কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে এখন দেশ এটা নির্বাচন ব্যৱস্থাৰ বিধেয়ক দুখনে যুক্তৰাষ্ট্ৰবাদৰ আদৰ্শক অৱহেলা কৰে বুলি উঠা অভিযোগ খণ্ডন কৰিছে। নতুন দিল্লীত কালি এটা টিভি চেনেলে আয়োজন কৰা অনুষ্ঠানত ভাগ লৈ শ্ৰী শ্বাহে কয়, যে লোকসভা আৰু বিধানসভা নির্বাচন একেলগে অনুষ্ঠিত কৰাটো কোনো নতুন কথা নহয় ৷ তেওঁ কয়, যে ১৯৫২ চনত সকলো নির্বাচন একেলগে অনুষ্ঠিত হৈছিল।
Assamese | December 15, 2024 11:39 AM | Amit Shah
প্ৰস্তাৱিত এখন দেশ এটা নির্বাচন ব্যৱস্থাৰ বিধেয়ক দুখনে যুক্তৰাষ্ট্ৰবাদৰ আদৰ্শক অৱহেলা কৰা বুলি উঠা অভিযোগ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ খণ্ডন