কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে মধ্যবিত্ত শ্ৰেণী, কৃষক আৰু অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া কোম্পানীসমূহৰ বাবে লাভজনক বাজেট উত্থাপন কৰা বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে দাবী কৰিছে। কয়ম্বটুৰত আজি বিজেপিৰ কাৰ্যালয় মুকলি কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে জনসাধাৰণৰ আস্থাৰ বাবেই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এইবাৰ তৃতীয়বাৰৰ বাবে ক্ষমতাত অধিস্থিত হৈছে। ওড়িশা, অন্ধ্ৰপ্ৰদেশ, দিল্লী, হাৰিয়ানা আৰু মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ কথা উল্লেখ কৰি তেওঁ কয়, যে ৰাজ্যকেইখনৰ নিৰ্বাচনৰ পৰা জনসাধাৰণৰ যে ৰাষ্ট্ৰীয় বিকাশৰ কাৰ্যসূচী গ্ৰহণ কৰা চৰকাৰ বিচাৰে সেয়া প্ৰমাণিত হৈছে।
Assamese | February 26, 2025 8:39 PM | Amit Shah
কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে মধ্যবিত্ত শ্ৰেণী, কৃষক আৰু অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া কোম্পানীসমূহৰ বাবে লাভজনক বাজেট উত্থাপন কৰা বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ দাবী