অসমীয়া জাতিক নিঃশেষ কৰিবলৈ চলোৱা কোনো অপচেষ্টা সহ্য কৰা নহ’ব আৰু তেনে লোকক আইনৰ গণ্ডীৰে ৰোধ কৰা হ’ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীত সকীয়াই দিয়ে। মুখ্যমন্ত্রীয়ে কয়, যে জাতিটোৰ বৰঘৰত কোনো লোকে অবৈধভাৱে প্ৰৱেশ কৰিব খুজিলে মানুহে মাত মাতিবই। সঠিক সময়ত মাত নামাতিলে, সেই জাতিক কোনে উদ্ধাৰ কৰিব বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে। ড০ শৰ্মাই আইন হাতত তুলি নোলোৱাকৈ অন্যায়ৰ বিৰুদ্ধে মাত মাতি যাবলৈ খিলঞ্জীয়া লোকসকলক আহ্বান জনায়।
Assamese | August 6, 2025 8:00 PM | Assam CM
অসমীয়া জাতিক নিঃশেষ কৰিবলৈ চলোৱা কোনো অপচেষ্টা সহ্য কৰা নহ’ব : ড০ হিমন্ত বিশ্ব শৰ্মা