December 25, 2024 8:27 PM

views 32

নতুনকৈ গঠিত বহুমুখী প্রাথমিক কৃষি সমবায় সমিতি, দুগ্ধ আৰু মীন সমবায় সমিতি ৰাষ্ট্ৰৰ নামত কেন্দ্রীয় সমবায় মন্ত্রী অমিত শ্বাহৰ উৎসৰ্গা

কেন্দ্রীয় সমবায় মন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীৰ পুছাত নতুনকৈ গঠিত ১০ হাজাৰৰো অধিক বহুমুখী প্রাথমিক কৃষি সমবায় সমিতি, দুগ্ধ আৰু মীন সমবায় সমিতি ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে। শ্ৰীশ্বাহে নৱগঠিত সমবায় সমিতিসমূহক পঞ্জীয়নৰ প্ৰমাণ পত্ৰ, ৰূপে কিষাণ ক্রেডিট কাৰ্ড আৰু মাইক্ৰ' এটিএম বিতৰণ কৰে। এই বিত্তীয় আহিলাসমূহ পঞ্চায়তসমূহত ঋণ সেৱাসমূহ সহজেই লাভ কৰিব পৰাকৈ আৰু বিত্তীয় অন্তৰ্ভুক্তিত প্ৰসাৰিত কৰিবলৈ নিৰ্মাণ কৰা হৈছে। এইবোৰৰ দ্বাৰা গ্ৰাম্য জনসাধাৰণ বিভিন্ন আঁচনিৰ দ্বাৰা উপকৃত হ'ব আৰু দেশৰ অৰ্থনৈ...

December 25, 2024 11:41 AM

views 36

নতুন দিল্লীত ১০ হাজাৰৰো অধিক নতুনকৈ স্থাপিত বহুমুখী প্রাথমিক কৃষি সমবায় সমিতি তথা দুগ্ধ আৰু মীন সমবায় ৰাষ্ট্ৰৰ নামত কেন্দ্রীয় সমবায় মন্ত্রী অমিত শ্বাহৰ উৎসৰ্গা

কেন্দ্রীয় সমবায় মন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীত ১০ হাজাৰৰো অধিক নতুনকৈ স্থাপন কৰা বহুমুখী প্রাথমিক কৃষি সমবায় সমিতি তথা দুগ্ধ আৰু মীন সমবায় ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব। তেওঁ লগতে ৰাষ্ট্ৰীয় সমবায় সন্মিলনত নতুনকৈ স্থাপন কৰা সমবায় সমিতিসমূহৰ মাজত পঞ্জীয়ন প্ৰমাণ পত্ৰ, ৰূপে কিষাণ ক্রেডিট কাৰ্ড আৰু মাইক্ৰ' এ টি এম বিতৰণ কৰিব। পঞ্চায়তসমূহত সুলভ ঋণ সেৱা আৰু বিত্তীয় অন্তৰ্ভুক্তিৰ প্ৰসাৰ, গ্ৰামাঞ্চলৰ জনসাধাৰণক বিভিন্ন আঁচনিৰ উপকাৰ প্ৰদান আৰু ৰাষ্ট্ৰৰ অৰ্থনৈতিক প্ৰগতিত তেওঁলোকৰ অংশগ্রহণ সুনিশ...

December 24, 2024 10:01 AM

views 49

জটিল আন্তঃগাঁথনিৰ ওপৰত আক্ৰমণ, চাইবাৰ আক্ৰমণৰ দৰে প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হ’বলৈ উৎকৃষ্ট চিন্তাধাৰাৰ প্ৰয়োজনঃ গৃহমন্ত্ৰী

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ভাৰত বিৰোধী সংগঠন আৰু নেটৱৰ্ক ধৰা পেলাবলৈ বন্ধু ৰাষ্ট্ৰৰ সৈতে চোৰাংচোৱা সমন্বয় কৌশল প্ৰস্তুত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীত ৩৭ সংখ্যক চোৰাংচোৱা ব্যুৰ'ৰ শতবার্ষিকী অনুষ্ঠানত বক্তৃতা প্ৰদান কৰি শ্ৰীশ্বাহে কয়, যে জটিল আন্তঃগাঁথনিৰ ওপৰত আক্ৰমণ, চাইবাৰ আক্ৰমণৰ দৰে প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হ'বলৈ উৎকৃষ্ট চিন্তাধাৰাৰ প্ৰয়োজন। চোৰাংচোৱা ব্যুৰ'ৰ প্ৰশংসা কৰি গৃহমন্ত্ৰীগৰাকীয়ে কয়, যে কর্মপদ্ধতি, সতর্কতা, সজাগতা, ত্যাগ আৰু নিষ্ঠাৰ পৰম্পৰাৰ ব...

December 20, 2024 8:06 PM

views 336

এছ এছ বিৰ প্ৰতিষ্ঠা দিৱসত অমৰ ছহীদসকলৰ প্রতি শ্রদ্ধা নিবেদন কেন্দ্রীয় গৃহমন্ত্রীৰ

সশস্ত্র সীমা বল এছ এছ বিৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি বাহিনীটোৰ অমৰ ছহীদসকলৰ প্রতি শ্রদ্ধা নিবেদন কৰিছে। গৃহমন্ত্ৰীগৰাকীয়ে এই বাহিনীৰ প্ৰতিগৰাকী জোৱান আৰু তেওঁলোকৰ পৰিয়ালসমূহলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্ৰী শ্বাহে কয়, যে ভাৰতৰ এছ এছ বিয়ে ত্যাগ আৰু বীৰত্বৰ জৰিয়তে ৰাষ্ট্ৰীয় সুৰক্ষা তথা জনসেৱাক সৰ্বাধিক অগ্রাধিকাৰ প্ৰদান কৰি আহিছে। তেওঁ সীমাৰ সীপাৰৰ পৰা সংঘটিত অপৰাধ আৰু অনুপ্ৰৱেশ প্রতিহত কৰাৰ হকে এছ এছ বিৰ সাহসী জোৱানসকলৰ প্ৰয়া...

December 19, 2024 5:17 PM

views 61

গৃহমন্ত্ৰী অমিত শ্বাহৰ সভাপতিত্বত আজি উচ্চ পৰ্যায়ৰ নিৰাপত্তা সম্পৰ্কীয় বৈঠক অনুষ্ঠিত হ’ব

নতুন দিল্লীত আজি কেন্দ্রীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সভাপতিত্বত এখন উচ্চ পৰ্যায়ৰ নিৰাপত্তা সম্পৰ্কীয় বৈঠক অনুষ্ঠিত হ'ব। উক্ত বৈঠকত মূলতঃ জম্মু-কাশ্মীৰৰ পৰিস্থিতিৰ লগতে জটিল নিৰাপত্তাজনিত বিষয়সমূহক লৈ আলোচনা কৰা হ'ব। জম্মু-কাশ্মীৰৰ শান্তি শৃংখলা উন্নত কৰিবৰ বাবে পৰ্যালোচনা কৰাৰ লক্ষ্যৰে জম্মু-কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহাও বৈঠকখনত অংশ ল'ব। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভাল, কেন্দ্রীয় গৃহ সচিব গোৱিন্দ মোহন, চোৰাংচোৱা ব্যুৰৰ সঞ্চালক তপন ডেকা, সেনা প্রধান উপেন্দ্র দ্বিবেদীকে ধৰি জেষ্ঠ সেন...

December 15, 2024 11:39 AM

views 39

প্ৰস্তাৱিত এখন দেশ এটা নির্বাচন ব্যৱস্থাৰ  বিধেয়ক দুখনে যুক্তৰাষ্ট্ৰবাদৰ আদৰ্শক অৱহেলা কৰা বুলি উঠা অভিযোগ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ খণ্ডন

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে এখন দেশ এটা নির্বাচন ব্যৱস্থাৰ বিধেয়ক দুখনে যুক্তৰাষ্ট্ৰবাদৰ আদৰ্শক অৱহেলা কৰে বুলি উঠা অভিযোগ খণ্ডন কৰিছে। নতুন দিল্লীত কালি এটা টিভি চেনেলে আয়োজন কৰা অনুষ্ঠানত ভাগ লৈ শ্ৰী শ্বাহে কয়, যে লোকসভা আৰু বিধানসভা নির্বাচন একেলগে অনুষ্ঠিত কৰাটো কোনো নতুন কথা নহয় ৷ তেওঁ কয়, যে ১৯৫২ চনত সকলো নির্বাচন একেলগে অনুষ্ঠিত হৈছিল।

December 8, 2024 5:36 PM

views 38

সীমান্ত সুৰক্ষা বাহিনীয়ে সাহস, বীৰত্ব আৰু ত্যাগৰ মনোভাৱেৰে ৬ দশক ধৰি দেশৰ সীমান্ত সুৰক্ষিত কৰি আহিছেঃ গৃহমন্ত্রী অমিত শ্বাহ

গৃহমন্ত্রী অমিত শ্বাহে কৈছে, যে সীমান্ত সুৰক্ষা বাহিনীয়ে সাহস, বীৰত্ব আৰু ত্যাগৰ মনোভাৱেৰে ৬ দশক ধৰি দেশৰ সীমান্ত সুৰক্ষাৰ প্ৰথমটো শাৰী শক্তিশালী কৰাৰ বাবে কাম কৰি আহিছে। ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীৰ ৬০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত ভাষণ প্ৰদান কৰি শ্ৰীশ্বাহে এই মন্তব্য আগবঢ়ায়। আৰম্ভণিৰে পৰা ভাৰতৰ ভৌগলিক অখণ্ডতা ৰক্ষা আৰু সীমান্তত শান্তি বৰ্তাই ৰখাত সীমান্ত সুৰক্ষা বাহিনীয়ে গুৰুত্ব ভূমিকা পালন কৰি আহিছে। যোধপুৰৰ বি এছ এফ ৰাজস্থান ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয়ত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱ...

November 16, 2024 11:00 AM

views 40

৫ বছৰৰ ভিতৰত ৱৰ্ধা-নন্দেড ৰে’ল প্রকল্প সম্পূৰ্ণ হ’ব : গৃহমন্ত্রী অমিত শ্বাহ

কেন্দ্রীয় গৃহমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে ৫ বছৰৰ ভিতৰত ৱৰ্ধা-নন্দেড ৰে'ল প্রকল্প সম্পূৰ্ণ হ'ব বুলি ঘোষণা কৰিছে। তেওঁ লগতে কয় যে অঞ্চলটোৰ জলসিঞ্চন ব্যৱস্থা অধিক সুচল কৰাৰ বাবে পেংগাংগা নদীক নদী সংযোগী প্ৰকল্পত অন্তৰ্ভুক্ত কৰা হ'ব আৰু নাগপুৰ-মুম্বাই সমৃদ্ধি এক্সপ্ৰেছৱে যাৱতমাল জিলাৰ উমাখেডলৈকে সম্প্ৰসাৰণ কৰা হ'ব। কালি বিয়লি মহাৰাষ্ট্ৰৰ যৱতমল জিলাত মহজোটৰ এগৰাকী প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ দি গৃহমন্ত্ৰী গৰাকীয়ে এই কথা ঘোষনা কৰে। ভাষণ প্ৰসংগত তেওঁ উল্লেখ কৰে যে যে কংগ্ৰে...

November 12, 2024 2:19 PM

views 58

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ ক্ৰমাৎ তীব্ৰতৰ

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী, কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু বিভিন্ন দলৰ জ্যেষ্ঠ নেতাসকলে আজি ৰাজ্যখনৰ ভিন ভিন জিলাত নিৰ্বাচনী সভা সম্বোধন কৰাৰ কথা আছে। শ্ৰী মোদীয়ে আজি চন্দ্ৰপুৰৰ চিমুৰ, ছোলাপুৰ আৰু পুনেত দলৰ হৈ প্ৰচাৰ চলাব। একেদৰে কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে মুম্বাইত দুখন নির্বাচনী সভাত ভাগ ল'ব। ইপিনে, কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজি বুলধানা জিলাৰ চিখালি আৰু গন্দিয়াত মহা মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ ...

November 10, 2024 6:06 PM

views 40

মহাৰাষ্ট্ৰৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহৰ দলীয় ইস্তাহাৰ প্ৰকাশ

বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে আজি মুম্বাইত দলৰ আগশাৰীৰ নেতাসকলৰ উপস্থিতিত মহাৰাষ্ট্ৰৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে দলীয় ইস্তাহাৰ সংকল্প-পত্ৰ প্ৰকাশ কৰে। ইস্তাহাৰ প্ৰকাশ কৰি শ্ৰীশ্বাহে কয় যে বিজেপিৰ সংকল্পপত্ৰত ৰাজ্যখনৰ জনসাধাৰণৰ আশা আকাংক্ষা প্রতিফলিত হৈছে। সংকল্পপত্ৰত বিজেপিয়ে খৰাং অৱস্থামুক্ত মহাৰাষ্ট্ৰৰ বাবে জলসিঞ্চন প্ৰকল্প, নৈৰ গতিপথৰ পৰিৱৰ্তন ঘটোৱা আৰু বাৰিষাৰ অতিৰিক্ত পানী প্ৰয়োজনীয় স্থানলৈ বোৱাই নিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। দলটোৱে লগতে পৰৱৰ্ত্তী ৫ বছৰত ১ কোটি কর্মসংস্থাপন সৃ...