সমগ্র দেশে আজি পণ্ডিত দিন দয়াল উপাধ্যায়ক তেওঁৰ মৃত্যু বার্ষিকীক শ্ৰদ্ধাৰে সুৱৰিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা কে ধৰি দলৰ আন আন নেতাসকলে নতুন দিল্লীৰ দলৰ মুখ্যকাৰ্যালয়ত পণ্ডিত দিনদয়াল উপাধ্যায়ৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ৰাজ্যৰ শিক্ষামন্ত্রী জাঃ ৰণোজ পেগুৱে দিনদয়াল উপাধ্যায়ক শ্ৰদ্ধাৰে সুঁৱৰি কয়, যে তেওঁ ৰাষ্ট্ৰ নিৰ্মাণত নিঃস্বাৰ্থ সেৱা আগবঢ়াই থৈ গৈছে। সমাজৰ পিছ পৰা শ্ৰেণী, তৃণমূল পৰ্যায়ৰ সংস্থাসমূহৰ উন্নয়নৰ জৰিয়তে সৰ্বাংগীন উন্নয়নৰ হকে কাম কৰা পণ্ডিত দিনদয়াল উপাধ্যায়ৰ আদৰ্শই সদায় অনুপ্ৰাণিত কৰি আহিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
Assamese | February 11, 2025 2:29 PM | Amit Shah | Deendayal Upadhyaya | HM India
পণ্ডিত দিন দয়াল উপাধ্যায়ৰ মৃত্যু বার্ষিকীঃ গৃহমন্ত্ৰীকে ধৰি অন্যান্য নেতাসকলৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন