সশস্ত্র সীমা বল এছ এছ বিৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি বাহিনীটোৰ অমৰ ছহীদসকলৰ প্রতি শ্রদ্ধা নিবেদন কৰিছে। গৃহমন্ত্ৰীগৰাকীয়ে এই বাহিনীৰ প্ৰতিগৰাকী জোৱান আৰু তেওঁলোকৰ পৰিয়ালসমূহলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্ৰী শ্বাহে কয়, যে ভাৰতৰ এছ এছ বিয়ে ত্যাগ আৰু বীৰত্বৰ জৰিয়তে ৰাষ্ট্ৰীয় সুৰক্ষা তথা জনসেৱাক সৰ্বাধিক অগ্রাধিকাৰ প্ৰদান কৰি আহিছে। তেওঁ সীমাৰ সীপাৰৰ পৰা সংঘটিত অপৰাধ আৰু অনুপ্ৰৱেশ প্রতিহত কৰাৰ হকে এছ এছ বিৰ সাহসী জোৱানসকলৰ প্ৰয়াসক অনুকৰণীয় বুলি অভিহিত কৰে। গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয়, যে সীমামূৰীয়া অঞ্চলসমূহত উন্নয়নমূলক কামকাজ ত্বৰান্বিত কৰাৰ সমান্তৰালভাৱে দেশৰ সুৰক্ষাৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰি বাহিনীটোৰ সাহসী জোৱানসকলে ৰাষ্ট্ৰ গঠনৰ প্ৰতি অহৰহ অৰিহনা আগবঢ়াই আহিছে। আনহাতে পশ্চিমবংগৰ শিলিগুৰিৰ ৰাণীদাংগাত আয়োজিত এছ এছ বিৰ ৬১ সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰি গৃহমন্ত্রী অমিত শ্বাহে ছহীদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ লগতে জোৱানসকলৰ অভিবাদন গ্ৰহণ কৰে। এছ এছ বিৰ সঞ্চালক প্রধান অমৃত মোহন প্ৰসাদেও ভাগ লোৱা এই অনুষ্ঠাত শ্ৰী শ্বাহে এছ এছ বিৰ জোৱানসকলক সাহসিকতাৰ বঁটা প্ৰদান কৰে ।
Assamese | December 20, 2024 8:06 PM | Amit Shah
এছ এছ বিৰ প্ৰতিষ্ঠা দিৱসত অমৰ ছহীদসকলৰ প্রতি শ্রদ্ধা নিবেদন কেন্দ্রীয় গৃহমন্ত্রীৰ