November 5, 2025 7:37 PM
84
ৰাজ্যৰ ৩৫ খন জিলা আৰু ২৭ খন সমজিলাত ড০ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবার্ষিকী পালন
ৰাজ্যৰ ৩৫ খন জিলা আৰু ২৭ খন সমজিলাত ড০ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবার্ষিকীত আজি বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। প্ৰতিখন জিলা সদৰত ৫ হাজাৰতকৈ অধিক ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতী আৰু কলা- কুশলীয়ে মানৱ শৃংখলৰ জৰিয়তে মানুহে মানুহৰ বাবে শীৰ্ষক গীতটি পৰিৱেশন কৰে । ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত চৌকিডিঙ্গি খেলপথাৰত সুধাকণ্ঠক স্মৰণ কৰি বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়। ৫ হাজাৰ লোকে মানুহে মানুহৰ বাবে গীতটি পৰিৱেশন কৰে। চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত জিলাখনৰ ৩ হাজাৰ শিল্পীয়ে আজি সুধাকণ্ঠৰ কেইবাটাও গীত পৰিৱ...