November 7, 2024 7:31 PM

views 56

কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰেই সন্ত্রাসবাদ প্ৰতিৰোধৰ বাবে নতুন ৰাষ্ট্রীয় সন্ত্রাসবাদ প্রতিৰোধী নীতি আৰু কৌশল প্রস্তুত কৰিবঃ গৃহমন্ত্রী

কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰেই সন্ত্রাসবাদ প্ৰতিৰোধৰ বাবে নতুন ৰাষ্ট্রীয় সন্ত্রাসবাদ প্রতিৰোধী নীতি আৰু কৌশল প্রস্তুত কৰিব বুলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ঘোষণা কৰিছে। আজি নতুন দিল্লীত অনুষ্ঠিত দুদিনীয়া সন্ত্রাসবাদ বিৰোধী সন্মিলন, ২০২৪ উদ্বোধন কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়, যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছৰে পৰা বিগত ১০ বছৰত চৰকাৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ দৃষ্টিভংগী গ্ৰহণ কৰি আহিছে। তেওঁ কয়, যে শ্রী মোদীৰ সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতা নীতিক বিশ্বৰ বিভ...

November 3, 2024 11:50 AM

views 60

গৃহমন্ত্রী অমিত শ্বাহে  মুকলি কৰিব ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ বাবে দলৰ ইস্তাহাৰ সংকল্প পত্ৰ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা গৃহমন্ত্রী অমিত শ্বাহে আজি ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ বাবে দলৰ ইস্তাহাৰ সংকল্প পত্ৰ মুকলি কৰে। শ্ৰী শ্বাহে লগতে ঘাটছিলাৰ ধালভূমগড়, হাজাৰিবাগৰ বৰকণ্ঠা আৰু ছিমৰিয়াৰ চট্ৰাত তিনিখন নির্বাচনী সভাত ভাষণ দিব। বিজেপি নেতাগৰাকী যোৱা নিশা দুদিনীয়া ঝাৰখণ্ড ভ্রমণসূচীৰে ৰাছীত উপস্থিত হয়। ভ্রমণকালত শ্ৰী শ্বাহে দলৰ নেতাসকলৰ সৈতে নিৰ্বাচনী প্ৰস্তুতিৰ পৰ্যালোচনা চলোৱাৰ কথা আছে।

October 31, 2024 7:40 PM

views 29

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ চৰ্দাৰ বল্লভ ভাই পেটেলক অখণ্ড ভাৰতৰ নিৰ্মাতা বুলি অভিহিত

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে চৰ্দাৰ বল্লভ ভাই পেটেলক অখণ্ড ভাৰতৰ নিৰ্মাতা বুলি অভিহিত কৰিছে । গুজৰাটৰ বোটাডত আজি এটা অনুষ্ঠানত নেতাগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, চৰ্দাৰ পেটেলৰ ঐতিহ্যৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাৰ উদ্দেশ্যে পৰৱৰ্তী দুবছৰত নেতাগৰাকীৰ ডেৰশ বছৰীয়া জয়ন্তী পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাষ্ট্ৰীয় একতা আৰু শক্তিৰ প্ৰতি চৰ্দাৰ বল্লভ ভাই পেটেলৰ চিন্তাধাৰা আৰু দৰ্শনৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হৈছে। দুদিনীয়া ভ্ৰমণসূচীৰে সম্...

October 31, 2024 12:05 PM

views 33

দুদিনীয়া ভ্রমণসূচীৰে গুজৰাটত উপস্থিত  কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ

দুদিনীয়া ভ্রমণসূচীৰে গুজৰাটত উপস্থিত হোৱা কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে আজি বোটাডৰ চালাংপুৰত অৱস্থিত কষ্টভঞ্জন হনুমানজী মন্দিৰৰ শ্ৰীগোপালানন্দ স্বামী যাত্রী ভবন উদ্বোধন কৰিব। কাইলৈ তেওঁ আহমেদাবাদৰ পিড়ানাত ৰাজ্যখনৰ সৰ্ববৃহৎ আৱৰ্জনাৰ পৰা শক্তি উৎপাদন কেন্দ্ৰ উদ্বোধন কৰিব।

October 27, 2024 7:03 PM

views 34

পশ্চিমবংগৰ ভাৰত বাংলাদেশ সীমান্তত যাত্ৰীৰ আগমন-প্ৰস্থান ভৱন আৰু মৈত্ৰী দ্বাৰ নামৰ কার্গো গেট কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ দ্বাৰা উদ্বোধন

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি পশ্চিমবংগৰ ভাৰত বাংলাদেশ সীমান্তৰ পেট্টাপ’ল ভূ-বন্দৰত যাত্ৰীৰ আগমন-প্ৰস্থান ভৱন আৰু মৈত্ৰী দ্বাৰ নামৰ কার্গো গেট উদ্বোধন কৰে। উত্তৰ-২৪ পৰগনা জিলাৰ পেট্টাপ'ল ভূ-বন্দৰ দক্ষিণ এচিয়াৰ সৰ্ববৃহৎ ভূ-বন্দৰ আৰু এই বন্দৰটোৱে ভাৰত আৰু বাংলাদেশৰ মাজত বাণিজ্যৰ গুৰুত্বপূৰ্ণ দ্বাৰৰূপে পৰিগণিত হৈছে। ভাৰত আৰু বাংলাদেশৰ মাজৰ স্থল ভাগেৰে হোৱা বাণিজ্যৰ প্ৰায় ৭০ শতাংশ এই ভূ-বন্দৰৰ মাধ্যমেৰে সম্পন্ন হয়। উল্লেখযোগ্য যে পেট্টাপ’ল ভূ-বন্দৰ ভাৰতৰ অষ্টম বৃহৎ আন্তঃৰাষ্ট্ৰীয় আব্ৰজন ...

October 6, 2024 11:36 AM

views 31

কাইলৈ নতুন দিল্লীত বাওঁ উগ্রপন্থী প্রভাৱিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে  কেন্দ্রীয় গৃহমন্ত্রীৰ পর্যালোচনা বৈঠক

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কাইলৈ নতুন দিল্লীত বাওঁপন্থী উগ্রপন্থী প্রভাৱিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত সভাপতিত্ব কৰিব। এই বৈঠকত অন্ধ্রপ্রদেশ, বিহাৰ, চত্তিশগড়, ঝাৰখণ্ড, তেলেংগানা, ওড়িশা, মহাৰাষ্ট্ৰ আৰু মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে অংশগ্রহণ কৰিব। গৃহ পৰিক্ৰমা মন্ত্ৰ্যালয়ে এটা বিবৃতিযোগে কৈছে যে, বাওঁপন্থী উগ্রবাদ প্ৰভাৱিত ৰাজ্যসমূহক উন্নয়নমূলক সহায় আগবঢ়াব বাবে ৫ জন কেন্দ্রীয় মন্ত্রীয়েও এই বৈঠকত অংশগ্ৰহণ কৰিব। উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা আৰু কেন্দ্ৰ, ৰাজ...

October 4, 2024 7:46 PM

views 44

আহমেদাবাদ জিলা সমবায় বেংকৰ শতবার্ষিকী অনুষ্ঠানত ভাষণ সমবায় মন্ত্রী অমিত শ্বাহৰ

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে কয় যে, সমবায় আৰ্হিটোৱে হৈছে বিশ্বৰ একমাত্ৰ আৰ্হি যাৰ জৰিয়তে জনসাধাৰণৰ উন্নয়নৰ সমান্তৰালকৈ অৰ্থনৈতিক বিকাশ সুনিশ্চিত কৰিব পৰা যায়। মন্ত্ৰীগৰাকীয়ে আজি গান্ধীনগৰৰ মহাত্মা মন্দিৰত আহমেদাবাদ জিলা সমবায় বেংকৰ শতবার্ষিকী অনুষ্ঠানত ভাষণ দি এইদৰে উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে লগতে জনকল্যাণ অবিহনে দেশৰ অৰ্থনৈতিক বিকাশ সম্ভৱ নহয় বুলিও লগতে উল্লেখ কৰে । তেওঁ আৰু লগতে তৃণমূল পৰ্যায়ৰ উন্নয়নৰ বাবে এ ডি চি বেংক আৰু আমূল আদি সংস্থাসমূহৰ অৱদানক প্ৰশংসা কৰে। ভৱ...

October 3, 2024 8:09 PM

views 39

আহমেদাবাদত কেইবাটাও উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন গৃহমন্ত্ৰী অমিত শ্বাহৰ

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে কৈছে যে, মহাত্মা গান্ধীৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বচ্ছতাক এটা গণজাগৰণলৈ পৰিৱৰ্তন কৰিলে আৰু জনসাধাৰণৰ মাজত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ এটা পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত বৃহত বৰঙণি আগবঢ়াইছে। মন্ত্ৰীগৰাকীয়ে আজি আহমেদাবাদত ৪৭০ কোটি টকাৰো অধিক ভালেমান উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ভালেমান প্রকল্প মুকলি কৰি এই কথা প্ৰকাশ কৰে ৷ শ্ৰী শ্বাহে কয় যে, বিগত ৫টা বছৰত গান্ধী নগৰ সংসদীয় সমষ্টিত স্বাস্থ্য আন্তঃগাঁথনি, শিক্ষাকে ধৰি জনসাধাৰণৰ কল্যা...

October 1, 2024 8:37 PM

views 37

মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন মহাযুটী ক্ষমতালৈ আহিব বুলি অমিত শ্বাহৰ দাবী

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আগন্তুক মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন মহাযুটী ক্ষমতালৈ আহিব বুলি দাবী কৰিছে। আজি মুম্বাইত অনুষ্ঠিত এখন অধিবেশনত বিজেপিৰ বিষয়ববীয়া আৰু কৰ্মীসকলক সম্বোধন কৰি শ্ৰীশ্বাহে তেওলোকক যিকোনো হতাশা জোকাৰি পেলাবলৈ, সমীক্ষাত মনোনিবেশ নকৰিবলৈ আৰু আগন্তুক নিৰ্বাচনত দলৰ জয় নিশ্চিত কৰাৰ বাবে কাম কৰিবলৈ আহ্বান জনায়। গৃহমন্ত্ৰীগৰাকীয়ে বিজেপিৰ কৰ্মীসকলক ভোটাৰৰ হাৰ ১০ শতাংশ বৃদ্ধিৰ লক্ষ্য লবলৈ আহ্বান জনায়।

September 20, 2024 7:50 PM

views 41

ভোগনাদীহত ঝাৰখণ্ড বিজেপিৰ পৰিৱৰ্তন যাত্ৰাৰ শুভাৰম্ভ গৃহমন্ত্ৰী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি ঝাৰখণ্ডৰ চাহেবগঞ্জ জিলাৰ চাওতাল পৰগণা খণ্ডৰ ভোগনাদীহত ঝাৰখণ্ড বিজেপিৰ পৰিৱৰ্তন যাত্ৰাৰ শুভাৰম্ভ কৰে। পুলিচ লাইন গ্রাউণ্ডত আয়োজিত এখন জনসভাক সম্বোধন কৰি শ্ৰী শ্বাহে কয় যে পৰিৱৰ্তন যাত্ৰাৰ জৰিয়তে ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ অভিযান আৰম্ভ কৰা হৈছে। শ্ৰী শ্বাহে আশ্বাস প্ৰদান কৰি কয় যে যদি ৰাজ্যখনত বিজেপি ক্ষমতালৈ আহে তেতিয়া জ্যেষ্ঠ নাগৰিক তথা ৭৫ বছৰৰ ঊৰ্ধৰ নাগৰিকসকলক ১০ লাখ টকা পর্যন্ত বিনামূলীয়া চিকিৎসা সাহায্য প্ৰদান কৰা হ'ব। বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ ফলত ৰা...