কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত গঠিত উচ্চ পৰ্যায়ৰ কমিটিখনে যোৱা বছৰ বান, আকস্মিক বান, ভূমিস্খলন আৰু ঘূর্ণিবতাহৰ দৰে প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত ৫খন ৰাজ্যলৈ ৰাষ্ট্ৰীয় দুৰ্যোগ সহাৰি পুঁজিৰ পৰা ১,৫৫৪কোটিৰো অধিক টকাৰ অতিৰক্তি কেন্দ্ৰীয় সাহায্যত অনুমোদন জনাইছে কেন্দ্রীয় গৃহ মন্ত্ৰালয়ে প্রকাশ কৰা মতে অন্ধ্ৰপ্ৰদেশৰ বাবে ৬০৮ কোটি, নাগালেণ্ডৰ বাবে ১৭০ কোটিৰো অধিক, ত্ৰিপুৰাৰ বাবে ২৮৮ কোটিৰো অধিক, ওড়িশাৰ বাবে ২৫৫ কোটি আৰু তেলেংগানাৰ বাবে ২৩১ কোটিৰো অধিক টকাত অনুমোদন দিয়া হৈছে। ৰাজ্যিক দুৰ্যোগ সহাৰি পুঁজিৰ অধীনত কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহলৈ ইতিমধ্যে আৱন্তন কৰা পুঁজিৰ ওপৰঞ্চি এই সাহাস্য প্ৰদান কৰা হৈছে বুলি গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ২০২৪-২৫ বিত্তীয় বৰ্ষত কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক দুৰ্যোগ সহাৰি পুঁজিৰ অধীনত ২৭খন ৰাজ্যলৈ ১৮ হাজাৰ ৩২২ কোটিৰো অধিক টকা আৰু ৰাজ্যিক দুর্যোগ সহাৰি বাহিনী পুঁজিৰ পৰা ১৮খন ৰাজ্যলৈ ৪ হাজাৰ ৮০৮ কোটিৰো অধিক টকা মোকলাই দিছে।
Assamese | February 19, 2025 3:27 PM | Amit Shah | HM India
৫খন ৰাজ্যলৈ ৰাষ্ট্ৰীয় দুৰ্যোগ সহাৰি পুঁজিৰ পৰা ১,৫৫৪কোটিৰো অধিক টকাৰ অতিৰক্তি কেন্দ্ৰীয় সাহায্যত গৃহমন্ত্ৰীৰ অনুমোদন