যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তান ভ্ৰমণ আৰু দেশখনৰ সৈতে সংযোগ থকা বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই বিশেষ তদন্তকাৰী দল গঠন কৰি তদন্তৰ নিৰ্দেশ দিছে। মুখ্যমন্ত্ৰীয়ে কালি সাংবাদিকৰ আগত এই বিষয়ে প্রকাশ কৰি কয়, যে বিষয়টো সন্দৰ্ভত স্পষ্ট হোৱাৰ বাবে এই তদন্তৰ প্ৰয়োজন আহি পৰিছে। এই বিষয়ে ৰাজ্যিক মন্ত্রীসভাত আলোচনা কৰি তদন্তকাৰী দলটো গঠন কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
Assamese | February 16, 2025 12:08 PM | Assam CM
যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তান ভ্ৰমণ আৰু দেশখনৰ সৈতে সংযোগ থকা বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্রীৰ তদন্তৰ নিৰ্দেশ