অসমে ২০৩০ চনৰ ভিতৰত ১০ লাখ কোটি টকাৰ অৰ্থনীতিৰ ৰাজ্য হিচাপে পৰিগণিত হোৱাৰ লক্ষ্য নির্ধাৰণ কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ ২০২৫ বৰ্ষৰ বাজেট সন্দৰ্ভত লোকসেৱা ভৱনত বিত্তমন্ত্রী অজন্ত নেওগসহ বিভাগটোৰ শীৰ্ষ বিষয়াবৰ্গৰ সৈতে কালি হোৱা আলোচনাত এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে অসমে এই বছৰ ৬ লাখ কোটি টকাৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ আহৰণ কৰাৰ বাবে নিষ্ঠাৰে কাম কৰি আছে আৰু অর্থনীতিক আগুৱাই নিয়াৰ পৰিকল্পনা প্ৰস্তুত কৰি উলিয়াইছে। এইবাৰৰ বাজেটত নির্ধাৰিত লক্ষ্যৰ দিশত চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাৰ প্ৰতিফলন দেখিবলৈ পোৱা যাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে অৱগত কৰে। বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে আন্তঃগাঁথনিমূলক প্রকল্পসমূহৰ লগতে জনহিতকাৰী আঁচনি কেইখন বাহাল ৰখাত গুৰুত্ব আৰোপ কৰে৷
Assamese | March 2, 2025 12:12 PM | Assam CM
অসমে ২০৩০ চনৰ ভিতৰত ১০ লাখ কোটি টকাৰ অৰ্থনীতিৰ ৰাজ্য হিচাপে পৰিগণিত হোৱাৰ লক্ষ্য নির্ধাৰণ কৰিছেঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা