স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী অশোক সিংহলে কালি কোকৰাঝাৰৰ চহৰৰ বডোফা সাংস্কৃতিক প্রকল্পত আয়োজিত এটা অনুষ্ঠানত ৫৯০ গৰাকী প্রাক্তন উগ্ৰপন্থী সদস্যলৈ ৪ লাখ টকাকৈ ম্যাদি জমাৰ প্ৰমাণ পত্ৰ বিতৰণ কৰে। অনুষ্ঠানত বিটিআবৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে এন ডি এফ বিব প্রাক্তন সদস্যসকলক সাহায্যৰ প্ৰমাণপত্ৰ প্ৰদানৰ শুভাৰম্ভ কৰে। বিটিআৰ শান্তিচুক্তি মৰ্মে সশস্ত্ৰ সংগ্ৰামৰ পৰা মূল সুঁতিলৈ ঘূৰি অহা এন ডি এফ বিব প্রাক্তন সদস্যসকলৰ পুনৰ সংস্থাপন প্ৰক্ৰিয়াৰ অংশস্বৰূপে ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত এই পদক্ষেপ গ্ৰহণ কৰা হয়। এই অনুষ্ঠানত অসম আৰক্ষীৰ বিশেষ শাখাৰ অতিৰিক্ত সঞ্চালক প্রধান হীবেণ নাথ, বড়োলেণ্ড কল্যাণ বিভাগৰ মন্ত্ৰী ইউ জি ব্ৰহ্ম, বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়ো, অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্রধান আৰু গৃহ বিভাগৰ সচিবো উপস্থিত থাকে৷
Assamese | March 9, 2025 12:06 PM | Amit Shah
কোকৰাঝাৰৰ চহৰৰ বডোফা সাংস্কৃতিক প্রকল্পত আয়োজিত অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী অশোক সিংহলৰ অংশগ্ৰহণ