February 23, 2025 11:09 AM

views 42

কৰ্মসংস্থাপনৰ সুযোগ আৰু প্ৰতিটো পৰিয়ালক সমৃদ্ধিশালী কৰি দেশৰ উন্নয়নৰ সৈতে জড়িত কৰাটো সমবায় বিপ্লবৰ দ্বাৰা সম্ভৱ বুলি কেন্দ্ৰীয় সমবায় মন্ত্রী অমিত শ্বাহৰ প্ৰকাশ

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে সকলো লোককে নিজৰ সামৰ্থ অনুসৰি কৰ্মসংস্থাপনৰ সুযোগ প্ৰদান কৰা আৰু প্ৰতিটো পৰিয়ালকে সমৃদ্ধিশালী কৰি দেশৰ উন্নয়নৰ সৈতে জড়িত কৰাটো সমবায় বিপ্লবৰ জৰিয়তেহে সম্ভৱ বুলি প্ৰকাশ কৰিছে। যোৱা তিনিটা বছৰত কেন্দ্ৰীয় চৰকাৰে সমবায় বিপ্লবক বিশেষ গুৰুত্ব দিয়াৰ পৰিপ্ৰেক্ষিতত এই খণ্ডটোৱে গতি লাভ কৰিবলৈ সমৰ্থ হৈছে বুলিও তেওঁ উল্লেখ কৰে। পুনেত কালি জনতাসহকাৰী বেংকৰ মহাৰজত জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে মোদী চৰকাৰে দে...

February 20, 2025 8:20 PM

views 44

২০১৪ চনৰে পৰা উত্তৰ পূৰ্বাঞ্চলত কমেও চাৰে ১০ হাজাৰ যুৱকে অস্ত্ৰ সম্বৰণ কৰি মূল সূতিলৈ ঘূৰি আহিছেঃ গৃহমন্ত্ৰী

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কয়, যে ২০১৪ চনৰে পৰা উত্তৰ পূৰ্বাঞ্চলত কমেও চাৰে ১০ হাজাৰ যুৱকে অস্ত্ৰ সম্বৰণ কৰি মূল সূতিলৈ ঘূৰি আহিছে। নতুন দিল্লীত আয়োজিত একতা উৎসৱ–এটা কণ্ঠ এটা জাতি অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী শ্ৰীশ্বাহে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূৰ্বাঞ্চলক সমগ্রে দেশতে অষ্টলক্ষ্মীৰূপে প্ৰতিষ্ঠা কৰিছে।

February 19, 2025 3:27 PM

views 62

৫খন ৰাজ্যলৈ ৰাষ্ট্ৰীয় দুৰ্যোগ সহাৰি পুঁজিৰ পৰা ১,৫৫৪কোটিৰো অধিক টকাৰ অতিৰক্তি কেন্দ্ৰীয় সাহায্যত গৃহমন্ত্ৰীৰ অনুমোদন

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত গঠিত উচ্চ পৰ্যায়ৰ কমিটিখনে যোৱা বছৰ বান, আকস্মিক বান, ভূমিস্খলন আৰু ঘূর্ণিবতাহৰ দৰে প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত ৫খন ৰাজ্যলৈ ৰাষ্ট্ৰীয় দুৰ্যোগ সহাৰি পুঁজিৰ পৰা ১,৫৫৪কোটিৰো অধিক টকাৰ অতিৰক্তি কেন্দ্ৰীয় সাহায্যত অনুমোদন জনাইছে কেন্দ্রীয় গৃহ মন্ত্ৰালয়ে প্রকাশ কৰা মতে অন্ধ্ৰপ্ৰদেশৰ বাবে ৬০৮ কোটি, নাগালেণ্ডৰ বাবে ১৭০ কোটিৰো অধিক, ত্ৰিপুৰাৰ বাবে ২৮৮ কোটিৰো অধিক, ওড়িশাৰ বাবে ২৫৫ কোটি আৰু তেলেংগানাৰ বাবে ২৩১ কোটিৰো অধিক টকাত অনুমোদন দিয়া হৈছে। ৰাজ্য...

February 14, 2025 8:46 PM

views 68

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছৰ সৈতে ৩খন ফৌজদাৰী আইন সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহৰ পর্যালোচনা বৈঠক

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আজি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছৰ সৈতে নতুনকৈ কাৰ্যকৰী হোৱা তিনিখন ফৌজদাৰী আইন সন্দৰ্ভত নতুন দিল্লীত অনুষ্ঠিত এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। এই তিনিখন নতুন ফৌজদাৰী আইন হৈছে ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম। আৰক্ষী, কাৰাগাৰ, আদালত, বিচাৰ আৰু ফৰেন্সিক সন্দৰ্ভত মহাৰাষ্ট্ৰত এই তিনিওখন আইনৰ কাৰ্যকৰীকৰণ আৰু ইয়াৰ বৰ্তমান স্থিতি সন্দৰ্ভত এই পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকৰ সময়ছোৱাত শ্ৰীশ্বাহে ম...

February 14, 2025 8:19 PM

views 31

উত্তৰাখণ্ডত অনুষ্ঠিত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহৰ সামৰণি

উত্তৰাখণ্ডত অনুষ্ঠিত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহৰ আজি সামৰণি পৰে। হল্ডৱানীৰ আন্তঃৰাষ্ট্ৰীয় ক্রীড়া প্রকল্প চৌহদত আজি বিয়লি এই সমাৰোহৰ সামৰণী অনুষ্ঠানত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে লগতে মনসুখ মন্দাভিয়াই উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুস্কৰ সিং ধামিকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। গৃহমন্ত্ৰীগৰাকীয়ে সামৰণি অনুষ্ঠানত সমবেত লোকসকলক সম্বোধন কৰি কয়, যে দেৱভূমি বুলি কোৱা উত্তৰাখণ্ডত আয়োজিত ৰাষ্ট্ৰীয় ক্রীড়া...

February 11, 2025 2:29 PM

views 60

পণ্ডিত দিন দয়াল উপাধ্যায়ৰ মৃত্যু বার্ষিকীঃ গৃহমন্ত্ৰীকে ধৰি অন্যান্য নেতাসকলৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

সমগ্র দেশে আজি পণ্ডিত দিন দয়াল উপাধ্যায়ক তেওঁৰ মৃত্যু বার্ষিকীক শ্ৰদ্ধাৰে সুৱৰিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা কে ধৰি দলৰ আন আন নেতাসকলে নতুন দিল্লীৰ দলৰ মুখ্যকাৰ্যালয়ত পণ্ডিত দিনদয়াল উপাধ্যায়ৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ৰাজ্যৰ শিক্ষামন্ত্রী জাঃ ৰণোজ পেগুৱে দিনদয়াল উপাধ্যায়ক শ্ৰদ্ধাৰে সুঁৱৰি কয়, যে তেওঁ ৰাষ্ট্ৰ নিৰ্মাণত নিঃস্বাৰ্থ সেৱা আগবঢ়াই থৈ গৈছে। সমাজৰ পিছ পৰা শ্ৰেণী, তৃণমূল পৰ্যায়ৰ সংস্থাসমূহৰ উন্নয়নৰ জৰিয়তে সৰ্বাংগীন উন্নয়নৰ হ...

January 27, 2025 1:38 PM

views 56

মহাকুম্ভ মেলাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে প্ৰয়াগৰাজত উপস্থিত হ’ব গৃহমন্ত্রী অমিত শ্বাহ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে মহাকুম্ভ মেলাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আজি উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত উপস্থিত হ'ব। মন্ত্ৰী শ্ৰীশ্বাহে তাত গংগা, যমুনা আৰু সৰস্বতী নদীৰ ত্ৰিবেণী সংগমত পৱিত্ৰ স্নান কৰিব। তেওঁ তাত পুৰী আৰু দ্বাৰকাৰ শংকৰাচাৰ্য দুগৰাকীৰ লগতে বহু সাধু সন্তক লগ পোৱাৰ আশা কৰিছে।

January 24, 2025 12:59 PM

views 44

আজি মুম্বাইত ৰাষ্ট্ৰীয় নগৰ সমবায় বিত্ত আৰু উন্নয়ন নিগমৰ কাৰ্যালয় উদ্বোধন অমিত শ্বাহৰ

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে আজি মুম্বাইত ৰাষ্ট্ৰীয় নগৰ সমবায় বিত্ত আৰু উন্নয়ন নিগমৰ কাৰ্যালয় উদ্বোধন কৰিব। এই উপলক্ষে প্রধানন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘সেহকৰ সে সমৃদ্ধি লক্ষ্যক অধিক শক্তিশালী কৰাৰ বাবে সমবায় খণ্ডৰ কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ আৰম্ভ কৰিব। ইয়াৰ লগতে গৃহমন্ত্ৰী অমিত শ্বাহে আন্তঃৰাষ্ট্ৰীয় সমবায় বৰ্ষ, ২০২৫-ৰ বাৰ্ষিক কাৰ্যসূচীৰ কেলেণ্ডাৰো মুকলি কৰিব। নগৰীয়া সমবায় বেংকসমূহে ব্যৱসায়ত সন্মুখীন হোৱা বিভিন্ন সমস্যা সমাধানৰ বাবে চৰকাৰে এটা ৰাষ্ট্ৰীয় নগৰ সমবায় বিত্...

January 15, 2025 7:07 PM

views 26

গৃহমন্ত্রী অমিত শ্বাহে বৃহস্পতিবাৰে বিমানযাত্ৰীসকলৰ বাবে দ্ৰুত ইমিগ্ৰেছন আস্থাভাজন ভ্রমণ ব্যৱস্থা মুকলি কৰিব

আন্তর্জাতিক বিমানযাত্ৰীসকলৰ ইমিগ্ৰেশ্বন ব্যৱস্থা সূচল আৰু নিৰাপদ কৰাৰ উদ্দেশ্যে প্ৰৱৰ্তন কৰা দ্ৰুত ইমিগ্ৰেছন আস্থাভাজন ভ্রমণ ব্যৱস্থা কাইলৈ গৃহমন্ত্রী অমিত শ্বাহে মুম্বাই, চেন্নাই, কলকাতা, বাংগালুৰু, হায়দৰাবাদ, কোচিন আৰু আহমেদাবাদ বিমানবন্দৰত মুকলি কৰিব । গৃহ মন্ত্ৰ্যালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে, এই সুবিধা গ্ৰহণ কৰিবলৈ বিচৰা বিমান যাত্ৰীসকলে তেওঁলোকৰ আবেদন আৰু সংশ্লিষ্ট নথিপত্ৰ গৃহ মন্ত্ৰ্যালয়ৰ পোৰ্টেলত আপলোড কৰিব লাগিব। তেওঁলোকৰ বায়'মেট্রিক ডাটা সংশ্লিষ্ট বিমান বন্দৰৰ আঞ্চলিক বিদেশী পঞ্জীয়ন ...

January 5, 2025 10:49 AM

views 26

তামিলনাডুত সদগুৰু জাগচী বাসুদেৱক কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ সাক্ষাৎ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কালি তামিলনাডুত আধ্যাত্মিক গুৰু তথা ঈছা ফাউণ্ডেছনৰ প্ৰতিষ্ঠাপক সদগুৰু জাগচী বাসুদেৱক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত কেন্দ্রীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়, যে আধ্যাত্মিক গুৰুগৰাকীক সাক্ষাৎ‍ কৰি তেওঁ আনন্দ অনুভৱ কৰিছে। শ্ৰী সদগুৰুৱে ভাৰতীয় আধ্যাত্মিকতাৰ প্ৰচাৰৰ লগতে সমাজ সংস্কাৰৰ বাবে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে। সদগুৰু জাগচীবাসুদেৱেও কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীক লগ পাই আনন্দ অনুভৱ কৰা বুলি প্ৰকাশ কৰিছে। পৰিৱেশ সংৰক্ষণ আৰু জলবায়ু পৰিৱৰ্তনৰ...