March 13, 2025 3:09 PM

views 63

গান্ধী নগৰত ১৪৬ কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্রকল্প উদ্বোধন আৰু আধাৰশিলা গৃহমন্ত্রী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি তেওঁৰ সংসদীয় সমষ্টি গান্ধী নগৰত ১৪৬ কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। ভার্চুৱেল ব্যৱস্থাৰ জৰিয়তে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত ৰে'ল, স্থলপথ আৰু স্বাস্থ্য খণ্ডৰ প্ৰকল্পসমূহক সামৰি লোৱা হৈছে। অনুষ্ঠানত অংশগ্ৰহণ কৰি গৃহমন্ত্ৰীগৰাকীয়ে বিশেষকৈ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত দেশে লাভ কৰা উল্লেখনীয় অগ্ৰগতিৰ বিষয়ে উল্লেখ কৰে। স্বানন্দ অঞ্চলত নতুনকৈ এখন ৫০০ খন বিছনাযুক্ত চিকিৎসালয় আৰু গান্ধী নগৰত এখন নতুন অসামৰিক চিক...

March 13, 2025 11:06 AM

views 71

তিনিদিনীয়া ভ্রমণসূচীৰে কাইলৈ অসমত উপস্থিত হ’ব গৃহমন্ত্ৰী অমিত শ্বাহ

● কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহ তিনিদিনীয়া ভ্রমণসূচীৰে কাইলৈ অসমত উপস্থিত হ'ব। অসম ভ্ৰমণকালত শ্ৰীশ্বাহে নিখিল বড়ো ছাত্ৰ সন্থা এবছুৰ বাৰ্ষিক সন্মিলনসহ কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰিব। শ্ৰী শ্বাহে পৰহিলৈ ডেৰগাঁৱত লাচিত বৰফুকন পুলিচ একাডেমীৰ নৱনিৰ্মিত ভৱন মুকলি কৰিব। পাছত তেওঁ ডেৰগাঁৱৰ পৰা মিজোৰামলৈ যাব। তাত মন্ত্ৰীগৰাকীয়ে দেশৰ আটাইতকৈ পুৰণি অৰ্ধসামৰিক বাহিনী আছাম ৰাইফলছৰ ঘাটি আইজলৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ নিলগৰ জোখাওছঙলৈ স্থানান্তৰিত কৰা অনুষ্ঠানত ভাগ ল'ব। যোৱা বছৰৰ ২৩ অক্টোবৰত নতুন দিল্লী...

March 10, 2025 12:17 PM

views 42

অহা ১৫ মাৰ্চত দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমী আনুষ্ঠানিকভাৱে উদ্বোধন

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে অহা ১৫ মাৰ্চত দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমী আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। গৃহমন্ত্ৰীগৰাকীৰ আগমনক কেন্দ্ৰ কৰি প্ৰতিষ্ঠানটোত ব্যাপক প্রস্তুতি চলিছে। আৰক্ষীৰ শীর্ষ বিষয়াসকলে অনুষ্ঠানৰ প্ৰস্তুতিৰ সকলো দিশ চোৱাচিতা কৰাৰ লগতে সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। উল্লেখযোগ্য যে অসম আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়, সশস্ত্র আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ, আৰক্ষী প্ৰশিক্ষণ বিদ্যালয় আৰু বেটেলীয়ন প্রশিক্ষণ কেন্দ্ৰ সামৰি পুলিচ একাডেমী গঠন কৰা হৈছে । ত...

March 9, 2025 8:02 PM

views 35

দেশৰ গাড়ীচালকসকলৰ বাবে এটা সমবায় সংগঠন মুকলি কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা পৰিকল্পনাৰ বিষয়ে কেন্দ্রীয় সমবায় মন্ত্রী অমিত শ্বাহৰ ঘোষণা

কেন্দ্রীয় গৃহ তথা সমবায় মন্ত্রী অমিত শ্বাহে আজি দেশৰ গাড়ীচালকসকলৰ বাবে এটা সমবায় সংগঠন মুকলি কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা পৰিকল্পনাৰ বিষয়ে ঘোষণা কৰিছে। আহমেদাবাদৰ জেটালপুৰত আহমেদাবাদ জিলাৰ জিলা সমবায় বেংকৰ শতবার্ষিকী উদযাপন অনুষ্ঠানৰ সামৰণি সমাৰোহত মন্ত্ৰীগৰাকীয়ে ভাষণ দিয়ে। তেওঁ কয় যে চৰকাৰে কৃষি তথা দুগ্ধ উৎপাদন খণ্ডৰ উন্নয়ন ত্বৰান্বিত কৰাৰ লক্ষ্যৰে পৰৱৰ্ত্তী পাঁচ বছৰত সমবায় আন্দোলনৰ সৈতে ২ লাখ সেৱা সমবায় সমিতি তথা গুৰুত্বপূৰ্ণ দুগ্ধ উৎপাদন গোটক সংযুক্ত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে। গুজৰাট ভ...

March 9, 2025 12:06 PM

views 42

কোকৰাঝাৰৰ চহৰৰ বডোফা সাংস্কৃতিক প্রকল্পত আয়োজিত অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী অশোক সিংহলৰ অংশগ্ৰহণ

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী অশোক সিংহলে কালি কোকৰাঝাৰৰ চহৰৰ বডোফা সাংস্কৃতিক প্রকল্পত আয়োজিত এটা অনুষ্ঠানত ৫৯০ গৰাকী প্রাক্তন উগ্ৰপন্থী সদস্যলৈ ৪ লাখ টকাকৈ ম্যাদি জমাৰ প্ৰমাণ পত্ৰ বিতৰণ কৰে। অনুষ্ঠানত বিটিআবৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে এন ডি এফ বিব প্রাক্তন সদস্যসকলক সাহায্যৰ প্ৰমাণপত্ৰ প্ৰদানৰ শুভাৰম্ভ কৰে। বিটিআৰ শান্তিচুক্তি মৰ্মে সশস্ত্ৰ সংগ্ৰামৰ পৰা মূল সুঁতিলৈ ঘূৰি অহা এন ডি এফ বিব প্রাক্তন সদস্যসকলৰ পুনৰ সংস্থাপন প্ৰক্ৰিয়াৰ অংশস্বৰূপে ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক পৰিক...

March 7, 2025 7:45 PM

views 75

কেন্দ্ৰীয় চৰকাৰে ২০১৯ বৰ্ষৰ পৰাই চি আই এছ এফৰ প্ৰতিষ্ঠা দিৱস দেশৰ বিভিন্ন স্থানত উদযাপন কৰাৰ সিদ্ধান্ত লৈছেঃ গৃহমন্ত্ৰী

কেন্দ্ৰীয় চৰকাৰে ২০১৯ বৰ্ষৰ পৰাই চি আই এছ এফৰ প্ৰতিষ্ঠা দিৱস দেশৰ বিভিন্ন স্থানত উদযাপন কৰাৰ সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰি শ্ৰী শ্বাহে আজিৰ অনুষ্ঠানত ২২ গৰাকী সাহসী সৈনিকক পদক প্রদান কৰিবলৈ সুযোগ পোৱাটো তেওঁৰ বাবে সন্মানজনক বুলি মত প্ৰকাশ কৰে। চি আই এছ এফৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আয়োজন কৰা উপকূলীয় চাইক্ল’থনৰ জৰিয়তে দেশৰ সুৰক্ষাৰ বাবে প্ৰতিষ্ঠানটোৱে আগবঢ়াই অহা সেৱা সন্দৰ্ভত গ্রামাঞ্চলত বাস কৰি থকা লোকসকলক সজাগ কৰি তোলাৰ ব্যৱস্থা কৰা হৈছে বুলিও তেওঁ প্ৰকাশ কৰে। দেশৰ বিভিন্ন স্থানত ৰে...

March 7, 2025 7:20 PM

views 52

আঞ্চলিক ভাষাসমূহৰ প্ৰসাৰৰ হকে প্রধানমন্ত্ৰী মোদীৰ নেতৃত্বৰ চৰকাৰে প্ৰকাশ কৰি অহা দায়বদ্ধতাৰ কথা উল্লেখ গৃহমন্ত্ৰী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে তামিল ভাষাকে ধৰি আঞ্চলিক ভাষাসমূহৰ প্ৰসাৰৰ হকে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ চৰকাৰখনে প্ৰকাশ কৰি অহা দায়বদ্ধতাৰ বিষয়ে পুনৰ উল্লেখ কৰিছে। থক্কোলামত আজি কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী, চি আই এছ এফৰ ৫৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি তেওঁ এই কথা প্ৰকাশ কৰে। গৃহমন্ত্ৰীগৰাকীয়ে চিকিৎসা সেৱাৰ পাঠ্যক্ৰমত তামিল ভাষাৰ অন্তৰ্ভুক্তিৰ বাবে দুবছৰ ধৰি দাবী উত্থাপিত হৈ অহা সত্ত্বেও এই ব্যৱস্থা আৰম্ভ নকৰা বাবে তামিলনাডুৰ মুখ্যমন্ত্রী এম কে...

March 2, 2025 11:39 AM

views 37

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ মণিপুৰৰ নিৰাপত্তা পৰিস্থিতিৰ পৰ্যালোচনা

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কালি নতুন দিল্লীত অনুষ্ঠিত এখন বৈঠকত মণিপুৰৰ নিৰাপত্তা পৰিস্থিতিৰ পৰ্যালোচনা কৰে। শ্ৰী শ্বাহে সংশ্লিষ্ট কৰ্তৃপক্ষক অহা ৮ মাৰ্চৰ পৰা ৰাজ্যখনৰ সকলো বাট-পথতে যাতে জনসাধাৰণে মুক্তভাৱে চলাফুৰা কৰিব পাৰে সেইটো নিশ্চিত কৰাৰ নিৰ্দেশ দিছে। মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত শ্ৰী শ্বাহে বাট-পথত অসুবিধাৰ সৃষ্টি কৰা লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰো নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে মণিপুৰৰ আন্তঃৰাষ্ট্ৰীয় সীমাৰ লগতে নিৰ্দিষ্ট প্ৰৱেশ পথৰ দুয...

February 26, 2025 8:39 PM

views 33

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে মধ্যবিত্ত শ্ৰেণী, কৃষক আৰু অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া কোম্পানীসমূহৰ বাবে লাভজনক বাজেট উত্থাপন কৰা বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ দাবী

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে মধ্যবিত্ত শ্ৰেণী, কৃষক আৰু অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া কোম্পানীসমূহৰ বাবে লাভজনক বাজেট উত্থাপন কৰা বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে দাবী কৰিছে। কয়ম্বটুৰত আজি বিজেপিৰ কাৰ্যালয় মুকলি কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে জনসাধাৰণৰ আস্থাৰ বাবেই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এইবাৰ তৃতীয়বাৰৰ বাবে ক্ষমতাত অধিস্থিত হৈছে। ওড়িশা, অন্ধ্ৰপ্ৰদেশ, দিল্লী, হাৰিয়ানা আৰু মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ কথা উল্লেখ কৰি তেওঁ কয়, যে ৰাজ্যকেইখনৰ ...

February 26, 2025 12:15 PM

views 52

কেন্দ্ৰীয় সমবায় মন্ত্রী অমিত শ্বাহৰ নতুন দিল্লীত থলুৱা আৰু মিঠা বীজ সন্দৰ্ভত পর্যালোচনা বৈঠক

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে কালি নতুন দিল্লীত ভাৰতীয় বীজ সহকাৰী সমিতি লিমিটেড চমুকৈ বি বি এছ এছ এলৰ থলুৱা আৰু মিঠা বীজ সন্দৰ্ভত এখন পর্যালোচনা বৈঠকত অংশগ্রহণ কৰে। বৈঠকত শ্ৰীশ্বাহে কয় যে থলুৱা বীজৰ সংৰক্ষণ আৰু প্ৰসাৰৰ হকে বি বি এছ এছ এলে অবিৰতভাৱে কাম কৰি আছে। তেওঁ দেশৰ বিভিন্ন অঞ্চলৰ পৰা কেতবোৰ বছা বছা থলুৱা বীজৰ জৈৱিক উৎপাদন কৰি চলিত খাৰিফ বৰ্ষৰ পৰাই বজাৰত সেইসমূহৰ উপলব্ধতা সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। বৈঠকত শ্ৰীশ্বাহে দেশৰ ভিন্ন প্ৰান্তৰ থলুৱা ফল-মূল, শাক-পাচলি আৰু খাদ্য...