আন্তর্জাতিক বিমানযাত্ৰীসকলৰ ইমিগ্ৰেশ্বন ব্যৱস্থা সূচল আৰু নিৰাপদ কৰাৰ উদ্দেশ্যে প্ৰৱৰ্তন কৰা দ্ৰুত ইমিগ্ৰেছন আস্থাভাজন ভ্রমণ ব্যৱস্থা কাইলৈ গৃহমন্ত্রী অমিত শ্বাহে মুম্বাই, চেন্নাই, কলকাতা, বাংগালুৰু, হায়দৰাবাদ, কোচিন আৰু আহমেদাবাদ বিমানবন্দৰত মুকলি কৰিব । গৃহ মন্ত্ৰ্যালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে, এই সুবিধা গ্ৰহণ কৰিবলৈ বিচৰা বিমান যাত্ৰীসকলে তেওঁলোকৰ আবেদন আৰু সংশ্লিষ্ট নথিপত্ৰ গৃহ মন্ত্ৰ্যালয়ৰ পোৰ্টেলত আপলোড কৰিব লাগিব। তেওঁলোকৰ বায়’মেট্রিক ডাটা সংশ্লিষ্ট বিমান বন্দৰৰ আঞ্চলিক বিদেশী পঞ্জীয়ন কাৰ্যালয়ত সংগ্ৰহ কৰা হ’ব আৰু তেওঁ লোকে বিমানৰ বোর্ডিং পাছ স্কেন কৰোৱাৰ প্ৰয়োজন নহ’ব। এই ব্যৱস্থা অতি সোণকালে গুৱাহাটীকে ধৰি দেশৰ ২১ টা প্রধান বিমান বন্দৰত প্ৰৱৰ্তন কৰা হ’ব ।
Assamese | January 15, 2025 7:07 PM | Amit Shah
গৃহমন্ত্রী অমিত শ্বাহে বৃহস্পতিবাৰে বিমানযাত্ৰীসকলৰ বাবে দ্ৰুত ইমিগ্ৰেছন আস্থাভাজন ভ্রমণ ব্যৱস্থা মুকলি কৰিব