উন্নয়নত নতুনকৈ সংযোজন কৰা কেইবাটাও কাৰ্যসূচী উদ্বোধন কৰিব। ইয়াৰ ভিতৰত অসম বিধানসভা লাইভ ষ্টুডিঅ', নেচনেল ই-বিধান এপ্লিকেশ্বন চমুকৈ নেভা সেৱা কেন্দ্ৰ, অসম বিধানসভাৰ মূল সভাকক্ষ, আৰু কুইনছ লন আছে। দিনৰ ১২ বজাত হ'বলগীয়া এই কাৰ্যসূচীত বিধানসভা অধ্যক্ষ বিশ্বজিত দৈমাৰী উপস্থিত থাকিব। এই নেভা সেৱা কেন্দ্ৰ উদ্বোধনীৰ পিছতে পি এ আৰু পি এছ বিষয়ক প্ৰশিক্ষনৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব।

August 4, 2024 8:11 PM

views 59

ৰাজ্য চৰকাৰে নতুন বাসিন্দা নীতি প্রণয়ন কৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

ৰাজ্য চৰকাৰে নতুন বাসিন্দা নীতি প্রণয়ন কৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। এই নীতিৰ অধীনত ৰাজ্যখনত জন্মগ্ৰহণ কৰা লোকেহে চৰকাৰী চাকৰি লাভ কৰিব। মুখ্যমন্ত্ৰী ড০ শর্মাই ইয়াৰ লগতে লাভ জিহাদ সম্পৰ্কীয় গোচৰসমূহৰ বাবে নতুন আইন প্রণয়ন কৰাৰ বিষয়ে ৰাজ্য চৰকাৰে গুৰুত্ব আৰোপ কৰিব বুলি মন্তব্য কৰে।

August 4, 2024 11:33 AM

views 64

কাজিৰঙাত পঞ্চতাৰকাযুক্ত হোটেল নিৰ্মাণৰ জৰিয়তে প্ৰায় ২০০ গৰাকী যুৱক-যুৱতীৰ বাবে কর্মসংস্থাপন সৃষ্টি হ’ব বুলি মুখ্যমন্ত্ৰীৰ আশা প্ৰকাশ

ৰাজ্যৰ পৰ্যটন খণ্ডৰ সামগ্রিক বিকাশৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ অহা দেশ বিদেশৰ পৰ্যটকসকলক বিশ্বমানৰ সা-সুবিধা প্ৰদানৰ লক্ষ্যৰে কালি ৰাজ্য চৰকাৰে কাজিৰঙাত পঞ্চতাৰকাযুক্ত হোটেল নিৰ্মাণৰ বাবে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। মুখ্যমন্ত্ৰীৰ উপস্থিতিত ভাৰতীয় হোটেল কোম্পানী লিমিটেডৰ সৈতে অসম পর্যটন উন্নয়ন নিগম আৰু এমালগেমেটেড প্লেণ্টেছন প্রাইভেট লিমিটেডৰ এই বুজাবুজিত চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিৰ অধীনত ১২০ কোটি টকা বিনিয়োগ কৰা হ'ব। কাজিৰঙাত নিৰ্মাণ হ'বলগীয়া পঞ্চতাৰকাযুক্ত হোটেলখনত ৭৫ ৰ ...

August 3, 2024 12:50 PM

views 74

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু টাটা ছন্সৰ অধ্যক্ষ নটৰাজন চন্দ্ৰশেখৰনৰ উপস্থিতত জাগীৰোডত অসমৰ প্ৰথমটো ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমি পূজন

♦ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু টাটা ছন্সৰ অধ্যক্ষ নটৰাজন চন্দ্ৰশেখৰনৰ উপস্থিতত আজি জাগীৰোডত অসমৰ প্ৰথমটো ছেমি কণ্ডাক্টৰ প্ৰকল্প বা অৰ্ধ পৰিবাহী সমাৱিষ্টকৰণ আৰু পৰীক্ষণ কেন্দ্ৰৰ ভূমি পূজন কৰে৷ অসমক বিশ্বৰ অৰ্ধ পৰিবাহী উদ্যোগৰ মূল হোতাৰূপে প্রতিষ্ঠিত কৰাত এই উদ্যোগে বিশেষ ভূমিকা ল'ব বুলি আশা কৰা হৈছে। উদ্যোগটোৱে ৰাজ্যত অত্যাধুনিক প্ৰযুক্তিৰ বিকাশ ঘটোৱাৰ লগতে নিয়োগৰ অফুৰন্ত সুযোগ সৃষ্টি কৰি অৰ্থনৈতিক উন্নয়ন ক্ষীপ্ৰ কৰি তুলিব। এই প্ৰকল্পত মুঠ ২৭ হাজাৰ কোটি টকাৰ ব্যয় নিৰ্ধাৰণ কৰা হৈছে। প্ৰক...

July 29, 2024 7:09 PM

views 72

দুদিনীয়া কাৰ্যসূচীৰে মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত গুৱাহাটীৰ লোকসেৱা ভৱনত জিলা আয়ুক্ত সন্মিলন

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত গুৱাহাটীৰ লোকসেৱা ভৱনত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে জিলা আয়ুক্ত সন্মিলন চলি আছে। এই সন্মিলনতে মুখ্যমন্ত্ৰী শ্ৰীশৰ্মাই ২ অক্টোবৰত উপ জিলাৰ কাম-কাজসমূহ আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব বুলি প্ৰকাশ কৰিছে। সেই অনুসৰি কামৰূপ জিলাত দুখন উপ জিলা হ'ব। প্ৰথমে অস্থায়ী কাৰ্যালয়ৰ পৰাই উপ জিলাৰ কাম-কাজসমূহ চলিব। একে সময়তে স্থায়ী কাৰ্যালয়ৰ নিৰ্মাণ কাৰ্যও চলি থাকিব। আনহাতে উপ জিলা কাৰ্যালয়ৰ বাবে লোকনির্মাণ বিভাগে প্ৰস্তুত কৰা নক্সা সংশিষ্ট জিলা উপায়ুক্তসকলক কাইলৈ ...