কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আজি ৰাজস্থানৰ কোটপুতলী-বেহৰৰ জিলাৰ পাওতাত এটা ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰে। তেওঁ বাবড়িৰ তপোস্থলীৰ যোগী বাব বালনাথে আয়োজন কৰা ১০৮ বছৰীয়া কুণ্ডিয়া ৰুদ্ৰ মহা মৃত্যুঞ্জয় মহাযজ্ঞত অংশগ্ৰহণ কৰে। শ্ৰীশ্বাহে সনাতন ধর্ম সন্মিলনত অংশগ্ৰহণ কৰি জনসাধাৰণক উদ্দেশ্যি ভাষণ দিয়ে। তেওঁ কয়, যে বাবা বালনাথে জনসাধাৰণৰ কল্যাণ, পশু-পক্ষীৰ সেৱা, পৰিৱেশ ৰক্ষা আৰু সামাজিক সম্প্ৰীতিৰ বাবে কাম কৰিছিল আৰু তেওঁৰ অনুগামীসকলে এই কাৰ্য্যক আগুৱাই নিছে। শ্রীশ্বাহে কয়, যে নাথ সম্প্রদায়ে সনাতন ধর্ম শক্তিশালী কৰাৰ বাবে কাম কৰি আহিছে। পৰম্পৰা আৰু আধ্যাত্মিকতাৰ এই ধৰ্মীয় উৎসৱ উদযাপনৰ বাবে ৰাজস্থানকে ধৰি বিভিন্ন প্ৰান্তৰ পৰা ভক্তিপ্ৰাণ ৰাইজৰ আগমণ হৈছিল। ৰাজস্থানৰ মুখ্যমন্ত্রী ভজনলাল শর্মাই সমাৱেশত ভাষণ দিয়ে। কেন্দ্ৰীয় মন্ত্রী ভূপেন্দ্ৰ যাদৱ, জয়পুৰ গ্ৰামীণ ক্ষেত্ৰৰ সাংসদ ৰাও ৰাজেন্দ্ৰ আৰু কেইবাগৰাকীও বিধায়কে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে।
Assamese | April 6, 2025 8:48 PM | Amit Shah
নাথ সম্প্রদায়ে সনাতন ধর্ম শক্তিশালী কৰাৰ বাবে কাম কৰি আহিছেঃ অমিত শ্বাহ