March 7, 2025 7:20 PM

views 65

আঞ্চলিক ভাষাসমূহৰ প্ৰসাৰৰ হকে প্রধানমন্ত্ৰী মোদীৰ নেতৃত্বৰ চৰকাৰে প্ৰকাশ কৰি অহা দায়বদ্ধতাৰ কথা উল্লেখ গৃহমন্ত্ৰী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে তামিল ভাষাকে ধৰি আঞ্চলিক ভাষাসমূহৰ প্ৰসাৰৰ হকে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ চৰকাৰখনে প্ৰকাশ কৰি অহা দায়বদ্ধতাৰ বিষয়ে পুনৰ উল্লেখ কৰিছে। থক্কোলামত আজি কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী, চি আই এছ এফৰ ৫৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি তেওঁ এই কথা প্ৰকাশ কৰে। গৃহমন্ত্ৰীগৰাকীয়ে চিকিৎসা সেৱাৰ পাঠ্যক্ৰমত তামিল ভাষাৰ অন্তৰ্ভুক্তিৰ বাবে দুবছৰ ধৰি দাবী উত্থাপিত হৈ অহা সত্ত্বেও এই ব্যৱস্থা আৰম্ভ নকৰা বাবে তামিলনাডুৰ মুখ্যমন্ত্রী এম কে...

March 2, 2025 11:39 AM

views 45

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ মণিপুৰৰ নিৰাপত্তা পৰিস্থিতিৰ পৰ্যালোচনা

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কালি নতুন দিল্লীত অনুষ্ঠিত এখন বৈঠকত মণিপুৰৰ নিৰাপত্তা পৰিস্থিতিৰ পৰ্যালোচনা কৰে। শ্ৰী শ্বাহে সংশ্লিষ্ট কৰ্তৃপক্ষক অহা ৮ মাৰ্চৰ পৰা ৰাজ্যখনৰ সকলো বাট-পথতে যাতে জনসাধাৰণে মুক্তভাৱে চলাফুৰা কৰিব পাৰে সেইটো নিশ্চিত কৰাৰ নিৰ্দেশ দিছে। মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত শ্ৰী শ্বাহে বাট-পথত অসুবিধাৰ সৃষ্টি কৰা লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰো নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে মণিপুৰৰ আন্তঃৰাষ্ট্ৰীয় সীমাৰ লগতে নিৰ্দিষ্ট প্ৰৱেশ পথৰ দুয...

February 26, 2025 8:39 PM

views 40

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে মধ্যবিত্ত শ্ৰেণী, কৃষক আৰু অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া কোম্পানীসমূহৰ বাবে লাভজনক বাজেট উত্থাপন কৰা বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ দাবী

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে মধ্যবিত্ত শ্ৰেণী, কৃষক আৰু অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া কোম্পানীসমূহৰ বাবে লাভজনক বাজেট উত্থাপন কৰা বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে দাবী কৰিছে। কয়ম্বটুৰত আজি বিজেপিৰ কাৰ্যালয় মুকলি কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে জনসাধাৰণৰ আস্থাৰ বাবেই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এইবাৰ তৃতীয়বাৰৰ বাবে ক্ষমতাত অধিস্থিত হৈছে। ওড়িশা, অন্ধ্ৰপ্ৰদেশ, দিল্লী, হাৰিয়ানা আৰু মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ কথা উল্লেখ কৰি তেওঁ কয়, যে ৰাজ্যকেইখনৰ ...

February 26, 2025 12:15 PM

views 58

কেন্দ্ৰীয় সমবায় মন্ত্রী অমিত শ্বাহৰ নতুন দিল্লীত থলুৱা আৰু মিঠা বীজ সন্দৰ্ভত পর্যালোচনা বৈঠক

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে কালি নতুন দিল্লীত ভাৰতীয় বীজ সহকাৰী সমিতি লিমিটেড চমুকৈ বি বি এছ এছ এলৰ থলুৱা আৰু মিঠা বীজ সন্দৰ্ভত এখন পর্যালোচনা বৈঠকত অংশগ্রহণ কৰে। বৈঠকত শ্ৰীশ্বাহে কয় যে থলুৱা বীজৰ সংৰক্ষণ আৰু প্ৰসাৰৰ হকে বি বি এছ এছ এলে অবিৰতভাৱে কাম কৰি আছে। তেওঁ দেশৰ বিভিন্ন অঞ্চলৰ পৰা কেতবোৰ বছা বছা থলুৱা বীজৰ জৈৱিক উৎপাদন কৰি চলিত খাৰিফ বৰ্ষৰ পৰাই বজাৰত সেইসমূহৰ উপলব্ধতা সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। বৈঠকত শ্ৰীশ্বাহে দেশৰ ভিন্ন প্ৰান্তৰ থলুৱা ফল-মূল, শাক-পাচলি আৰু খাদ্য...

February 23, 2025 11:09 AM

views 49

কৰ্মসংস্থাপনৰ সুযোগ আৰু প্ৰতিটো পৰিয়ালক সমৃদ্ধিশালী কৰি দেশৰ উন্নয়নৰ সৈতে জড়িত কৰাটো সমবায় বিপ্লবৰ দ্বাৰা সম্ভৱ বুলি কেন্দ্ৰীয় সমবায় মন্ত্রী অমিত শ্বাহৰ প্ৰকাশ

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে সকলো লোককে নিজৰ সামৰ্থ অনুসৰি কৰ্মসংস্থাপনৰ সুযোগ প্ৰদান কৰা আৰু প্ৰতিটো পৰিয়ালকে সমৃদ্ধিশালী কৰি দেশৰ উন্নয়নৰ সৈতে জড়িত কৰাটো সমবায় বিপ্লবৰ জৰিয়তেহে সম্ভৱ বুলি প্ৰকাশ কৰিছে। যোৱা তিনিটা বছৰত কেন্দ্ৰীয় চৰকাৰে সমবায় বিপ্লবক বিশেষ গুৰুত্ব দিয়াৰ পৰিপ্ৰেক্ষিতত এই খণ্ডটোৱে গতি লাভ কৰিবলৈ সমৰ্থ হৈছে বুলিও তেওঁ উল্লেখ কৰে। পুনেত কালি জনতাসহকাৰী বেংকৰ মহাৰজত জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে মোদী চৰকাৰে দে...

February 20, 2025 8:20 PM

views 55

২০১৪ চনৰে পৰা উত্তৰ পূৰ্বাঞ্চলত কমেও চাৰে ১০ হাজাৰ যুৱকে অস্ত্ৰ সম্বৰণ কৰি মূল সূতিলৈ ঘূৰি আহিছেঃ গৃহমন্ত্ৰী

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কয়, যে ২০১৪ চনৰে পৰা উত্তৰ পূৰ্বাঞ্চলত কমেও চাৰে ১০ হাজাৰ যুৱকে অস্ত্ৰ সম্বৰণ কৰি মূল সূতিলৈ ঘূৰি আহিছে। নতুন দিল্লীত আয়োজিত একতা উৎসৱ–এটা কণ্ঠ এটা জাতি অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী শ্ৰীশ্বাহে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূৰ্বাঞ্চলক সমগ্রে দেশতে অষ্টলক্ষ্মীৰূপে প্ৰতিষ্ঠা কৰিছে।

February 19, 2025 3:27 PM

views 73

৫খন ৰাজ্যলৈ ৰাষ্ট্ৰীয় দুৰ্যোগ সহাৰি পুঁজিৰ পৰা ১,৫৫৪কোটিৰো অধিক টকাৰ অতিৰক্তি কেন্দ্ৰীয় সাহায্যত গৃহমন্ত্ৰীৰ অনুমোদন

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত গঠিত উচ্চ পৰ্যায়ৰ কমিটিখনে যোৱা বছৰ বান, আকস্মিক বান, ভূমিস্খলন আৰু ঘূর্ণিবতাহৰ দৰে প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত ৫খন ৰাজ্যলৈ ৰাষ্ট্ৰীয় দুৰ্যোগ সহাৰি পুঁজিৰ পৰা ১,৫৫৪কোটিৰো অধিক টকাৰ অতিৰক্তি কেন্দ্ৰীয় সাহায্যত অনুমোদন জনাইছে কেন্দ্রীয় গৃহ মন্ত্ৰালয়ে প্রকাশ কৰা মতে অন্ধ্ৰপ্ৰদেশৰ বাবে ৬০৮ কোটি, নাগালেণ্ডৰ বাবে ১৭০ কোটিৰো অধিক, ত্ৰিপুৰাৰ বাবে ২৮৮ কোটিৰো অধিক, ওড়িশাৰ বাবে ২৫৫ কোটি আৰু তেলেংগানাৰ বাবে ২৩১ কোটিৰো অধিক টকাত অনুমোদন দিয়া হৈছে। ৰাজ্য...

February 14, 2025 8:46 PM

views 81

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছৰ সৈতে ৩খন ফৌজদাৰী আইন সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহৰ পর্যালোচনা বৈঠক

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আজি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছৰ সৈতে নতুনকৈ কাৰ্যকৰী হোৱা তিনিখন ফৌজদাৰী আইন সন্দৰ্ভত নতুন দিল্লীত অনুষ্ঠিত এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। এই তিনিখন নতুন ফৌজদাৰী আইন হৈছে ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম। আৰক্ষী, কাৰাগাৰ, আদালত, বিচাৰ আৰু ফৰেন্সিক সন্দৰ্ভত মহাৰাষ্ট্ৰত এই তিনিওখন আইনৰ কাৰ্যকৰীকৰণ আৰু ইয়াৰ বৰ্তমান স্থিতি সন্দৰ্ভত এই পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকৰ সময়ছোৱাত শ্ৰীশ্বাহে ম...

February 14, 2025 8:19 PM

views 50

উত্তৰাখণ্ডত অনুষ্ঠিত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহৰ সামৰণি

উত্তৰাখণ্ডত অনুষ্ঠিত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহৰ আজি সামৰণি পৰে। হল্ডৱানীৰ আন্তঃৰাষ্ট্ৰীয় ক্রীড়া প্রকল্প চৌহদত আজি বিয়লি এই সমাৰোহৰ সামৰণী অনুষ্ঠানত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে লগতে মনসুখ মন্দাভিয়াই উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুস্কৰ সিং ধামিকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। গৃহমন্ত্ৰীগৰাকীয়ে সামৰণি অনুষ্ঠানত সমবেত লোকসকলক সম্বোধন কৰি কয়, যে দেৱভূমি বুলি কোৱা উত্তৰাখণ্ডত আয়োজিত ৰাষ্ট্ৰীয় ক্রীড়া...

February 11, 2025 2:29 PM

views 74

পণ্ডিত দিন দয়াল উপাধ্যায়ৰ মৃত্যু বার্ষিকীঃ গৃহমন্ত্ৰীকে ধৰি অন্যান্য নেতাসকলৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

সমগ্র দেশে আজি পণ্ডিত দিন দয়াল উপাধ্যায়ক তেওঁৰ মৃত্যু বার্ষিকীক শ্ৰদ্ধাৰে সুৱৰিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা কে ধৰি দলৰ আন আন নেতাসকলে নতুন দিল্লীৰ দলৰ মুখ্যকাৰ্যালয়ত পণ্ডিত দিনদয়াল উপাধ্যায়ৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ৰাজ্যৰ শিক্ষামন্ত্রী জাঃ ৰণোজ পেগুৱে দিনদয়াল উপাধ্যায়ক শ্ৰদ্ধাৰে সুঁৱৰি কয়, যে তেওঁ ৰাষ্ট্ৰ নিৰ্মাণত নিঃস্বাৰ্থ সেৱা আগবঢ়াই থৈ গৈছে। সমাজৰ পিছ পৰা শ্ৰেণী, তৃণমূল পৰ্যায়ৰ সংস্থাসমূহৰ উন্নয়নৰ জৰিয়তে সৰ্বাংগীন উন্নয়নৰ হ...